
ভাল চিন্তা আৰু ভাল কামৰ অধিকাৰী হ'ব লাগিলে প্ৰথমে সদাই স্বাস্থ্যৰ যত্ন লৱ লাগিব
'আমাৰ অসম'ৰ শুৱালকুছিৰ প্ৰতিবেদক, ১৪ জুনঃ হাজো আৰু শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বঙালপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আজি গেট হস্পিতালৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ এটাৰ আয়োজন কৰে। উল্লেখযোগ্য যে বানাক্ৰান্ত অঞ্চলটোৰ বিপদৰ সময়ত গেট হস্পিতালে বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰি অঞ্চলটোলৈ সকাহ প্ৰদান কৰিছে বুলি মন্তব্য কৰে অঞ্চল বাসীয়ে। আনহাতে মানৱ দৰদী চিকিৎসক বিশিষ্ট সমাজকৰ্মী ডাঃ বেদব্ৰত পাঠকে উদ্ধোধন কৰা চিকিৎসা শিবিৰটো প্ৰায় তিনিশৰো অধিক লোকে চিকিৎসাৰ লগতে বিনামূলীয়াকৈ ঔষধ লাভ কৰে।
উল্লেখ্য যে চিকিৎসা শিবিৰটো উদ্ধোধন কৰি ডাঃ বেদব্ৰত পাঠকে অঞ্চলটোত সঘনে হৈ থকা বেমাৰ ৰোধৰ সজাগতাৰ ওপৰত বক্তব্য প্ৰদান কৰে। লগতে গেট হস্পিতালে সদায়েই ৰাইজৰ বিপদৰ সময়ত সাহস হৈ কাম কৰি যাব বুলি মত প্ৰকাশ কৰি ভাল চিন্তা আৰু ভাল কাম কৰিবলৈ হ'লে আগতে সদায়েই সু-স্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব বুলি মন্তব্য প্ৰদান কৰে। আনহাতে বিনামূলীয়া স্বাস্থ্য শিবিৰটোত গেট হস্পিতালৰ কেইবাজনো অভিজ্ঞ সম্পন্ন চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।