Logo
image

১ লাখ কোটি টকা বিনিয়োগৰ আশা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলন এডভাণ্টেজ আছাম ২.০ লৈ মাজত মাত্ৰ দুটা দিনহে বাকী৷ মাত্ৰ দুটা দিনৰ পিছতেই অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দেশ-বিদেশৰ বিনিয়োগকাৰীয়ে খমদম লগাব খানাপাৰাত৷ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আহিব নোৱেল টাটা, আম্বানি-আদানিকে ধৰি দেশৰ ১০গৰাকী শীৰ্ষ উদ্যোগপতি৷ আশা কৰা হৈছে যে প্ৰায় ৰ লাখ কোটি টকাৰ বিনিয়োগ হ’ব  এডভাণ্টেজ আছাম ২.০৷ এই বিনিয়োগ সন্মিলনকলৈ উৎসাহৰ অন্ত নাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ এডভাণ্টেজ আছাম ২.০ লৈ সাজু মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰ৷ আজি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়–‘মই আশা কৰো এডভাণ্টেজ আছামৰ অসমত ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ ধীৰুভাই আম্বানীকে ধৰি বহুকেইজন উদ্যোগপতি অসমলৈ আহিব৷ আমি প্ৰায় ৰ লাখ কোটি টকাতকৈও অধিক বিনিয়োগ লাভ কৰিবলৈ সক্ষম হম বুলি আশাবাদী৷ ইফালে বিনিয়োগ সন্মিলন অনুষ্ঠিত হ’বলগীয়া খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ আৰক্ষী-চি আৰ পি এফেই নহয়, খানাপাৰাৰ খেলপথাৰত নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিবৰ বাবে ভাৰতীয় সেনাকো নিয়োজত কৰা হৈছে৷ সেনাই শ্নিফাৰ ডগলৈ খানাপাৰা ফিল্ডত তন্নতন্নকৈ পৰীক্ষা কৰিছে৷ নাৰেংগীৰ সেনা বাহিনীৰ বোমা নিষ্কয় গোটক বিশেষভাৱে খানাপাৰা খেলপথাৰৰ ভি ভি আই পিৰ নিৰাপত্তা ব্যৱস্থাত নিয়োজিত কৰা হৈছে৷ সন্মিলনস্থলীত প্ৰস্তুতিৰ বুজ ল’বলৈ আহি বি টি আৰ প্ৰধান প্ৰমোদ বড়োয়ে কয়–‘আগতে বোমা ফুটিছিল, বন্ধ হৈছিল৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈছিল৷ এতিয়া সেইবোৰ নাই৷ যোৱা তিনি বছৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যলৈ যি শান্তিৰ পৰিৱেশ আহিছে ইয়াৰে প্ৰতিফলন হৈছে এডভাণ্টেজ আছাম ২.০৷ বিনিয়োগকাৰীসকলে সুৰক্ষা আৰু নিৰাপত্তা সদায় বিচাৰে৷ আজি অসমত সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত হৈছে৷ বি টি আৰৰ পৰাও এটা ষ্টল এডভাণ্টেজ আছামত থাকিব৷’ উল্লেখ্য, কেৱল বিনিয়োগেই নহয় এইবাৰ এডভাণ্টেজ আছাম ২.০ ত থাকিব অসমৰ বাৰেৰহণীয়া সংস্কৃতি আৰু সম্পদৰ ঝলক৷ চাহ বাগিচা, বহু বেতৰ সামগ্ৰীৰ পৰা নুমলীগড় ৰিফাইনেৰীৰ ইথানল প্ৰকল্পলৈ সকলো তুলি ধৰা  হ’ব এডভাণ্টেজ আছাম ২.০ ত৷ খানাপাৰাত জিলিকিব অসমৰ চহকী কৃষ্টি-সংস্কৃতি আৰু সম্পদ৷ ইফালে এডভাণ্টেজ আছাম ২.০ ক লৈ আশাবাদী প্ৰদেশ বিজেপিও৷ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক বিবৃতিৰ জৰিয়তে কয় যে এই বিনিয়োগ সন্মিলনৰ জৰিয়তে অসমলৈ আহিব বিকাশৰ বাৰ্তা৷ এই বাৰ্তা অসমৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব৷ এডভাণ্টেজ আছাম ২.০ উপলক্ষে গুৱাহাটী মহানগৰীৰ মুখ্য বাট পথসমূহ চূণ তেল সানি চিকুণ্ণাই হৈছে৷ ৰং বিৰঙৰ লাইটেৰে গুৱাহাটী উজলাই তোলা হৈছে৷


