Logo
image

পৰিয়ালসহ মুখ্যমন্ত্ৰীৰ কুম্ভস্নান

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ ফেব্ৰুৱাৰীঃ  অসম বিধানসভাৰ চলি থকা বাজেট অধিৱেশন আৰু বৃহস্পতিবাৰে নগাঁও জিলাৰ ৰূপহীহাট বজাৰত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক একাংশ দুৰ্বৃত্তই বৰ্বৰভাৱে কৰা আক্ৰমণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতেই শুকুৰবাৰে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ গৈ পৱিত্ৰ গংগা নদীত পৰিয়ালসহ কুম্ভস্নান কৰে৷ জানিব পৰামতে কুম্ভস্নান উপলক্ষে বৃহস্পতিবাৰে নিশাই বিমানযোগে পৰিয়ালসহ মুখ্যমন্ত্ৰী গুৱাহাটীৰ পৰা নতুন দিল্লীলৈ ৰাওনা হৈছিল৷ তাৰ পাছত শুকুৰবাৰে পুৱাই নতুন দিল্লীৰ পৰা বিমানযোগে কুম্ভমেলালৈ যায়৷ তাত পৰিয়ালসহ কুম্ভস্নান কৰি পুনৰ নতুন দিল্লী হৈ সন্ধিয়া গুৱাহাটীলৈ পৰিয়ালসহ উভতি আহে মুখ্যমন্ত্ৰীগৰাকী৷


ইফালে প্ৰয়াগৰাজত কুম্ভস্নান কৰাৰ পাছত তাত উপস্থিত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– আজি ত্ৰিবেণী সংগমত স্নানৰ অভিজ্ঞতাক শব্দৰে বৰ্ণনা কৰিবলৈ অপাৰগ৷ ত্ৰিবেণী সংগম কেৱল নদীৰ সংগম নহয়৷ ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এক সমন্বয়৷ এনে এটি পৱিত্ৰ স্নানত অসমৰ ৰাইজৰ মুখ সমৃদ্ধি আৰু শান্তিৰ কামনাৰে প্ৰাৰ্থনা জনাবলৈ পাই নিজকে ধন্য মানিছোঁ৷ একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশ চৰকাৰে এনে এক বৃহৎ অনুষ্ঠান সূচাৰুৰূপে সম্পন্ন কৰা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্গ দৰ্শন কৰা কাৰ্যকো আদৰণি জনাইছোঁ৷