Logo
image

গীলৰ নেতৃত্বত ইংলেণ্ডত অনুশীলন আৰম্ভ ভাৰতীয় দলৰ

লণ্ডন, ৮ জুনঃ   ইংলেণ্ডৰ বিৰুদ্ধে অংশ ল’বলগীয়া পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দলে ল’ৰ্ডছত পূৰ্ণ অনুশীলন আৰম্ভ কৰিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্ট লীডছত আৰম্ভ হ’ব ২০ জুনৰ পৰা৷ বেগী বলাৰ যশপ্ৰীত বুমৰা, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ ছিৰাজ আৰু অৰ্শদীপ সিঙৰ লগতে নতুন অধিনায়ক শুভমন গীল, ঋষভ পণ্ট, অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই প্ৰশিক্ষক গৌতম গম্ভীৰৰ অধীনত দেওবাৰে অনুশীলনত অংশ লয়৷ ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ অৱসৰৰ পাছত ভাৰতৰ ৩৭ সংখ্যক টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে গীলক৷


তুলনামূলকভাৱে নতুন দল এটাক নেতৃত্ব দি গীলে ইংলেণ্ডত ২০০৭ চনৰ পাছত প্ৰথমটো টেষ্ট শৃংখলা জয়ৰ প্ৰয়াস চলাব৷ লীডছত প্ৰথম টেষ্ট আৰম্ভ হোৱাৰ পাছত শৃংখলাৰ আন চাৰিখন টেষ্ট অনুষ্ঠিত হ’ব এজবাষ্টন, ল’ৰ্ডছ, অ’ল্ড ট্ৰেফৰ্ড আৰু দি অ’ভেলত৷ ভাৰতীয় মূল দলৰ কিছু সদস্যই ভাৰত ‘এ’ দলৰ হৈ খেলি ইতিমধ্যে ইংলেণ্ডৰ পৰিৱেশৰ সৈতে অভ্যস্ত হৈছে৷ নৰ্ডাম্পটনত ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দ্বিতীয় অনানুষ্ঠানিক টেষ্টত অংশ লৈ আছে ভাৰত ‘এ’ দলে৷