
যমুনা-আৰতি কৰিয়েই মুখ্যমন্ত্ৰীৰ চকীত বহিল ৰেখা
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ ফেব্ৰুৱাৰীঃ যি যমুনা নদীৰ পানীত হাৰিয়ানাই বিহ মিলাইছে বুলি অৰবিন্দ কেজৰিৱালে দিল্লী নিৰ্বাচনৰ প্ৰচাৰত ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল, সেই যমুনাৰ তীৰত আৰতি কৰি শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা৷ শুকুৰবাৰে পুৱাই ৰেখা গুপ্তাই যমুনাৰ বসুদেৱ ঘাটত আৰতি কৰে আৰু তাৰ পৰা তেওঁ পোনে পোনে সচিবালয়লৈ গৈ প্ৰথমখন কেবিনেট বৈঠকত ভাগ লয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্যৰ পৰিপ্ৰেক্ষিতত ৰেখা গুপ্তাৰ এই আৰতি বেছ প্ৰতীকি বুলিয়েই চৰ্চা হৈছে৷ আনহাতে দিল্লীৰ নিৰ্বাচনত যমুনা নদীৰ প্ৰদূষণ এক ডাঙৰ ‘ইছ্যু’ হৈ পৰিছিল৷ যমুনাৰ প্ৰদূষণক লৈ আপ আৰু বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত পৰস্পৰক দোষাৰোপ কৰিছিল৷ অৰবিন্দ কেজৰিৱালে অভিযোগ কৰি কৈছিল যে, দিল্লীৰ পানী যোগান ব্যাহত কৰাৰ বাবে বিজেপিশাসিত হাৰিয়ানাই যমুনাৰ পানীত বিহ মিলাইছে৷
দিল্লী চৰকাৰৰ বিষয়াই তাৎক্ষণিক পদক্ষেপ লৈ দিল্লীবাসীক গভীৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে৷ তাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে যমুনাৰ পানী তেওঁ পান কৰে বুলি কেজৰিৱালক প্ৰত্যাক্ৰমণ কৰিছিল৷ আনকি দিল্লীৰ বিজয়ৰ পাছত নৰেন্দ্ৰ মোদীৰ অভিনন্দনসূচক বক্তব্যত যমুনাৰ পানীৰ প্ৰসংগই গুৰুত্বপূৰ্ণ স্থান পাইছিল৷ অনস্বীকাৰ্য যে, যমুনা নদীৰ পানী অতি দূষিত৷ নদীৰ তীৰত থকা শ্মশানৰ পৰা অন্তে্যষ্টিক্ৰিয়াৰ অবশিষ্ট উটুৱাই দিয়া, হাজাৰ-হাজাৰ লোকে যমুনাৰ পানীত নামি কাপোৰ ধোৱা, উটুৱাই দিয়া গো-মহৰ বিষ্ঠা ইত্যাদিৰে খালী চকুৰে দেখা পোৱাতে এই নদীৰ পানী প্ৰদূষিত৷ এনে পৰিস্থিতিত দিল্লীৰ বিজেপি চৰকাৰে কিদৰে যমুনাক দূষনমুক্ত কৰে সেয়া লক্ষণীয় হ’ব৷ স্বাভাৱিকতে নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ যমুনা আৰতিয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে৷