
'এতিয়াৰ পৰা গৰম দিনতো ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ'ব'
'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ "এতিয়াৰ পৰা গৰম দিনতো ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ'ব৷ এয়া মই গেৰাণ্টি দি কব পাৰোঁ৷ বিদ্যুত কৰ্তন হ'লেই আপোনালোকে মোক ফোন কৰিব৷" এই মন্তব্য ৰাজ্যৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ৷ বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ শনিবাৰে প্ৰথমবাৰৰ বাবে বজালী জিলা আয়ুক্ত কাৰ্য্যালয়ত উপস্থিত হয় মন্ত্ৰী প্ৰশান্ত ফুকন৷ জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী সহ বিষয়াসকলৰ সতে মিলিত হৈ বজালী জিলাৰ উন্নয়নৰ খতিয়ান লৈ তেওঁ আপ্লুত হয় আৰু কি কি কৰণীয় আছে সেইবোৰ চোৱা বুলি বক্তব্য ৰাখে প্ৰশান্ত ফুকনে৷ ইয়াৰ পিছতে বজালী জিলাৰ সীমা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে, নতুনকৈ জিলা এখন হৈছে গতিকে সকলো ঠিক-ঠাক হওতে সময় কিছু লাগিব৷
লগতে তেওঁ কয় যে, যেতিয়া আপুনি ঘৰখন বনায় তেতিয়া লগে লগেতো টাইলছ লগোৱা নহয়৷ প্ৰথমতে প্লাষ্টাৰ কৰা হয়৷ তাৰ পিছত প্লাষ্টাৰ কৰি কেইদিন মান ৰৈ টাইলছ লগোৱা হয়৷ গতিকে বজালী জিলাৰ সীমা আৰু কামবোৰো লাহে লাহে মুখ্যমন্ত্ৰীৰ সদিচ্ছাত হৈ থাকিব৷ উল্লেখযোগ্য যে বজালী জিলা ঘোষণাৰ প্ৰায় দুবছৰ উকলি গ'ল যদিও আজিও বজালী জিলাৰ সীমা নিৰ্ধাৰণ নহ'ল৷ ভবানীপুৰ সৰভোগ সমষ্টি আজিও দিখণ্ডিত হৈ বজালী বৰপেটাত বিভক্ত হৈ আছে৷ তাৎপৰ্যপূৰ্ণ কথা যে বজালী জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত দুবছৰ পূৰ্বেই তিনিজনীয়া কেবিনেট মন্ত্ৰীক ৰাইজৰ মতামত গ্ৰহণ কৰি সীমা নিৰ্ধাৰণ কৰাৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু এতিয়া সেই প্ৰক্ৰিয়া পৰ্যালোচনা পৰ্বত আছে বুলি জানিবলৈ দি প্ৰশান্ত ফুকনে বজালী সন্দৰ্ভত এখন সৰু স্থান বুলি অভিহিত কৰি বজালীক বৰ্তমান পূৰ্ণ যৌৱনা বুলি মন্তব্য কৰে বজালীৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে৷