Logo
image

গীতা চুই শপতগ্ৰহণ এফবিআইৰ মুৰব্বী কেশ পেটেলৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ ফেব্ৰুৱাৰীঃ  দেশখন আমেৰিকা, য’ৰ বিশ্বখ্যাত তদন্তকাৰী সংস্থা এফ বি আইৰ মুৰব্বী হিচাপে দায়িত্ব ল’লে ভাৰত বংশোদ্ভৱ কেশ পেটেলে৷ খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ সংখ্যাগৰিষ্ঠতা থকা দেশতো নিজ ধৰ্ম, সংস্কৃতিক প্ৰাধান্য দি গীতাত হাত থৈ শপত ল’লে কেশ পেটেলে৷      


তাৎপৰ্যপূৰ্ণ, কেশ পেটেলৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল স্বয়ং ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷ উল্লেখ্য, কেশ পেটেলেই প্ৰথম ভাৰতীয় বংশোদ্ভৱ এফ বি আইৰ প্ৰধান৷ শনিবাৰে হোৱাইট হাউছৰ ইইঅবি ভৱনৰ ভাৰতীয় চুক্তি কক্ষত কেশ পেটেলৰ শপতগ্ৰহণৰ অনুষ্ঠান আয়োজন কৰা হৈছিল৷ অনুষ্ঠান পৰিচালনা কৰিছিল আমেৰিকাৰ এটৰ্নী জেনেৰেল পাম বণ্ডিয়ে৷ অনুষ্ঠানত ট্ৰাম্পে ক’লে–‘মই কেশক পচণ্ড কৰো৷ এই কামৰ দায়িত্ব যাতে তেওঁ লাভ কৰে, সেয়া মই প্ৰথমৰ পৰাই বিচাৰিছিলো৷ এফ বি আইৰ সকলো এজেণ্টে তেওঁক ভীষণ¸ সন্মান কৰে৷ এই পদৰ বাবে কেশ সবাটোকৈ উপযুক্ত৷’