
ৰকিবুল হুছেইনে নিজেই তদন্ত বিচৰা নাইঃ মুখ্যমন্ত্ৰী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ফেব্ৰুৱাৰীঃ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু পুত্ৰ তাঞ্জিল হুছেইনৰ ওপৰত ৰূপহীত সংঘটিত আক্ৰ*মণৰ সৈতে জড়িতৰ নাম ৰাজহুৱা কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংসদজনৰ বিৰুদ্ধে উত্থাপন কৰিছে৷ এক গুৰুতৰ অভিযোগ৷ এই আক্ৰ*মণৰ পাছতে সামাজিক মাধ্যম যোগে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ১০ জন অভিযুক্তৰ নাম ৰাজহুৱা কৰিছিল যিসকলক আৰক্ষীয়ে এই আক্ৰ*মণত জড়িত থকা বুলি চিনাক্ত কৰিছে৷ ইয়াৰ পাছতে শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত তেওঁৰ এসময়ৰ অতি ঘনিষ্ঠ ৰাজনৈতিক সতীৰ্থ হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়–‘কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এক আক্ৰ*মণৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল৷
অৱশ্যে সাংসদজনে চিকিৎসা পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰে৷ এই পৰীক্ষা অবিহনে আইনী প্ৰক্ৰিয়া সঠিকভাৱে নিৰ্ধাৰণ তথা এজাহাৰত ভাৰতীয় ন্যায় সংহিতাৰ (ভাৰতীয় দণ্ডবিধি) উপযুক্ত ধাৰা প্ৰয়োগ কৰিব পৰা নাযায়৷ কংগ্ৰেছ দল আৰু বিৰোধী দলৰ দলপতিয়ে এই স্থিতি মন কৰাটো প্ৰয়োজনীয়৷ সামাজিক মাধ্যমত এই সকীয়নিসূচক মন্তব্যৰ পাছত শনিবাৰে এই সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–ৰকিবুল হুছেইনে অভিযোগ কৰিছে যে তেওঁক কোনোবাই আক্ৰমণ কৰিছে৷ কিন্তু তেওঁ মেডিকেলেই কৰা নাছিল৷ যোৱা নিশাহে মেডিকেল কৰিছে৷ তেওঁ নিজৰ কেছ নিজেই দুৰ্বল কৰি পেলাইছে৷ তেওঁ নিজে তদন্ত বিচৰা নাই৷ ঘটনাৰ ৪৮ ঘণ্টালৈকে তেওঁ মেডিকেল কৰা নাছিল৷ মোৰ টুইটৰ পাছতহে তেওঁ মেডিকেল কৰিবলৈ যায়৷ তেওঁ ২৪ ঘণ্টা পাছতহে আৰক্ষীৰ কাষ চাপিছিল৷ তদন্ত বিচাৰিলে সেই দিনাই আৰক্ষীৰ ওচৰ চাপিল হয়৷