Logo
image

ব্ৰইলাৰৰ পৰা কয়লালৈ... ছিণ্ডিকেট চলিছে

আমাৰ অসম, ৯ এপ্ৰিলঃ নিৰ্বাচন অন্ত পৰিল যদিও ৰাজ্যত ছিণ্ডিকেটৰ যেন অন্ত নহ’ল৷ ব্ৰইলাৰৰ পৰা কয়লালৈ ছিণ্ডিকেট মাফিয়াৰ দপদপনি পুনৰ আৰম্ভ হৈছে ৰাজ্যত৷ নিৰ্বাচন শেষ হোৱাৰ পাছতেই ছিণ্ডিকেট চক্ৰৰ কমিচনৰ বজাৰৰ বাবেই খাদ্য-সামগ্ৰীৰ পৰা শাক-পাচলিৰো ব্যাপক মূল্যবৃদ্ধি ঘটিছে৷ অসমত বহিঃৰাজ্যৰ ব্ৰয়লাৰ নিষিদ্ধ ঘোষণা হোৱাৰ পাছতো নিতৌ পশ্চিমবংগৰ পৰা ছাগলীয়া আৰু শ্ৰীৰামপুৰ গেটেৰে অসমলৈ আহিছে ট্ৰাকে ট্ৰাকে ব্ৰইলাৰ৷ আৰক্ষীক ধন দি ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা ছিণ্ডিকেটৰ বাবেই গুৱাহাটীৰ লগতে ৰাজ্যত ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে৷ এখন ব্ৰইলাৰ ভৰ্তি  মিনি  ট্ৰাকৰ পৰা ছিণ্ডিকেট মাফিয়াই ৩৫ হাজাৰকৈ টকা সংগ্ৰহ কৰা বুলি ট্ৰাকৰ চালকে বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে৷ গুৱাহাটীৰ বজাৰত প্ৰতিকেজি ব্ৰইলাৰ মাংস ২৮০ টকাৰ পৰা ৩০০ টকাত বিক্ৰী হৈছে৷ ছিণ্ডিকেট মাফিয়াৰ বাবেই ব্ৰইলাৰ মাংস দামবৃদ্ধি পোৱা বুলিও খুচুৰা ব্যৱসায়ীসকলে দাবী কৰিছে৷ বৃহস্পতিবাৰে ধুবুৰীৰ বগৰীবাৰীত সাতখন ব্ৰইলাৰ ট্ৰাক জব্দ কৰে আৰক্ষী-প্ৰশাসনে৷ বংগৰ আলিপুৰৰ পৰা ব্ৰইলাৰভৰ্তি মিনি ট্ৰাকসমূহ আৰক্ষীৰ কোনো বাধা অবিহনে ছাগলীয়া গেটেৰে ধুবুৰীত প্ৰৱেশ কৰাক লৈ আৰক্ষী আৰু ছিণ্ডিকেট মাফিয়াৰ গোপন মিতিৰালিৰ তথ্য স্পষ্ট হৈ পৰিছে৷ সীমান্তৰ ছাগলীয়া গেটেই নহয়, কোকৰাঝাৰৰ শ্ৰীৰামপুৰ গেটেদি নিতৌ বহিঃৰাজ্যৰ পৰা ট্ৰাকে-ট্ৰাকে অসমত প্ৰৱেশ কৰিছে ব্ৰইলাৰ৷ শ্ৰীৰামপুৰ গেটত ইউ পি পি এল নেতাৰ লগতে প্ৰাক্তন এন ডি এফ বিৰ কেডাৰে অবৈধ চেকগেট স্থাপন কৰি ছিণ্ডিকেট চলোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ এই ছিণ্ডিকেট চক্ৰটোত বি টি আৰৰ পাৰিষদ সজল সিনহা, ইউ পি পি এল নেতা গল্ডেন বসুমতাৰী আৰু দালাল হাফিজুল ইছলাম জড়িত থকাৰ অভিযোগ উঠিছে৷ আনহাতে, ছাগলীয়া গেটত উগ্ৰপন্থী সংগঠন কে এল অ’ৰ প্ৰাক্তন সদস্য দীপ সৰকাৰ আৰু গুৰুপদ বৰ্মন জড়িত থকা বুলিও অভিযোগ উঠিছে৷ ইপিনে, শ্ৰীৰামপুৰৰ ছিণ্ডিকেট চক্ৰটোৱে সীমান্তত অসমৰ পৰা চোৰাং কয়লাভৰ্তি ট্ৰাকে বহিঃৰাজ্যলৈ ওলাই যোৱাত মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰা বুলিও অভিযোগ আছে৷ প্ৰতিখন কয়লাভৰ্তি ট্ৰাকৰ পৰা ৪০-৫০ হাজাৰ টকাকৈ কমিচন লৈ আৰক্ষীৰ বাধা অবিহনে পশ্চিমবংগলৈ ওলাই যোৱাত  পাছিং এজেণ্টৰ কাম কৰে এই ছিণ্ডিকেট চক্ৰটোৱে৷ বিশেষকৈ গুৱাহাটীৰ বেলতলাৰ পৰা জনৈক চেতিয়া, পাটোৱাৰী, তালুকদাৰ নামৰ  ছিণ্ডিকেট মাফিয়াই প্ৰেৰণ কৰা দৈনিক শ-শ অবৈধ কয়লাভৰ্তি ট্ৰাকসমূহ বহিঃৰাজ্যলৈ ওলাই যোৱাত সীমান্তত সহযোগিতা কৰি আহিছে এই চক্ৰটোৱে৷