মধ্য প্ৰদেশত বিনিয়োগ সন্মিলন মুকলি কৰি আজি অসমত মোদী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ফেব্ৰুৱাৰীঃ অসমলৈ অহাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলন উদ্বোধন কৰে৷ ভূপালত আয়োজিত বিনিয়োগ সন্মিলনত বিশ্বৰ ৬০ খন আগশাৰীৰ ৰাষ্ট্ৰৰ ৩০০ ৰো অধিক উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে৷ মুলতঃ ফাৰ্মাচিটিউকেল, পৰিবহণ, যোগাযোগ, দক্ষতা বৃদ্ধি আৰু পৰ্যটনক অগ্ৰাধিকাৰ দি এই বিনিয়োগ সন্মিলন আয়োজন কৰা হৈছে৷ ভূপাল বিনিয়োগ সন্মিলনে এখন অটো প্ৰদৰ্শনী আৰু তাৰ লগতে টেক্সটাইল তথা ফেচন প্ৰদৰ্শনীও আয়োজন কৰিছে৷ মধ্যপ্ৰদেশৰ চট্টৰপুৰত প্ৰধানমন্ত্ৰী মোদীয়ে বাগেশ্বৰ বাবাই প্ৰতিষ্ঠা কৰা ‘বাগেশ্বৰ ধাম মেডিকেল এণ্ড ছায়েন্স ৰিচাৰ্ছ ইনষ্টিটিউট’ উদ্বোধন কৰে৷ ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ভূপালত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলন উদ্বোধন কৰে৷ বৃহৎ পৰিসৰত আয়োজিত এই বিনিয়োগ সন্মিলন উদ্বোধন কৰি বিদেশী উদ্যোগপতিক প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ আদৰণি জনায় আৰু মধ্যপ্ৰদেশ তেওঁলোকৰ বাবে যোগাযোগ, শক্তি যোগান ইত্যাদিৰ ক্ষেত্ৰত অতি সূচল হ’ব আশ্বস্ত কৰে৷ মধ্যপ্ৰদেশত বিনিয়োগৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰেই বিনিয়োগকাৰীক যথোপযুক্ত সুবিধা প্ৰদানৰো আশ্বাস দিয়ে৷ ভূপালৰ পৰা প্ৰধানমন্ত্ৰী মোদী বিহাৰলৈ ৰাওনা হয়৷ নিৰ্বাচনমুখী ৰাজ্যখনৰ পৰাই মোদীয়ে পি এম কিষাণ আঁচনিৰ ২১,৫০০ কোটি টকাৰ ১৯ সংখ্যক কিস্তি কৃষকক প্ৰদান কৰে৷ বিহাৰৰ পৰা কাইলৈ আহি প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হ’ব৷ তেওঁ ঝুমুৰ নৃত্যৰ অভিলেখ সৃষ্টিকাৰী প্ৰদৰ্শন উপভোগ কৰাৰ লগতে গুৱাহাটীত আয়োজিত এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ সন্মিলনো উদ্বোধন কৰিব৷ জ্জ্ব সহস্ৰাধিক শিল্পীয়ে সোমবাৰে সৰুসজাই ইন্দিৰা গান্ধী ষ্টেডিয়ামত অভিলেখৰ বাবে ঝুমুৰ নৃত্যৰ এক অভিনৱ অনুষ্ঠানত ভাগ ল’ব৷ প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে খানাপাৰাত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলন উদ্বোধন কৰিব৷ এডভাণ্টেজ আছাম শীৰ্ষক এই সন্মিলনত ৩৬ খন দেশৰ দ্বিশতাধিক বিনিয়োগকাৰীয়ে ভাগ ল’ব৷
‘এডভাণ্টেজ আছাম’ত ১.৩৮ লাখ কোটি টকা বিনিয়োগত
ৰাজ্যিক কেবিনেটৰ অনুমোদন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘এডভাণ্টেজ আছাম ২.০ আৰম্ভ হোৱাৰ পূৰ্বেই আজি ৰাজ্যিক কেবিনেটে ১,২২,০০০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বুজাবুজিৰ চুক্তিত অনুমোদন জনায়৷ ইয়াৰ লগতে স্থানীয়ভাৱে জিলা ভিত্তিক ১৫,৯১১ কোটি টকাৰ বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হৈছে৷ হেণ্ডলুম, মাইনছ এণ্ড মিনাৰেল আদি খণ্ডৰ বিনিয়োগ অনুমোদন জনোৱা হৈছে৷ এডভাণ্টেজ আছাম ২.০ আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰায় ১.৩৮ লাখ কোটিৰ বিনিয়োগ ৰাজ্যত লেণ্ডিং হ’ল৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদমেলত এডভাণ্টেজ আছাম ২.০ ৰ আৰম্ভণি খুব ‘ব্ৰাইট’ আৰু ‘চানি’ভাৱে আৰম্ভ হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়–‘কাইলৈ নিশা ঝুমুৰৰ অনুষ্ঠানৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পোনে পোনে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ আহিব আৰু ফিটা কাটি এডভাণ্টেজ আছাম ২.০ ৰ প্ৰদৰ্শনী মুকলি কৰিব৷ ২৫ ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে দিনৰ ১০ বজাত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এডভাণ্টেজ আছাম ২.