Logo
image

যুৱ সাংবাদিক সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদঃ 'আজিৰ দিনত সাংবাদিকে অনুপ্ৰেৰণা পাবলগীয়া পৰিৱেশ নাই৷ পৰিস্থিতি বহুত বেলেগ হ'ল৷ তথাপিও বুকুত হাত থৈ ক'ব পাৰো কৰাপচন নকৰাকৈ চলিব পাৰি৷ কিয়নো আমি জানো সততাৰে কাম কৰা মানুহ এতিয়াও আছে৷ সকলো সাংবাদিক এতিয়া একত্ৰিত হ'ব লাগে৷ অসমৰ সাংবাদিকৰ দৰমহাৰ কথা চৰকাৰক কওক৷ তেতিয়া চৰকাৰে শুনিবলৈ বাধ্য হ'ব৷ কিছুমান মানুহ নৈতিকভাৱে সৎ কেতিয়াও নহয়, টকা যিমানে নাপাওক কিয় দুৰ্নীতি কৰিবই৷ আমিবোৰে সাংবাদিকৰ স্খলন হৈছে নেকি চাব লাগে৷' এই মন্তব্য জেষ্ঠ সাংবাদিক তথা আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ৷ শনিবাৰে অসম সাহিত্য সভাৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত আয়োজিত যুৱ সাংবাদিক সন্থা, অসমৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ও বিশেষ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি শৰ্মাই লগতে কয়, 'মানসিকভাৱে যদি এজন সাংবাদিক শক্তিশালী হয় তেতিয়া চলিব পাৰি৷ সাংবাদিকতাৰ মূৰৰ পৰা ঘূণ ধৰিছে৷ ৰাজনীতিবিদে সাংবাদিক সকলক ব্যৱহাৰ কৰে৷ আমি ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ হ'ব নালাগিব৷ নিজৰ কাম স্পষ্টভাৱে কৰি গ'লে চৰকাৰে সাংবাদিকক গুৰুত্ব দিবলৈ বাধ্য হ'ব৷' ভাষণ প্ৰসংগত তেওঁ কয়, 'সাংবাদিকৰ গুৰুত্ব আছে বাবেই ৰাইজে আমাক মৰম কৰে৷ একাংশই ক'ব খোজা ধৰণে সাংবাদিকৰ সংখ্যা বঢ়া মানে সাংবাদিকৰ মান কমিব বুলি কথা নাই৷ সাংবাদিকক দোষ দিলেই সাংবাদিকতা থিক কৰিব নোৱাৰি৷' অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক সংগঠনটোৱে 'প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাক যুৱ সাংবাদিক সন্থা অসমৰ বিশেষ সম্বৰ্ধনা আৰু সন্মান, 'নিয়মীয়া বাৰ্তা'ৰ কাৰ্যবাহী সম্পাদক অমল দাসক সংবাদ শিৰোমণি সন্মান, 'প্ৰতিদিন টাইম’ৰ জিতুল দত্তক বৰ্ষশ্ৰেষ্ঠ গ্ৰাম্য পৰ্যটন সাংবাদিকতা বঁটা আৰু 'এনডি ২৪'ৰ বিমল ভূষণ মহন্তক বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰে৷ বঁটাৰ লগত একোখনকৈ ফুলাম গামোছা, জাপি, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়৷ 'সংবাদ শিৰোমনি সন্মান’ গ্ৰহণ কৰি নিয়মীয়া বাৰ্তাৰ কাৰ্যবাহী সম্পাদক অমল দাসে কয়- 'সাংবাদিকতা ক্ষেত্ৰখনত নিষ্ঠাৰে কাম কৰিব চেষ্টা কৰিছোঁ৷ আজিৰ এই সন্মানৰ বাবে যুৱ সাংবাদিক সন্থাক ধন্যবাদ জনাইছোঁ৷' তেওঁ লগতে কয়, 'সংবাদ মাধ্যমৰ লগত জড়িত মানুহখিনি তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে, বিশেষকৈ ছপা মাধ্যমটো৷ নিয়াৰিকৈ কৰিব খোজা কামখিনিত কিছু চন্দ হেৰুৱাইছে৷ সেইবাবে আমি প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব লগা হৈছে৷ এনেবোৰে আমাৰ কামখিনি কৰাৰ মানদণ্ড কমাই দিছে৷' ভাষণত দাসে কয়, সকলো সাংবাদিকক লগত লৈ এটা প্লেটফৰ্ম বনাব পাৰোঁ নেকি চেষ্টা কৰিব লাগে৷ অন্যহতে সন্মান আৰু সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাই তেখেতক সন্মান জনোৱাৰ বাবে কৃতজ্ঞতা জনায়৷ তেওঁ কয়, মই এতিয়া যুৱক বুলিয়েই ভাবো৷ বৰ্তমান সময়ৰ বাতৰিবোৰ বিভৎস হৈছে৷ ভাল বাতৰিৰ সংখ্যা কমিছে৷যাৰ বাবে সাংবাদিকৰ ওপৰত মানুহৰ মৰম কমিছে৷ পৃথিৱীত বেয়া বস্তু বেছি দিন নাথাকে কিন্তু ভাল বস্তু সদায় থাকিবই৷ ভাষণত বৰুৱাই যুৱ সাংবাদিক সন্থাৰ কামক প্ৰসংশা কৰে৷


