
মাজনিশা গ্ৰেপ্তাৰ ইউএছটিএমৰ আচাৰ্য ড॰ হকক
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ৩০ নম্বৰৰ বস্তুনিষ্ঠ প্ৰশ্নৰ উত্তৰ শিকাই দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰৱঞ্চনাৰ অভিযোগত অৱশেষত অসম আৰক্ষীৰ হাতত গ্ৰে*প্তাৰ হ’বলগীয়া হ’ল ই আৰ ডি ফাউণ্ডেশ্বনৰ স্বত্বাধিকাৰী ড॰ মহবুবুল হক৷ শুকুৰবাৰে মাজ নিশা গুৱাহাটীৰ ঘোঁৰামৰাৰ বাসগৃহৰ পৰা মেঘালয়ৰ ব্যক্তিগত উচ্চ শিক্ষা প্ৰতিষ্ঠান ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক এছ টি এফে গ্ৰেপ্তাৰ কৰি পাছত শ্ৰীভূমি আৰক্ষীক গতাই দিয়ে৷ শ্ৰীভূমি আৰক্ষীয়ে পাথাৰকান্দি থানাত ৫৪/২০২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি আচাৰ্য মহবুবুল হকৰ লগতে পাথাৰকান্দিৰ ই আৰ ডি ফাউণ্ডেশ্বনৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰটোৰ পাঁচ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰেজ্জাক আলী, বিজয় দত্ত আৰু হীৰমণি শইকীয়াকো গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, শুকুৰবাৰে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ ই আৰ ডি ফাউণ্ডেশ্বনৰ গুৱাহাটীস্থ বিদ্যালয়ৰ ২১৪ জন পৰীক্ষাৰ্থীক ফাউণ্ডেশ্বনৰ অধীনৰ ৪০০ কিলো মিটাৰ আঁতৰত শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত থকা ফাউণ্ডেশ্বনৰে আন এখন বিদ্যালয় চেণ্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষাকেন্দ্ৰত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থা কৰিছিল কতৃৰ্পক্ষই৷ কিন্তু এই পৰীক্ষাক লৈ গুৱাহাটীৰ পৰা যোৱা পৰীক্ষাৰ্থীসকলৰ অভিযোগ– পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন কাকতত আহিবলগীয়া ৩০ নম্বৰৰ বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ শিকাই দিয়া হ’ব পৰীক্ষাৰ্থীসকলে প্ৰতিশ্ৰুতি দিছিল যদিও শেষ মুহূৰ্তলৈ কোনো প্ৰশ্নৰ উত্তৰ শিকাই দিয়া নাছিল৷ ইয়াৰ বিপৰীতে শ্ৰীভূমি চেণ্ট্ৰেল স্কুলৰ ৪১ জন নিজা শিক্ষাৰ্থী তথা স্থানীয় পৰীক্ষাৰ্থীক নিৰীক্ষকে প্ৰশ্নোত্তৰ শিকাই দিয়াৰ অভিযোগ কৰিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিক্ষাৰ্থীসকলে৷ এই লৈ পৰীক্ষাৰ শেষত গুৱাহাটীৰ পৰা হোৱা পৰীক্ষাৰ্থীসকল উত্তেজিত হৈ পৰে আৰু এফালৰ পৰা শিক্ষানুষ্ঠানখনৰ আচবাব পত্ৰ ভাঙি লণ্ড-ভণ্ড কৰে৷ আনকি ক্ষুব্ধ পৰীক্ষাৰ্থীসকলে তেওঁলোকক শিক্ষকসকলে গুৱাহাটীৰ পৰা ৪০০ কিলোমিটাৰ আঁতৰত পৰীক্ষা দিবলৈ আনি প্ৰৱঞ্চনা কৰাৰ মুকলি অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে৷ এই প্ৰতিবাদৰ পাছতেই শিক্ষানুষ্ঠানখনত আৰক্ষী আৰু জিলা দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ঘটনা সন্দৰ্ভত পৰীক্ষাৰ্থীসকলৰ অভিযোগৰ ভিত্তিত শ্ৰীভূমি আৰক্ষীয়ে পাথাৰকান্দি থানাত ৫৪/২০২৫ নম্বৰত গোচৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিতে শুকুৰবাৰে মাজ নিশা ১.