
গীতাশ্ৰীক লৈ বিধায়কৰ প’ষ্টে জ্বলা জুইত ঘিউ ঢালিলে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ফেব্ৰুৱাৰীঃ বিধায়ক অখিল গগৈৰ পত্নী ড॰ গীতাশ্ৰী তামুলীক লৈ সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ফেচবুক পোষ্টে যেন জ্বলা জুইত ঘিউ ঢালিলে৷ উল্লেখ্য, শুকুৰবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পত্নী গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ বৈধতা আৰু গুৱাহাটীৰ চানমাৰীত বাস কৰা ভূমি সম্পত্তি বৈধ আয়েৰে ক্ৰয় কৰা হয় নে নহয় সেই সন্দৰ্ভত তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰে৷ উক্ত পত্ৰ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ৰাজহুৱা হোৱাৰ লগে লগে নেট নাগৰিকে গীতাশ্ৰী তামুলীৰ সমৰ্থনত কাৰ্যতঃ জপিয়াই পৰে৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে বি বৰুৱা কলেজত ধৰ্ণা দিয়ে বহু শিক্ষাৰ্থীয়ে৷ ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে নেট নাগৰিক৷ এনে সময়তে বিধায়ক বিশ্বজিৎ ফুকনৰ ফেচবুক পোষ্টে ধুমুহাৰ সৃষ্টি কৰিছে৷ বিজেপি বিধায়ক ফুকনে শনিবাৰে ফেচবুকত আপলোড কৰা পোষ্টত কয়– ‘মই যিমানদূৰ জানো, গীতাশ্ৰী বাইদেউয়ে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত দ্বিতীয় বিভাগতহে উত্তীৰ্ণ হৈছিল৷ উচ্ছতৰ মাধ্যমিকৰ নম্বৰ কলেজ শিক্ষকৰ সাক্ষাৎকাৰত গুৰুত্বপূৰ্ণ৷ ২০১১ চনত বি বৰুৱাত সাক্ষাৎকাৰ দিয়াৰ সময়ত তেখেতে পি এইচ ডিও সম্পূৰ্ণ কৰা নাছিল৷ সাক্ষাৎকাৰত পি এইচ ডিৰ নম্বৰ থাকে৷ তেখেত মোৰ জ্যেষ্ঠ ভগ্নীৰ সহপাঠী আছিল৷ অত্যন্ত অধ্যয়নশীল৷ কিন্তু অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গল্ড মেডেলিষ্ট নাছিল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গল্ড মেডেলিষ্ট দিয়া নিয়ম ২০২৩ চনতহে আৰম্ভ হৈছে৷ ২০২১ বৰ্ষত উত্তীৰ্ণ হোৱাসকলক ২০২৩ চনৰ সমাবৰ্তনত বাবে এই সন্মান প্ৰদান কৰা হৈছিল৷’ অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে এইবাৰ সামাজিক মাধ্যমত গীতাশ্ৰী তামুলী সন্দৰ্ভত বিস্ফোৰক ভাষ্য প্ৰকাশ কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে৷ গীতাশ্ৰী তামুলী সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনে প্ৰকাশ কৰা ভাষ্যই সৃষ্টি কৰা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত বিজেপি বিধায়কজনে এইদৰে কয়– ‘মই তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছো বুলি নহয়, তেওঁৰ সম্পৰ্কত দুটামান সঁচা কথা মই সামাজিক মাধ্যমত কৈছো৷ কালিৰ পৰা দেখিছো যে তেওঁৰ বিষয়টো লৈ যথেষ্ট বাদ-বিবাদ হৈছে৷ গীতাশ্ৰী বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল, মই তেওঁক বহুত সৰুৰ পৰাই পাইছো৷ মেট্ৰিক পাছ কৰাৰ পৰাই তেওঁক লগ পাইছো৷ বাইদেউক পঢ়াত অত্যন্ত ছিৰিয়াজ দেখিবলৈ পাইছো৷ বি বৰুৱা কলেজৰ সাক্ষাৎকাৰৰ সময়ত তেওঁ ডক্টৰেড ডিগ্ৰী লোৱা নাছিল৷ তেওঁৰ এম ফিল নাছিল, পি এইচ ডি নাছিল৷ দ্বিতীয়তে তেওঁৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল দ্বিতীয় বিভাগ আছিল৷ যিকেইটা বিষয় যিকোনো মহাবিদ্যালয়ৰ সাক্ষাৎকাৰৰ মূল্যায়নৰ সময়ত গুৰুত্বসহকাৰে লোৱা হয়৷ সেইকেইটা বিষয়ৰ নম্বৰসমূহ সাক্ষাৎকাৰত যথেষ্ট গুৰুত্বপূৰ্ণ৷ অখিল গগৈয়ে কালি কোৱা শুনিছো যে গীতাশ্ৰী বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকৰ গোল্ড মেডেলিষ্ট৷ এইটো গোকাট মিছা কথা৷ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোল্ড মেডেল দিয়া প্ৰক্ৰিয়াটো ২০২১ চনৰ ভিত্তিবৰ্ষৰ পৰা আৰম্ভ কৰে আৰু ২০২৩ চনৰ সমাৱৰ্তনত প্ৰথমবাৰৰ কাৰণে দিয়া বুলি বিধায়কজনে কয়৷ তেওঁ পুনৰ কয় এতিয়াও ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মেধা ছাত্ৰ-ছাত্ৰীক প্ৰত্যেক বছৰে সমাৱৰ্তনত গোল্ড মেডেল দিয়ে৷ স্নাতকৰো গোটেইকেইটা শাখা কলা, বিজ্ঞান, বাণিজ্যিত শ্ৰেষ্ঠ শিক্ষাৰ্থীজনক গোল্ড মেডেল দিয়ে৷ কিন্তু বাইদেউ যিহেতু ১৯৯১-১৯৯২১ স্নাতকৰ ছাত্ৰী আছিল, গতিকে তেওঁৰ দিনত গোল্ড মেডেলৰ কথা নাছিল৷ অখিল গগৈয়ে ভুল কথাৰে ৰাইজক বিভ্ৰান্ত কৰা দেখি মই প্ৰকৃত তথ্যখিনি ফেচবুকৰ জৰিয়তে অৱগত কৰিছো আৰু এইটো লৈ মই বেছি বিতৰ্ক হোৱাটোও বিচৰা নাই৷ তদন্ত যিহেতু হ’বলৈ গৈছে, তদন্ত হওক, তদন্তত ওলাই পৰিব৷ কিন্তু কোনো এনেকুৱা নহয় যে তেওঁ এটা স্পৰ্শ কৰিব নোৱাৰা মেধাশক্তিৰ গৰাকী আৰু তেওঁৰ বিষয়ে কোনো আলোচনা নহ’ব- এনেকুৱা কোনো ধৰণৰ কথা হ’ব নোৱাৰে৷ যিকোনো বিষয়ত অভিযোগ আহিব পাৰে, অভিযোগৰ বিষয়ে আলোচনা হ’ব পাৰে৷’ ইফালে, বিধায়ক অখিল গগৈয়ে পত্নী গীতাশ্ৰী তামুলীৰ বি বৰুৱা কলেজত সহকাৰী অধ্যাপক নিযুক্তি আৰু চানমাৰীত ক্ৰয় কৰা ভূমি সম্পত্তি বৈধ আয়েৰে ক্ৰয় কৰা হয়নে নহয় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক তদন্ত কৰিবলৈ আহ৩ান জনোৱা কাৰ্যক সমৰ্থন জনাইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ তেওঁ কয়–অখিল গগৈয়ে পত্নীৰ নিযুক্তিৰ তদন্ত বিচাৰিছে, এতিয়া চৰকাৰে দায়িত্ব পালন কৰক৷ কেৱল অভিযোগ কৰিলেই নহ’ব৷
এইটো তদন্তৰ প্ৰশ্ন নহয়, নৈতিকতাৰহে প্ৰশ্নঃ হিমন্ত
ড॰ গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ বৈধতা সন্দৰ্ভত তদন্তৰ প্ৰশ্ন নহ, এয়া নৈতিকতাৰ প্ৰশ্ন৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত তদন্ত বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ তেওঁ আৰু কয়– অখিল গগৈৰ পত্নী হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছিল৷ এই কথা ৰাইজে কৈ আছে৷ মই শিক্ষামন্ত্ৰী হৈ থাকোতেই সকলো কথা গম পাইছিলো৷ ঢেকীয়াজুলিৰ এগৰাকী অধ্যাপকে নিজেই কৈ আছে যে তেওঁতকৈ (গীতাশ্ৰী) মোৰ মাৰ্কশ্বীট ভাল আছিল৷ তদন্ত নিজেহে নিজক কৰিব লাগে৷ ইমানদিনে মই কথাটো কোৱা নাছিলো৷ কিয় লোকৰ ঘৈনিয়েক বিলাকক ধৰি থাকে? নিজৰ ঘৰতো চাব লাগে৷ অখিল গগৈয়ে কৈছিল তেওঁৰ পত্নীয়ে গ’ল্ড মেডেল পাইছে৷ তেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গ’ল্ড মেডেল দিয়াৰ ব্যৱস্থাই নাছিল৷ গতিকে এইবিলাক তদন্ত কৰিব নালাগে৷ জলজল পটপটকৈ ওলাই আছে৷ নৈতিকভাৱে নিজৰ দায়িত্ব ল’লেই হ’ল৷ এইটো নৈতিকতাৰহে প্ৰশ্ন, তদন্তৰ প্ৰশ্ন নহয়৷ তেওঁ দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ ছেবালৈ গৈ নম্বৰটো ল’লেই ওলাই যাব৷ এইবোৰ কথাত তদন্ত বিচাৰিবও নালাগে৷ যাৰ নিজৰ গাত বোকা থাকে, সি আৰু বেলেগক জ্ঞান দি থাকিব নালাগে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে বক্তব্যৰ পাছত বিধায়ক অখিল গগৈয়ে কয়– মুখ্যমন্ত্ৰীয়ে মিছা অপবাদ দি ধৰা পৰিল আৰু এতিয়া পলাব খুজিছে৷ এইবাৰ পলাবলৈ দিয়া নহ’ব৷ নৈতিকতাৰ কথা ক’ৰ পৰা আহিল? কেলেংকাৰি কৰিছো যদি তদন্ত কৰি আমাক শাস্তি দিয়াটোহে মুখ্যমন্ত্ৰীৰ কাম৷ মুখ্যমন্ত্ৰীয়ে চালে বেৰে কোবোৱা কথা কৈ পলাব নোৱাৰে৷ গীতাশ্ৰীৰ নিযুক্তি আৰু ঘৰ ক্ৰয়ৰ তদন্ত লাগে৷ গীতাশ্ৰীয়ে চাকৰি এৰিবলৈ আৰু আমি ঘৰ চৰকাৰক চমজাই দিবলৈ ৰৈ আছোঁ৷
অখিল-পত্নী সন্দৰ্ভত সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়েঃ অধ্যক্ষ দৈমাৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ পৰিবাৰ ড॰ গীতাশ্ৰী তামুলীৰ নিযুক্তি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত কৰা মন্তব্যৰ পাছতে ড॰ তামুলী আৰু বিধায়ক গগৈয়ে ড॰ তামুলীৰ নিযুক্তিৰ তদন্ত নিজেই দাবী কৰিছে৷ বৰ্তমান ৰাজ্যৰ অন্যতম চৰ্চাৰ বিষয়টো সন্দৰ্ভত আজি তেজপুৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়েও৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে কয় ‘বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে মোকো এই বিষয়ে অৱগত কৰিছে৷’ তেওঁ লগতে কয় ‘বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব৷ মোক কেৱল বিষয়টো অৱগত কৰিছে অখিল গগৈয়ে৷’ উল্লেখ্য, আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে তেজপুৰ বিশ্ববিদ্যালয়ত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতি আৰু বিশ্ববিদ্যালয়খনৰ হিন্দী বিভাগৰ সহযোগত ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ ৩৫সংখ্যক ৰাজ্যিক অধিৱেশন আৰু ৰাষ্ট্ৰীয় আলোচনা আৰম্ভ হৈছে৷ এই উপলক্ষে আজি পুৱা বিদ্যালয়খনৰ কাউন্সিল হলত সমিতিৰ ৰাজ্যিক সভাপতি গজেন্দ্ৰ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ ইয়াতে এডভাণ্টেজ অসম সন্দৰ্ভত সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত বিধানসভাৰ অধ্যক্ষজনে কয় ‘এডভাণ্টেজ অসমৰ ফলত বিদেশী বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰিব৷ এনে সম্ভাৱ্য বিনিয়োগৰ ফলত ৰাজ্যখন উপকৃত হ’ব৷’ তদুপৰি, ঝুমুৰ বিনন্দিনী কাৰ্যসূচী সন্দৰ্ভত দৈমাৰীয়ে কয় যে, ঝুমুৰ বিশ্বত প্ৰতিষ্ঠিত হোৱাৰ বাবে এয়া এক সুযোগ৷ আনহাতে আয়োজিত মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দৈমাৰীয়ে নিজৰ ভাষণত কয় ‘অসমৰ ইতিহাসক বাদ দি ভাৰতৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে৷’ বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে নৰকাসুৰ, বানৰজাৰ দিনৰে পৰা মহাভাৰতৰ প্ৰসংগ উল্লেখ কৰে অসম তথা তেজপুৰৰ স’তে জড়িত কাহিনী উল্লেখ কৰি উপেক্ষিত ইতিহাস সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ কৰে৷ প্ৰসংগক্ৰমে দৈমাৰীয়ে কয় যে, নৰকাসুৰ, বানৰজা, ৰুক্মিণী, ঘটোৎকচ ইত্যাদি একোটা ইতিহাসৰ চৰিত্ৰ৷ আমি সাধুকথা, কাহিনী বুলি উপেক্ষা কৰি অহাৰ বাবে আমাৰ এই সমৃদ্ধিশালী ইতিহাস সম্বন্ধে আজিও বহুলোক জনাৰ পৰা বঞ্চিত হৈ আছে৷ তেওঁ লগতে ভাৰতৰ ইতিহাস সংকলন সমিতিয়ে কৰি থকা কামৰ গুৰুত্বৰ কথা উল্লেখ কৰি দেশৰ ইতিহাস পুৰণি ইতিহাস বুলি উল্লেখ কৰি আমাৰ ইতিহাসৰ ওপৰত ভিত্তি কৰি দেশৰ আন আন ইতিহাস আৰম্ভ হৈছে বুলি উল্লেখ কৰে৷ ভাষণ প্ৰসংগত অধ্যক্ষ দৈমাৰীয়ে তেজপুৰতেই হৰিহৰৰ যুদ্ধ হৈছিল আৰু বাণ ৰজাই দক্ষিণ এছিয়া শাসন কৰিছিল বুলিও কয়৷ প্ৰণিধানযোগ্য যে, এগছি বন্তি প্ৰজ্বলন কৰি পদ্মশ্ৰী মঙ্গল সিং হাজোৱাৰীয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতেই শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী বন্দনা আৰু অঁনাতাৰ শিল্পী দুৰ্গাময়ী বৰাই বৰগীত পৰিৱেশন কৰে উদ্বোধনী অনুষ্ঠানত৷ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি ড॰ ৰণেন্দ্ৰমোহন ডেকাই আদৰণি ভাষণত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৩৫সংখ্যক অধিৱেশনলৈ সকলোকে আদৰণি জনায়৷ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ মহা সচিব হেমন্ত ধিং মজুমদাৰে উদ্বোধন কৰা অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সংগঠন সচিব ড॰ বালমুকুন্দ পাণ্ডেই বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক কৈলাস চন্দ্ৰ বিশাল, মানৱীয় আৰু সমাজ বিজ্ঞানৰ গুৰু অধ্যাপক ড॰ চন্দন শৰ্মা, অসমৰ জিলাসমূহৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ উদ্বোধনী অনুষ্ঠানত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৩৫সংখ্যক ৰাজ্যিক অধিৱেশন উপলক্ষে ড॰ দুলাল চন্দ্ৰ দাস আৰু ড॰ প্ৰণৱজ্যোতি দাসৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘হাৰূপেশ্বৰ’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে৷