
২০২৬ ত ১২৬ টা সমষ্টিত অকলশৰীয়াকৈ যুঁজাৰ পৰিকল্পনা সমাজবাদী পাৰ্টিৰ
'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদঃ 'সামাজিক ন্যায়ৰ যুঁজৰ বাবে আমি কাম কৰি যাম। অসমতে সমাজবাদৰ সৃষ্টি হৈছিল। অসমত সমাজবাদৰ আদৰ্শ জীয়াই ৰখাৰ আমি প্ৰয়াস কৰিম।' এইদৰে কয় সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সচিব, জ্যেষ্ঠ মুখপাত্ৰ তথা অসমৰ প্ৰভাৰী প্ৰফেচৰ ভুৱন যোশীয়ে। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সমাজবাদী পাৰ্টি, অসমৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়, 'আমি যাতে ন্যায় পাব পাৰোঁ তাৰবাবে কাম কৰি যাম। অসমত সমাজবাদী পাৰ্টি আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰিছোঁ। আজি মোৰ সৌভাগ্য বুলি ক'ব লাগিব কিয়নো মই অসমত কাম কৰাৰ সুবিধা লাভ কৰিলোঁ। এই সুবিধা লাভ কৰি মই অভিভূত হৈছোঁ। আমাৰ মূল যুঁজ হৈছে সামাজিক ন্যায়ৰ যুঁজ।শিক্ষা, স্বাস্থ্য আৰু জীৱিকাৰ সন্ধান দিয়াই আমাৰ মূল উদ্দেশ্য। আমাৰ সংস্কৃতি বৰ চহকী। বুলড'জাৰ হ'ল বিনাশৰ প্ৰতীক ই বিকাশৰ প্ৰতীক নহয়। যিখন দেশত ৰজা বেপাৰী হয় সেইখন দেশত প্ৰজা ভিক্ষাৰী হ'ব লাগে। আমি অসমৰ ৩৫ খন জিলাত ভেটি মজবুত কৰিবলৈ এতিয়াৰ পৰাই কাম কৰি যাম।
' সংবাদ মেলত সমাজবাদী পাৰ্টি, অসমৰ ৰাজ্যিক সভাপতি ব্ৰজেন কুমাৰ সন্দিকৈয়ে কয়, 'বিৰোধী ঐক্যমঞ্চত আমি যোগদান কৰিম নে নাই এতিয়াও আলোচনা হোৱা নাই। ১২৬ টা সমষ্টিত আমি অকলশৰীয়াকৈ যুঁজাৰ পৰিকল্পনা কৰি আছোঁ। আমাৰ প্ৰতীক হ'ল চাইকেল। আমাৰ দলৰ অধ্যক্ষ অখিলেশ যাদৱ আমাৰ সংগঠন মজবুত হ'লে অসমলৈ আহিব। আমাৰ সাংসদ সমূহক তেওঁ শক্তিশালী কৰিব। আমি অসমৰ জলন্ত সমস্যাক অগ্ৰাধিকাৰ দি সমাধানৰ বাট মুকলি কৰি দিবলৈ প্ৰয়াস কৰিম।' সংবাদ মেলত সমাজবাদী পাৰ্টি, অসমৰ সাধাৰণ সম্পাদক নাৰায়ণ দত্ত ভুঞা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।