Logo
image

প্ৰধানমন্ত্ৰী আহিব ! ক্ষুদ্ৰ ব্যৱসায়ীক উচ্ছেদ কৰি ৰাজপথ চিকুণাইছে প্ৰশাসনে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তত ৰূপেই সলনি হৈ পৰিছে৷ পূৰ্বৰ সেই  কদৰ্যময়  গুৱাহাটীৰ বাহ্যিক ৰূপ নিশাটোৰ ভিতৰতে সলনি কৰি দিয়া হৈছে৷ এই মুহূৰ্তত মহানগৰীৰ সৰ্বত্ৰে উখল-মাখল পৰিৱেশ৷ কিয়নো কাইলৈ অৰ্থাৎ সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব গ্ৰীনিজ ৱল্ডৰ্ ৰেকৰ্ডৰ ঝুমুৰ নৃত্য অনুষ্ঠান৷ প্ৰায় ৯ হাজাৰ চাহ বাগানৰ যুৱক-যুৱতীয়ে প্ৰদৰ্শন কৰিবলগীয়া ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ঝুমুৰ নৃত্যৰ বিশ্ব ৰেকৰ্ডৰ পাছতেই মঙলবাৰ আৰু বুধবাৰে খানাপাৰাত অনুষ্ঠিত হ’ব  এডভাণ্টেজ আছাম ২.০৷ গুৱাহাটীৰ এই বিশ্ব বিনিয়োগ সন্মিলনলৈ দেশৰ লগতে বিদেশৰো আগশাৰী উদ্যোপতি তথা বিনিয়োগকাৰীৰ এতিয়াৰ আগমণ ঘটিছে৷ ভি আই পি-ভি ভি আই পিৰ সন্মুখত গুৱাহাটী মহানগৰীখনক চাফ-চিকুন ৰূপে তুলি ধৰাৰ বাবে ৰং-তেল ঘঁহি সৌন্দৰ্যবৰ্ধন কৰি তুলিছে প্ৰশাসনে৷ এই বিশ্ব বিনিয়োগ সন্মিলনত ১ লাখ ২২ হাজাৰ কোটি টকা বিনিয়োগৰ চুক্তি সম্পন্ন হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে, প্ৰধানমন্ত্ৰীৰ লগতে দেশ-বিদেশৰ বিনিয়োগকাৰীৰ দুদিনীয়া গুৱাহাটী ভ্ৰমণৰ নামত এতিয়া বিগত ২০-৩০ দিন ধৰি পেটত গামোচা বান্ধি থাকিবলগীয়া হৈছে থলুৱা শ্ৰমজীৱী একাংশ ব্যৱসায়ীয়ে৷ কিয়নো ঝুমুইৰ বিনন্দিয়া আৰু এডভাণ্টেজ আছামৰ নামত বিগত প্ৰায় এমাহ ধৰি গুৱাহাটীৰ পদপথত দোকান-বজাৰ বহিবলৈ দিয়া নাই গুৱাহাটী পৌৰ নিগমে৷ নিশা নিশা জি এম চিৰ অভিযানকাৰী দলে মহানগৰীৰ পদপথৰ ব্যৱসায়ৰ প্ৰতিষ্ঠান উচ্ছেদ কৰাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে কোনো মতে পেটে ভাতে খাই চলি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকল৷


দেওবাৰে যেন প্ৰশাসনৰ উচ্ছেদ অভিযানে দুখোপ চৰে৷ প্ৰধানমন্ত্ৰী আৰু ভি ভি আই পিৰ আগমণৰ দোহাই দি দেওবাৰে বেলতলাৰ সপ্তাহিক বজাৰখনকে বন্ধ কৰি দিয়ে প্ৰশাসনে৷ কোনো আগজাননী নিদিয়াকৈ জি এম চিয়ে আকস্মিকভাৱে পুৱাৰে পৰা বেলতলা বজাৰত উচ্ছেদ চলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ব্যৱসায়ীসকলৰ৷ দূৰ-দূৰণিৰ পৰা পুৰুষ-মহিলা জনজাতীয় লোকসকলে শাক-পাচলি বোজা কঢ়িয়াই বেলতলা বজাৰত উপস্থিত হয় যদিও জি এম চিয়ে বজাৰ মেলাত বাধা দিয়াত এক প্ৰকাৰ মূৰে কঁপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ ফলত কোনো পাচলি বিক্ৰী নকৰাকৈ অহা বাটে ঘূৰি যাবলৈ বাধ্য হয় ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ এনেদৰে আকস্মিকভাৱে বজাৰ বন্ধ কৰি দিয়াত বিক্ৰীৰ বাবে ক্ৰয় কৰি অনা শাক-পাচলিৰ মূল্য কোনে ভৰিব বুলিও ক্ষোভ ব্যক্ত কৰা দেখা যায় ব্যৱসায়ীসকলক৷ কেৱল বেলতলা বজাৰেই নহয়, দেওবাৰে বেলতলা, খানাপাৰা, লখৰা, জালুকবাৰী, জি এছ ৰোড, পাঞ্জাবাৰী, মালিগাঁও, কামাখ্যা আদি অঞ্চলৰ সকলো মূল মূল পথৰ কাষৰ অস্থায়ী ব্যৱসায় প্ৰতিষ্ঠান সমূহকো উচ্ছেদ কৰে জি এম চিয়ে৷ বিশেষকৈ জালুকবাৰীৰ পৰা খানাপাৰালৈ জি এছ ৰোডৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বিগত এমাহ ধৰি উচ্ছেদ অব্যাহত ৰাখিছে প্ৰশাসনে৷ আ(ৰ্যজনক বিষয়টো হৈছে, উচ্ছেদৰ নামত জি এম চিয়ে অস্থায়ী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি পেলোৱাই নহয়, হাজাৰ হাজাৰ টকাৰে ক্ৰয় কৰা চকী-মেজ তথা কাঠৰ আচ-বাব আদিত গাড়ীত তুলি লৈ যোৱাৰো অভিযোগ উঠিছে৷ আনকি উচ্ছেদ কৰা এনে সামগ্ৰী বাছি বাছি জি এম চিৰ একাংশ কৰ্মচাৰীৰে ঘৰলৈ লৈ যোৱাৰ লগতে আন একাংশ সামগ্ৰী গোপনে বিক্ৰী কৰি দিয়াৰো অভিযোগ উঠিছে৷ কিন্তু ভি আই পি আহে আৰু যায় যদিও খাটিখোৱা লোকসকলক উচ্ছেদৰ ফলত হোৱা লোকচানৰ কথা যেন চিন্তা কৰোতাহে কোনো নাই৷