০ উদ্বোধনী কৰিব৷ প্ৰধানমন্ত্ৰীয়ে প্লেনাৰী ছেচন আৰম্ভ কৰিব৷ প্লেনাৰী ছেচনত ২২ শ মানুহে বহিব পাৰিব৷ ইয়াৰ বাবে সুকীয়া পাছৰ ব্যৱস্থা কৰা হৈছে৷ বিনিয়োগ সন্মিলনলৈ যোৱা সকলোৱে প্লেনাৰী ছেচনত প্ৰৱেশ কৰিব নোৱাৰিব৷ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যপাল ডাঙৰীয়া, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভূটানৰ কৃষিমন্ত্ৰী উপস্থিত থাকিব৷ আনহাতে উদ্যোগজগতৰ পৰা টাটা ছনচৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ ধীৰুভাই আম্বানী, গৌতম আদানী, বেদান্ত গ্ৰুপৰ অনিল আগৰৱালা, সজ্জন জিণ্ডাল, প্ৰশান্ত ৰুইয়া, অনিল চেট্টী, সাৱিত্ৰী জিণ্ডাল, অভিজিৎ বৰুৱা, অনুপম ডেকা, পি গোৱেংকা, অইলৰ চি এম ডি আদি উপস্থিত থাকিব৷ প্লেনাৰী চেছন শেষ হোৱাৰ পাছতে মন্ত্ৰীসকলৰ ছেচন আৰু থেমেটিক ছেচন আৰম্ভ হ’ব৷ ২৬ ফেব্ৰুৱাৰীৰ শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিটত কুম্ভমেলাত ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ২৬ তাৰিখৰ পৰিৱৰ্তে ২৫ ফেব্ৰুৱাৰীতে এডভাণ্টেজ আছাম ২.০ ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ কিছুমান বিনিয়োগৰ বতৰা প্লেনাৰী ছেচনৰ ভাষণতো আহিব৷ প্ৰধানমন্ত্ৰী যদিহে কিবা ঘোষণা কৰে বা মুকেশ, গৌতম আদানি আদিয়ে কিবা ঘোষণা কৰে সেয়া ভাষণতে থাকিব৷ সন্মিলনত বিনিয়োগ আন্তঃগাঁথনি, নন ফাইনেনছিয়েল, ফাইনেনছিয়েল আদি চাৰিটা শিতানত হ’ব৷ ৫০ কোটি টকাৰ অধিক বিনিয়োগৰহে খানাপাৰা খেলপথাৰত চুক্তি হ’ব৷ বিদেশ মন্ত্ৰী এছ জয় শংকৰৰ নেতৃত্বত ৬১ খন দেশৰ হেড অব মিছন আজি আহি কাজিৰঙা পাব৷ তেওঁলোকে নিশাটো কাজিৰঙাত কটায় কাইলৈ গুৱাহাটী আহি পাব৷ সংশ্লিষ্ট দেশসমূহৰ উপৰিও জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ, টাইৱান, ইণ্ডোনেচিয়া মালয়েছিয়া আৰু ভূটানৰ বিজনেছ ডেলিগেশ্বন থাকিব৷ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত এডভাণ্টেজ আছাম ২.০ অনুষ্ঠিত হ’ব যদিও এক মাৰ্চলৈকে খানাপাৰা খেলপথাৰত প্ৰদৰ্শনী থাকিব৷ পঞ্জীয়ন নকৰা ৰাইজে ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ খানাপাৰা খেলপথাৰলৈ গৈ প্ৰদৰ্শনী চাব পাৰিব৷’ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উপলক্ষে আজি জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আয়ুক্তসকলৰ সৈতে আয়োজিত এক বৈঠকৰ অধ্যক্ষতা কৰে৷ এই সন্মিলনখন ৰাজ্যজুৰি অনুষ্ঠিত কৰাৰ অংশ হিচাপে সংশ্লিষ্ট জিলাসমূহত ৫ লাখৰ পৰা ৫০ কোটি টকালৈকে বুজা-বুজিৰ চুক্তিসমূহ স্বাক্ষৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বৈঠকত তেওঁ জিলা আয়ুক্তসকলক দায়িত্ব অৰ্পণ কৰে৷ বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে যদিও শীৰ্ষ সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত হ’ব কিন্তু ৰাজ্যৰ প্ৰতিটো প্ৰান্তই এই শীৰ্ষ সন্মিলনখনৰ অংশীদাৰ হ’ব৷ তেওঁ কয় যে শীৰ্ষ সন্মিলনখনৰ অংশ হিচাপে যিসমূহ বুজা-বুজিৰ চুক্তি স্বাক্ষৰ হ’ব সেইসমূহৰ ভিতৰত কেতবোৰ চুক্তি কেইবাখনো জিলাত স্বাক্ষৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ গুৱাহাটীত অনুষ্ঠিত শীৰ্ষ সন্মিলনখনৰ উপৰি ৫ লাখৰ পৰা ৫০ কোটি টকাৰ পৰিসৰলৈকে বুজা-বুজিৰ চুক্তিসমূহ সংশ্লিষ্ট জিলাসমূহত স্বাক্ষৰিত হ’ব৷ তেওঁ কয় যে ১৫,৯১১ কোটি টকা সামৰি ২৫৯০ টা ক্ষুদ্ৰ বুজা-বুজিৰ চুক্তি জিলা পৰ্যায়ত স্বাক্ষৰিত হ’ব৷ তদুপৰি, সন্মিলনখনৰ লক্ষ্য আৰু দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি বুজা-বুজিৰ চুক্তিসমূহ স্বাক্ষৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গাহৰি পালকে ধৰি ৩৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ বাতিল কৰা হৈছে৷