৪৯ জন ৰাষ্ট্ৰদূতক আদৰণি জনাব মন্ত্ৰী অতুল বৰাই

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  এডভানটেজ আসাম ২.০-ত অংশ গ্ৰহণ কৰাৰ বাবে ৪৯জন ৰাষ্ট্ৰদূতে দেওবাৰে যোৰহাটত অৱতৰণ কৰিব৷ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, বৈদিশীক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰসহ ৰাষ্ট্ৰদূতসকলে বিশেষ বিমানেৰে দিল্লীৰ পৰা যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত কাইলৈ পুৱা অৱতৰণ কৰিব৷ দলটোক ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই যোৰহাটত আদৰণি জনাব৷ তাৰ পাছতে দলটো গাড়ীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হ’ব৷ এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা দৰ্শন কৰি পুনৰ দলটো যোৰহাটলৈ উভতি আহিব আৰু বিশেষ বিমানেৰে গুৱাহাটীলৈ ৰাওনা হ’ব৷

‘এডভাণ্টেজ অসম আৰু অসম চুক্তিৰ ৬নং দফাৰ সংগতি ৰাখক’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ  এডভাণ্টেজ অসম ২.০ আৰু অসম চুক্তি ৬ নং দফাৰ মাজত সংগতি স্থাপন কৰিবলৈ চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক কমিটীয়ে দাবী জনাইছে৷ চিপিআই (এম-এল) অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে শনিবাৰে সংবাদ মাধ্যমক কয় যে এডভাণ্টেজ অসম ২.০ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰি চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছো৷  এডভাণ্টেজ অসম ১.০ৰ সময়ত অসমত ২০০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি প্ৰায় ১ লাখ কোটি টকাৰ বিনিয়োগ হ’ব বুলি আশা কৰা হৈছিল কিন্তু বাস্তৱত ৫১৯৫৮.২০ কোটি টকাৰ বিনিয়োগ হ’ল আৰু তাৰো সিংহভাগ ৰাজহুৱা খণ্ডৰ পৰা অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তৈল খণ্ডৰ পৰা, যি টকা,  এডভাণ্টেজ অসম অনুষ্ঠিত নকৰাকৈও বিনিয়োগ কৰিব পাৰি আৰু হৈয়ো থাকে৷ এডভাণ্টেজ অসম ২.০ অনুষ্ঠিত হোৱাৰ ঠিক আগতে এজন সাংসদৰ ওপৰত দিন দুপৰতে হোৱা আক্ৰমণে ৰাজ্যখনৰ শান্তি আৰু সুৰক্ষাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে আৰু এই ঘটনাই বিনিয়োগকাৰীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব৷ বিজেপি চৰকাৰ অসমৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ এটা মুল প্ৰতিশ্ৰূতি আছিল অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণৰ প্ৰতিশ্ৰুতি আৰু সেইমতে অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰী কৰি অসমীয়া জাতিৰ সাংবিধানিক ৰক্ষাকবচ নিৰ্ণয় কৰা৷ কিন্তু এডভাণ্টেজ অসম ২.০ অনুষ্ঠিত হোৱাৰ আগত পলাশবাৰীত ৰাভা সম্প্ৰদায়ৰ হাতত থকা মাটি আদানীক দিয়াৰ চেষ্টা কৰা আৰু গাহৰি ব্যৱসায় থলুৱাৰ হাতৰ পৰা কাঢ়ি বিদেশৰ ব্যৱসায়িক দিয়াৰ চেষ্টা কৰা, আৰু কেইমাহমানৰ আগত ডিমা হাছাওৰ ১০০০ বিঘা মাটি আদানীক গতাই দিয়া, বাবা ৰামদেৱক অসমৰ সকলো জিলাতে মাটি প্ৰদান কৰা, অসমৰ স্থায়ী বাসিন্দাসকলক নিৰ্মমভাবে উচ্ছেদ কৰা আদি কাৰ্যই এডভাণ্টেজ অসম ২.০ ৰ উদেশ্য সম্পৰ্কে আমাক সন্দিহান কৰি তুলিছে৷ স্থানীয় লোকৰ সংস্থাপন আৰু সামগ্ৰিকভাবে অঞ্চলটোৰ উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ভিত্তিত হোৱা পুজিবাদী উন্নয়নক স্বাগতম জনাই দলটোৱে এডভাণ্টেজ অসম ১.০ ৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আৰু অন্যায় চুক্তিৰে অসমক বিদেশী পুঁজিপতিৰ লুণ্ঠনৰ পথাৰত পৰিণত নকৰিবলৈ সকিয়াই দিছে৷