৩০ বজাত মহানগৰীৰ ঘোঁৰামৰাস্থিত বাসগৃহৰ পৰা ই আৰ ডি ফাউণ্ডেশ্বনৰ স্বত্বাধিকাৰী আচাৰ্য মহবুবুল হকক গ্ৰে*প্তাৰ কৰে এছ টি এফে৷ এছ টি এফে গ্ৰে*প্তাৰৰ সময়ত মহবুবুল হকক অসুস্থতাৰ বাবে পৰিয়ালৰ লোকে নিজৰ বাহনেৰে থানালৈ লৈ যাবলৈ সুযোগ দিয়াৰ বাবে আৰক্ষীক অনুৰোধ জনাইছিল যদিও আৰক্ষীয়ে সেই অগ্ৰাহ্য কৰিছিল৷ ইয়াৰ পাছতেই এছ টি এফে মহবুবুল হকক শ্ৰীভূমি আৰক্ষীক চমজাই দিয়াত বৰ্তমান শ্ৰীভূমিৰ সদৰ থানাত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ লগতে শীৰ্ষ সোধা পোছা অব্যাহত ৰাখিছে৷ মহবুবুল হকক আদালতত হাজিৰ কৰোৱাই জিম্মাত বিচাৰিব বুলিও আৰক্ষীয়ে জানিবলৈ দিছে৷
পাঁচ সংগীসহ মহবুবুলক নিৰন্তৰ জেৰা
‘আমাৰ অসম’ৰ শ্ৰীভূমিৰ প্ৰতিবেদকঃ ই আৰ ডি ফাউণ্ডেছনৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰে*প্তাৰ৷ শিক্ষাৰ নামত ব্যৱসায় চলাই অহা মহবুবুল হকৰ চৰিত্ৰ উদঙাই দিলে তেওঁৰেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ ডাঙৰ ডাঙৰ বিজ্ঞাপন আৰু প্ৰচাৰ চলাই ৰাইজক আভুৱা-ভাঁৰি শিক্ষাৰ নামত চলাইছে বেপাৰ৷ শিক্ষা প্ৰতিষ্ঠানৰ সুনাম কঢ়িয়াই অনাৰ বাবে পৰীক্ষাত চলে অসৎ উপায়৷ এনে অসৎ উপায় অৱলম্বন কৰিবলৈ গৈ কেনা লাগিল ই আৰ ডি ফাউণ্ডেছনৰ অধীনত থকা পাথাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুলত৷ বৰ্তমান চিবিএছচিৰ অধীনত হায়াৰ ছেকেণ্ডেৰী দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা চলি আছে৷ তেনে এটা কেন্দ্ৰ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত মহবুবুল হকৰ চেণ্ট্ৰেল পাব্লিক স্কুলত পৰিছে৷ আৰু সেই পৰীক্ষা কেন্দ্ৰত ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বাবে অসৎ পন্থা অৱলম্বন কৰিছে৷ এই অভিযোগ উত্থাপিত কৰিছে পৰীক্ষাৰ্থীয়ে৷ পৰীক্ষাৰ্থীৰ মুখৰ পৰাই এনে চাঞ্চল্যকৰ তথ্য ওলোৱাত পৰিস্থিতি জটিল হৈ পৰে৷ কালি ফিজিক্সৰ পৰীক্ষা চলি থকা সময়ত হঠাতে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰীক্ষা চলি থাকোঁতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অন্যান্য জিলাৰ পৰা অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে সংঘটিত কৰে বিদ্যালয়ত মাৰপিট৷ তেওঁলোকৰ অভিযোগ স্থানীয় তথা কিছু পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ভিতৰলৈ নিয়ে আৰু মোবাইল ফোনৰ পৰা উত্তৰ লিখি আছে৷ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত এনে অসৎ পন্থা অৱলম্বন কৰাক লৈ ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত হয় পৰীক্ষা কেন্দ্ৰ৷ আনকি স্থানীয় সাংবাদিকসকলক কেন্দ্ৰটোৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়৷ গেটৰ বাহিৰত ভিডিঅ’ কৰিবলৈ বাধাপ্ৰদান কৰে কতৃৰ্পক্ষই৷ এনে উত্তপ্ত পৰিস্থিতি হোৱাৰ পাছত পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় আৰক্ষী আৰু বিশাল চিআৰপিএফ বাহিনী৷ উপস্থিত হয় দণ্ডাধীশ৷ অন্যান্য জিলাৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল ক্ষোভিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰি কয় খানাপাৰাৰ ইউ এছ টি এমত তেওঁলোকে বিশেষ এটি সুবিধাৰ লাভৰ কাৰণে এডমিশ্যন লৈছিল৷ অতদিনে তেওঁলোকে তাত ক্লাছ কৰি আহিছে৷ ২১৪ গৰাকী ছাত্ৰ-ছাত্ৰীক তাৰ পৰা, শ্ৰীভূমিৰ চেণ্ট্ৰেল পাব্লিক স্কুললৈ পঠিয়ায় পৰীক্ষা দিবলৈ৷ পৰীক্ষা কেন্দ্ৰত পঠোৱাৰ সময়ত কৈছিল পৰীক্ষা গ্ৰহণৰ সময়ত ৩০নম্বৰৰ এমচিকিউ দিয়া হ’ব৷ অৰ্থাৎ অসৎ পন্থাৰে সাহায্য কৰা হ’ব৷ কিন্তু আজি পৰীক্ষাৰ সময়ত স্থানীয় ৪১গৰাকী পৰীক্ষাৰ্থীক সাহায্য কৰি দিয়াৰ বিপৰীতে তেওঁলোকক কোনো সুযোগ দিয়া হোৱা নাই বুলি অভিযোগ কৰে পৰীক্ষাৰ্থীসকলে৷ ইয়াকে লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ৷ তেওঁলোকে ক্ষোভ ব্যক্ত কৰি কয়, যদি বেলেগ কিবা সুবিধা দিবলৈ নাছিল, তেন্তে কিয় ৪০০ কিলোমিটাৰ দূৰৰ পৰা আনি পৰীক্ষাত বহুৱাইছে৷ এতিয়া কথাটো হৈছে, পৰীক্ষাৰ্থীসকলৰ ভাষ্য যদি সঠিক হয়, তেন্তে শিক্ষাৰ নামত কি চলি আছে ইউএছটিএম তথা ই আৰ ডি এ ফাউণ্ডেছনত, এয়া আৰক্ষীৰ তদন্তত ওলাই অহাৰ সম্ভাৱনা আছে৷ আৰক্ষীয়ে মহবুবুল হকসহ তেওঁৰ আৰু পাঁচজন কৰ্মীক আটক কৰিছে৷ বৰ্তমান কৰিমগঞ্জ সদৰ থানাত তেওঁলোকক সোধ-পোছ চলাই আছে আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি কলিতাই৷
মহবুবুল হকৰ গ্ৰে*প্তাৰ সন্দৰ্ভত ক’বলগীয়া নাই আজমলৰ
‘আমাৰ অসম’ৰ ডবকাৰ প্ৰতিবেদকঃ আজি অসম কৌমিয়া মাদ্ৰাছা ব’ৰ্ডৰ এক সভা ডবকা মৰ্কাজুল উলুম মাদ্ৰাছা প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়৷ এ আই ইউ ডি এফপ্ৰধান তথা বেচৰকাৰী মাদ্ৰাছা ব’ৰ্ডৰ অধ্যক্ষ মৌলানা বদৰ উদ্দিন আজমল সভাত উপস্থিত হৈ কয় যে মাদ্ৰাছাত মডেল শিক্ষাৰ প্ৰয়োজন আছে, ইংৰাজী, অসমীয়া, সাধাৰণ গণিত মাদ্ৰাছাত শিক্ষাৰ প্ৰয়োজন আছে উল্লেখ কৰি কয় যে সেয়া আমি মাদ্ৰাছা ব’ৰ্ডে পৰ্যায়ত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম, চৰকাৰৰ আধুনিক শিক্ষাক আমি সমৰ্থন জনাইছোঁ কিন্তু মাদ্ৰাছা ধবংস নীতিক সমৰ্থন নকৰোঁ বুলি বদৰুদ্দিন আজমলে কয়৷ ‘মাদ্ৰাছাত পঢ়ি একাংশই নিজৰ নামো লিখিব নাজানে’৷ ৰে’ল ষ্টেচনৰ নাম ফলক পঢ়িব নাজানে, গতিকে ‘মাদ্ৰাছাত আধুনিক শিক্ষাৰ প্ৰয়োজন আছে’ বুলি মন্তব্য বদৰুদ্দিন আজমলৰ৷ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভতো পলমকৈ হ’লেও মুখ খুলিছে AIUDF প্ৰধান বদৰউদ্দিন আজমলে৷ বদৰ উদ্দিন আজমলে কয় মই এম পি হৈ থাকোঁতে বহুত মিডিয়া আহিছিল, এতিয়া এটাও মিডিয়া মোৰ ওচৰলৈ নাহে৷ মোৰ বহুত দুখ লাগিছে, মিডিয়া আহিলে মই ৰকিবুল সন্দৰ্ভত প্ৰতিক্ৰিয়া দিলোঁহেঁতেন৷ সাংসদ ৰকিবুল হুছেইনৰ লগত সংঘটিত হোৱা ঘটনাৰ দুখ প্ৰকাশ কৰি AIUDF প্ৰধান মৌলানা বদৰ উদ্দিন আজমলে কয় যে এই সৃষ্টিটো প্ৰথমে ৰকিবুল হুছেইনেই কৰিছিল৷ ক’ব নালাগে যদিও, আমি যেতিয়া চামগুৰিত গৈছিলোঁ তেতিয়া ৰকিবুলৰ গুণ্ডাবাহিনীয়ে মাৰা-মাৰি কৰিছিল, গাড়ীও ভাঙিছিল৷ এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক, যদিও ৰকিবুলৰ লগত এনে ঘটনা সংঘটিত কৰা দুৰ্বৃত্তক শাস্তি দিবলৈ দাবী জনায়৷ আজমলে, এম পি, বিধায়কৰ ক্ষেত্ৰত এনে হ’ব নালাগে, নিৰাপত্তা দিব লাগে চাৰকাৰে৷ আনহাতে USTত্তৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ সন্দৰ্ভতো আজমলে এই সন্দৰ্ভত আমাৰ একো ক’ব লগা নাই বুলি সাংবাদ মাধ্যমত উল্লেখ কৰে৷