Logo
image

দৃষ্টিহীনক দৃষ্টিদান কৰিব ইলন মাস্কে

নতুন দিল্লী, ৪ জুনঃ  দৃষ্টিহীনক দৃষ্টিদান কৰিব ইলন মাস্কে৷ এই অসম্ভৱপ্ৰায় কাৰ্য সম্ভৱ কৰিবলৈ ওলাইছে ইলন মাস্কে৷ সকলো ঠিকে ঠাকে থাকিলে অহা বছৰৰ ভিতৰত এই অসাধ্য সাধন সম্ভৱ কৰিব পৰা যাব বুলি দাবী কৰিছে ‘টেছলা’ আৰু ‘স্পেচ এক্স’ৰ স্বত্বাধিকাৰী ইলন মাস্কে৷ তেওঁ ঘোষণা কৰা মতে অচিৰেই দৃষ্টিহীনক দৃষ্টিদান কৰাৰ উদ্দেশ্যে মানৱ শৰীৰত প্ৰথমবাৰৰ বাবে এটা নতুন ব্ৰেইন চিপ ব্যৱহাৰ কৰা হ’ব৷ সেই অনুসৰি চলিত বছৰৰ শেষৰ পিনে মাস্কৰ আন এটা প্ৰযুক্তি প্ৰতিষ্ঠান নিউৰ’লিংকে প্ৰথমবাৰৰ বাবে মানৱ দেহত তেওঁলোকৰ নতুন ব্ৰেইন চিপ ‘ব্লাইণ্ডছাইট’ স্থাপনৰ পৰিকল্পনা চলিছে৷ উল্লেখ্য যে  মাস্কৰ অন্যান্য কোম্পানী সমূহ যেনে টেছলা বা স্পেচ এক্সৰ দৰে নিউৰ’লিংক নামৰ প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে স্বীকৃতি পোৱা নাই যদিও প্ৰতিষ্ঠানটোৱে নীৰৱে ব্ৰেইন চিপৰ বাবে কাম কৰি আছে৷ নিউৰ’লিংকে ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন প্ৰাণীৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলোৱাৰ লগতে ২০২৪ চনৰ পৰা ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে৷


ইলন মাস্কে উল্লেখ কৰা মতে ব্লাইণ্ডছাইট হৈছে এনে এটি নিউৰ’লিংক চিপ, যিটোৱে সম্পূৰ্ণৰূপে দৃষ্টিহীন লোক এজনক দৃষ্টিশক্তি দান কৰিব পাৰিব৷ এই সন্দৰ্ভত ইতিমধ্যে বান্দৰৰ ওপৰত কৰা পৰীক্ষা সফল হোৱা বুলিও তেওঁ দাবী কৰিছে৷ এনেক্ষেত্ৰত অচিৰেই মানৱ দেহত প্ৰথমটো নিউৰ’লিংক চিপ বহুওৱা হ’ব৷ যাৰ ফলত এজন অন্ধ ব্যক্তিয়ে সম্পূৰ্ণ দৃষ্টি লাভ কৰিব বুলি তেওঁ আশাবাদী৷ প্ৰথম অৱস্থাত এই চিপটো কম ৰিজ’লিউছনৰ হ’ব৷ পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ইয়াক বহুলভাৱে ব্যৱহাৰযোগ্য কৰা হ’ব৷ মাস্কৰ এই পদক্ষেপ সফল হ’লে ইয়াৰ জৰিয়তে দৃষ্টিহীনে দৃষ্টি ঘুৰাই পোৱাই নহয়, চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো ই হ’ব এক যুগান্তকাৰী ঘটনা৷