Logo
image

বজাৰত জুই, সকলো আছে শুই

আমাৰ অসম, ৯ এপ্ৰিলঃ কিছুদিন আগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ এই কাৰ্যসূচীত তেওঁলোকে ব্যৱহাৰ কৰা বেনাৰ, প্লেকাৰ্ড আৰু শ্লোগানত আন আন বিষয়ৰ লগতে এইদৰেও কৈছিল– ‘বজাৰত লাগিছে জুই, ফণীভূষণ আছে শুই’৷ ইয়াৰ জৰিয়তে আছুৱে এই কথাই কৈছিল যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক জোলোকা-জোলোকে পানী খুওৱাৰ সময়তো ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী নীৰৱ, নিৰ্লিপ্ত, নিৰ্বিকাৰ, নিৰুদ্বেগ হৈ আছে৷ এই কথা ইতিমধ্যে প্ৰমাণ হৈছে যে যোগান মন্ত্ৰী চৌধুৰীৰ কথা যোগান বিভাগৰ আমোলা-বিষয়াসকলে নুশুনে৷ এতিয়া পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে৷ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে৷ আন আন প্ৰাৰ্থীৰ লগতে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ভাগ্যও বন্দী হৈছে ইভিএমত৷ বঙাইগাঁও সমষ্টিৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে ১৯৮৫ চনৰ পৰা একেৰাহে সাতবাৰ বিধানসভাত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে এইবাৰ একেৰাহে অষ্টমবাৰৰ বাবে চৌধুৰী বিজয়ী হয়নে নহয় সেয়া ২ মে’তহে জানিব পৰা যাব৷ যোগান মন্ত্ৰী চৌধুৰী এনেয়ো নিৰ্বিকাৰ, তাতে এতিয়া পৰিস্থিতি সুকীয়া৷ এইবাৰ তেওঁ জয়ী হয়নে নহয়, জয়ী হ’লেও তেওঁ মন্ত্ৰী হয়নে নহয়, মন্ত্ৰী হ’লেও তেওঁ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী হয়নে নহয়– এই কথাবোৰ এতিয়া নিশ্চিত নহয়৷ নিজৰ ৰাজনৈতিক ভাগ্য যিহেতু নিশ্চিত নহয়েই, গতিকে এতিয়া ৰাইজৰ কথা ভবাৰ দৰকাৰ কি? সেইবাবেই হয়তো যোগান মন্ত্ৰী চৌধুৰী শুই আছে– বজাৰত জুই লগাৰ সময়তো৷ অৱশ্যে এতিয়া কেৱল যোগান মন্ত্ৰী চৌধুৰীয়েই শুই থকা নাই– শুই আছে যোগান বিভাগৰ আমোলা-বিষয়াসকল, শুই আছে সমগ্ৰ প্ৰশাসন যন্ত্ৰ, শুই আছে অসম চৰকাৰ৷ বিৰোধী পক্ষত থকাৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আন্দোলন কৰা আৰু ৰাইজৰ দুখনত ঘঁৰিয়ালৰ চকুপানী টোকা নেতাসকলো এতিয়া শুই আছে৷ জাগি থাকিবলগীয়া দায়িত্বশীল লোকসকল শুই থকাৰ বাবে ৰাইজে চকুৰে সৰিয়হ ফুল দেখিছে৷ নেতাৰ নিদ্ৰাই কাৰ্যতঃ নিদ্ৰাহৰণ কৰিছে সাধাৰণ জনতাৰ৷ কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? যোগান বিভাগৰ অসাধু বিষয়া-আমোলাক নাকী লগাব কোনে? সুযোগসন্ধানী অসাধু ব্যৱসায়ীক নিয়ন্ত্ৰণ কৰিব কোনে? এই প্ৰশ্নসমূহৰ উত্তৰ দিব কোনে? কাক ক’ম কোনে পতিয়াব, যাক ক’ম সিয়ে লঠিয়াব– এই অৱস্থা এতিয়া সাধাৰণ ৰাইজৰ৷ সৰ্বসাধাৰণ লোকৰ অসহায় অৱস্থাৰ মাজতে ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য৷  অত্যধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ মূৰত ৰামটাঙোন শোধাইছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণৰ জীৱন দূৰ্বিসহ কৰি তুলিছে৷ বজাৰত এতিয়া শাক-পাচলিৰ জুই চাই দাম৷ জিকা, পটল, ফুলকবি, তিয়ঁহ, বিট ইত্যাদিৰ দাম ঠাই ভেদে ভিন্ন৷ প্ৰতি কেজিত ক’ৰবাত ৬০-৭০ টকা, ক’ৰবাত ১০০ টকা৷ ভেন্দিৰ দাম প্ৰতিকেজিত ৭০-৮০ টকা৷ দহ টকীয়া ৰঙালাউৰ মূল্য এতিয়া ৪০টকা৷ অন্যান্য পাচলিৰ দামো দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে৷ ব্ৰইলাৰ মূৰ্গীৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে৷ পাইকাৰী বেপাৰীয়ে ইয়াৰ কাৰণ হিচাপে চাহিদাৰ তুলনাত উৎপাদন আৰু যোগান কম বুলি যুক্তি দিছে৷ এই যুক্তিৰ যুক্তিযুক্ততাৰ প্ৰমাণ চোৱাৰ আহৰি নাই যোগান বিভাগৰ৷ ছাগলী মাংসৰ দামো প্ৰতি কেজিত ৫০ টকাকৈ বৃদ্ধি পাইছে৷ কণীৰ মূল্য প্ৰায় প্ৰতিদিনে বৃদ্ধি পোৱা বুলি জানিবলৈ দিছে পাইকাৰী বিক্ৰেতা নেচাৰ আহমেদে৷ দুদিন পূৰ্বে প্ৰতি প্লেট কণীৰ মূল্য ১৪৫-১৫০ টকা আছিল৷ বৃহস্পতিবাৰে প্ৰতি প্লেট কণীৰ মূল্য ১৫৫ টকা হৈছে৷ গুৱাহাটী মহানগৰীৰ বেলতলা বজাৰকে ধৰি কেইবাখনো বজাৰত লেচীয়ে গুণ্ডাকৰ সংগ্ৰহ কৰা বুলি পাইকাৰী বিক্ৰেতাসকলে অভিযোগ কৰিছে৷ গুৱাহাটী পৌৰ নিগমৰ অকৰ্মণ্যতাৰ সুযোগ লৈ ব্যৱসায়ীৰ পৰা ২০ টকাৰ ঠাইত ২০০ টকা পৰ্যন্ত কৰ সংগ্ৰহ কৰিছে লেচীয়ে৷ লেচীয়ে অতিৰিক্তভাৱে লোৱা ধন গ্ৰাহকৰ পৰা আদায় কৰিছে ব্যৱসায়ীয়ে৷ গ্ৰাহক হৈ পৰিছে পণবন্দীৰ দৰে৷ ৰাইজে কান্দিছে৷ ৰজাঘৰে নিৰাপদ দূৰত্বৰ পৰা ৰং চাইছে...৷