Logo
image

অসমৰ ভোটাৰেৰে জয়ন্তীয়া জিলা পৰিষদৰ নিৰ্বাচন সম্পন্ন

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ ফেব্ৰুৱাৰীঃ  মেঘালয়ৰ জয়ন্তীয়া জিলা পৰিষদৰ আজি নিৰ্বাচন অনুষ্ঠিত হৈ যায়৷ এই জিলা পৰিষদৰ নিৰ্বাচনত পশ্চিম কাৰ্বি আংলং জিলাৰ অসমৰ বহু অঞ্চলৰ ভোটাৰে অংশগ্ৰহণ কৰে৷ পশ্চিম কাৰ্বি আংলং জিলাৰ মক্ৰু, মকৈলুং, উমখ্ৰেমিকে আদি কৰি বহু অঞ্চলৰ শ শ লোকে জয়ন্তীয়া পৰিষদৰ নিৰ্বাচনত ভোটদান কৰা দেখা গ’ল৷ অসম-মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদৰ মাজত অসমত বসবাস কৰা একাংশ লোকে এনেদৰে ভোটদান কৰাত উদ্বিগ্ন হৈ পৰিছে সচেতন মহল৷ অসম আৰু মেঘালয় চৰকাৰে গোপন বুজাবুজিৰে অসমৰ ভূমি মেঘালয়ক গতাই দিয়া অথবা আগ্ৰাসনেৰে মেঘালয়ে কাৰ্বি আংলঙৰ ভূমি নিজৰ দখললৈ নিলে নেকি বুলি এতিয়া অঞ্চলটোৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহুদিন ধৰি এই সম্পৰ্কে বাতৰি প্ৰকাশিত হৈ থকাৰ পাছতো কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু অসম চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত এই ভূমিক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ অসম চৰকাৰে বুজাবুজি অনুসৰি এই ভূমি মেঘালয়ক গতাই দিলে নেকি তাক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে৷ ইপিনে, ডিফুত আজি ‘ফ’ৰাম ফৰ হিলচ অট’নমাছ ষ্টেট মুভমেণ্ট’ নামৰ সংগঠনটোৱে এএছডিচিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি মেঘালয়ৰ এনে কাণ্ডত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে৷


মেঘালয়ৰ এনে কাৰ্য অসম চৰকাৰে বন্ধ কৰিব লাগে বুলিও সংগঠনটোৱে দাবী উত্থাপন কৰে৷ সংগঠনটোৱে সংবাদমেলযোগে কয় যে– ১৯৫১ চনত মিকিৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা গঠন হওঁতে এই ভূমিখণ্ড অসমৰ ভিতৰত আছিল৷ ১৯৬৯ চনত মেঘালয়ক স্বায়ত্ত শাসিত ৰাজ্য প্ৰদান আৰু ১৯৭২ চনত পূৰ্ণ ৰাজ্য প্ৰদান কৰোতেও কোনো সীমা বিবাদ হোৱা নাছিল৷ তেতিয়াৰে পৰা এই ভূমিখণ্ড কাৰ্বি আংলং জিলাৰ হৈ আছিল৷ ১৯৭৯ চনত সীমা সংঘাতত মেঘালয় চৰকাৰে কাৰ্বি আংলঙৰ ভিতৰত এটা আৰক্ষী চাউনী স্থাপন কৰিছিল৷ এই কাৰ্যত অসম চৰকাৰে কোনো বাধা প্ৰদান কৰা নাছিল আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৈতে কোনো আলোচনা হোৱা নাছিল৷ ১৯৮৩ চনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক নজনোৱাকৈ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে যুটীয়া জৰীপ চলাইছিল যদিও ১৯৫১, ১৯৬৯ আৰু ১৯৭২১ সীমাই অক্ষুণ্ণ আছিল৷ ইয়াৰ বিপৰীতে এতিয়া মেঘালয়ৰ অধীনৰ জয়ন্তীয়া পৰিষদৰ নিৰ্বাচনত পশ্চিম কাৰ্বি আংলং জিলাৰ বহু অঞ্চল সামৰি লোৱাত সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰিছে৷ অসমৰ ৰাজ্যপালক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি মেঘালয়ৰ ৰাজনৈতিক দলৰ হস্তক্ষেপ বন্ধ কৰাৰ আহ৩ান জনাইছে৷ স্মাৰক-পত্ৰযোগে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগলৈও এই সন্দৰ্ভত বিহিত ব্যৱস্থা ল’বলৈ আহ৩ান জনাবলৈ ৰাজ্যপালক স্মাৰক-পত্ৰযোগে আহ্বান জনাইছে৷ ইয়াৰ লগতে কাৰ্বি আংলং জিলাৰ ভিতৰত থকা আম-ঈহ আৰক্ষী চকী উঠাই নিয়াৰ ব্যৱস্থা কৰাৰ লগতে এটা উচ্চস্তৰীয় অনুসন্ধান সমিতি গঠন কৰিবলৈ ৰাজ্যপালক আহ্বান জনাইছে৷