প্ৰতিদিন টাইম’ৰ জিতুল দত্ত আৰু এনডি ২৪ৰ বিমল ভূষণ মহন্তয়ো বঁটা গ্ৰহণ কৰি নিজ নিজ সাংবাদিকতা ক্ষেত্ৰখনৰ বিষয়ে বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চিকিৎসক, গীতিকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে কয়, সাংবাদিকসকলে বহু ত্যাগ কষ্ট স্বীকাৰ কৰে৷ সাংবাদিকতাৰ ভাল কামক শলাগ ল'বই লাগিব৷ ভাষণত তেওঁ কয়, সাংবাদিক সকলে এটা জাতিক সলাই দিব পাৰে৷ কেইবাটাও প্ৰসংগ টানি আনি তেওঁ হাস্যৰসৰ ভাষণেৰে হাঁহিৰ খোৰাক যোগায়৷ যুৱ সাংবাদিক সন্থাই অসমক সহযোগিতা কৰি যাব বুলিও আশ্বাস দিয়ে৷ সভাত শ্ৰীমন্ত শংকৰদেৱ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন দত্তক কৃতি শিক্ষকৰ সন্মান, শৰ্মা কেমিকেলৰ স্বত্বাধিকাৰী নাৰায়ণ শৰ্মা, লক্ষ্মী কেমিকেলচৰ স্বত্বাধিকাৰী মুকেশ প্ৰসাদ কৈৰী, অসম বাণিজ্যিক কৃষি বিপণন পৰিষদ ৰাসায়নিক সাৰ তিনিচুকীয়া/ ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সচিব দিলীপ বৰগোহাঁই, প্ৰতিদিন টাইমৰ সাংবাদিক মনোজ দত্ত, নাজিৰাৰ বিশিষ্ট ব্যৱসায়ী আদিত্য দুৱৰা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক বিনোদ বুঢ়াগোহাঁইক নিজ নিজ কৰ্মক্ষেত্ৰত আগবঢ়োৱা পাৰদৰ্শিতাৰ বাবে একোখনকৈ ফুলাম গামোছা, জাপি, মানপত্ৰ আৰু স্মাৰকেৰে সন্মান জনোৱা হয়৷ সাংবাদিক বুবুল হাজৰিকাই আঁত ধৰা সভাখনত আদৰণী ভাষণ দিয়ে সভাপতি চন্দন দাস আৰু উদ্দেশ্য বাখ্যা আগবঢ়াই সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে৷ সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক, গীতিকাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰী, 'আমাৰ অসম'ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ উপৰিও অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুদন মেধি, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, আটাছু’ৰ মিলন বুঢ়াগোহাঁই, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ ডেকা, নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক দিগন্ত বৈৰাগী, জেষ্ঠ সাংবাদিক হিলদুল গগৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়৷  কাৰ্যসূচীৰ সামৰণিৰ পূৰ্বে ২০২৫-২৭ বৰ্ষৰ বাবে এখন সমিতি গঠন কৰা হয়৷ বুবুল হাজৰিকাক সভাপতি, কাঞ্চনজ্যোতি গোহাঁইক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ চক্ৰৱৰ্তীক সম্পাদক, ৰূপাঙ্কৰ ডেকা, পল্লৱী কলিতাক উপ-সভাপতি, পাৰ্থ প্ৰতিম বৰুৱা আৰু অজয় শইকীয়াক সহকাৰী সম্পাদক, জিতুল দত্তক বিত্ত সম্পাদক, দিগন্ত বৈৰাগীক পত্ৰিকা সম্পাদক, হেমন্ত বেজ, বেদাংগ তামুলীক পত্ৰিকাৰ সহযোগী হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰে৷ উল্লেখ্য যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱাই সন্থাৰ সভাপতি চন্দন দাসে পতাকা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে৷