Logo
image

‘দিল্লী মডেল’ লৈ অসমত মোহন ভাগৱত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ফেব্ৰুৱাৰীঃ  দিল্লীৰ পাছত এইবাৰ আৰ এছ এছৰ লক্ষ্য অসম৷ সেয়ে এদিন বা দুদিনৰ বাবে নহয়, সুদীৰ্ঘ পাঁচদিনৰ বাবে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত অসমলৈ আহিছে৷ বৃহস্পতিবাৰে আবেলি গুৱাহাটীত উপস্থিত হোৱা আৰ এছ এছৰ মুৰব্বীজনে ২৬ ফেব্ৰুৱাৰীৰ পুৱা অৰুণাচললৈ যাব৷ এক সূত্ৰৰ মতে মোহন ভাগৱতৰ এই ভ্ৰমণৰ মূল লক্ষ্যই হ’ল অসম বিধানসভাৰ আগন্তুক নিৰ্বাচন৷ বিজেপি দল আৰু চৰকাৰৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে দিল্লীৰ দৰে অসমতো ২০২৬ৰ নিৰ্বাচনত  হাতে কামে লাগিব বিচাৰিছে আৰ এছ এছ৷ উল্লেখ্য যে বিজেপিৰ দিল্লী দখলত দলৰ যিমান ভূমিকা আছে, আৰ এছ এছৰ কৃতিত্বও কম নহয়৷ ১০টা নিৰ্দিষ্ট বিষয় লৈ আৰ এছ এছে বিগত কেইবছৰত দিল্লীত ৫০ হাজাৰখন সৰু সৰু বৈঠক কৰিছিল, য’ত অংশগ্ৰহণকাৰীৰ সংখ্যা নগণ্য আছিল যদিও আৰ এছ এছে তেওঁলোকৰ বিষয়সমূহ বৈঠকত ভাগ লোৱা সকলোৰে হূদয়ত প্ৰৱেশ কৰাবলৈ সক্ষম হৈছিল৷ আৰ এছ এছৰ বৈঠকৰ বিষয় আছিল নিষ্কাষণ ব্যৱস্থা, স্বচ্ছ খোৱাপানী, স্বাস্থ্য, মহিলাৰ সুৰক্ষা, পথৰ উন্নয়ন, যমুনা নদীৰ পৰিষ্কাৰকৰণ, বায়ু প্ৰদূষণ, অনুপ্ৰৱেশকাৰীৰ সমস্যা, শৌচালয়ৰ ব্যৱস্থা আৰু কৰ্মসংস্থাপন৷ এই ১০টা বিষয় লৈ আৰ এছ এছে দিল্লীত কৰা ৫০ হাজাৰখন সৰু বৈঠকে বিজেপিৰ ডাঙৰ ফল প্ৰদান কৰিলে৷


নতুন দিল্লীৰ অভিজ্ঞতা এইবাৰ অসমত প্ৰয়োগ কৰি বিজেপিক তৃতীয়বাৰৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ বাবে আগবাঢ়ি আহিছে আৰ এছ এছ৷ কাৰণ বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকৰ মাজত ইতিমধ্যে ক্ষোভ আৰু অসন্তোষ গা কৰি উঠাৰ বিষয়টোৱে আৰ এছ এছক যথেষ্ট শংকিত কৰি তুলিছে৷ আৰ এছ এছে যাৰ বাবে দিল্লী মডেল অসমতো কাৰ্যকৰী কৰিব বিচাৰিছে ২০২৬ ৰ নিৰ্বাচনত৷ সেয়ে মোহন ভাগৱতৰ এই অসম ভ্ৰমণ বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ দৃষ্টিকোনৰ পৰা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ গুৱাহাটীত থকাৰ সময়ছোৱাত আৰ এছ এছৰ মুৰব্বীজনে স্বয়ংসেৱক সকলৰ সৈতে অসমক লৈ বিস্তৃতভাৱে মত বিনিময় কৰিব৷ ভাগৱত গুৱাহাটীৰ পৰা উভতি যোৱাৰ পাছতে নাগপুৰত চূড়ান্ত হ’ব ২০২৬ ৰ নিৰ্বাচনৰ ৰোডমেপ৷ আৰু এই ৰোডমেপ মতে নিৰ্বাচনী যুঁজত আগবাঢ়িব বিজেপি দল৷ অৱশ্যে আৰ এছ এছ আৰু বিজেপি দল পৃথকে পৃথকে নিজৰ উদ্দেশ্যত আগবাঢ়ি যাব যাতে সৰ্ব সাধাৰণ ভোটাৰৰ মাজত কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয়৷ দিল্লী মডেলক অসমতো কিদৰে কাৰ্যকৰী ৰূপ দিব পাৰি সেই বিষয়ে স্বয়ংসেৱক সকলৰ সৈতে মত বিনিময় কৰিব আৰ এছ এছৰ মুৰব্বীজনে৷ সূত্ৰটোৰ মতে দিল্লীৰ দৰে অসমৰো এনে কিছুমান বিষয় বাচি লোৱা হ’ব যিসমূহ বিষয়ক লৈ অসমৰ ভোটাৰৰ আবেগ জড়িত হৈ আছে৷ আৰু এই আবেগকে মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ২৬ ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰণ কৌশল গ্ৰহণ কৰিব বিজেপি দলে৷ প্ৰদেশ বিজেপিৰ সভাপতি পদত এজন স্বয়ংসেৱক বহুৱাৰ আৰতো আছে আৰ এছ এছৰ অন্যতম ভূমিকা৷