প্ৰধানমন্ত্ৰীলৈ অজাপৰ ১৭টা প্ৰশ্ন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ফেব্ৰুৱাৰীঃ অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অসম জাতীয় পৰিষদে ১৭টা প্ৰশ্ন উত্থাপন কৰিছে৷ সৰুসজাইত প্ৰধানমন্ত্ৰীয়ে আগবঢ়াবলগীয়া ভাষণত অসমবাসী উদ্দেশ্যে এই ১৭টা প্ৰশ্নৰ উত্তৰ দিবলৈ দলটোৱে প্ৰধানমন্ত্ৰীক আহ৩ান জনাইছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই প্ৰশ্নকেইটা উত্থাপন কৰি কয়– অসমক প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী বুলি অভিহিত কৰি এ ফৰ এপল নহয়, এফৰ আছাম হ’ব লাগে বুলি কৈ অসমক দেশৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য বুজাইছিল৷ কিন্তু বাস্তৱত অসমৰ সমস্যা, অসমবাসীৰ দাবী আৰু অসমবাসীক দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত বিজেপিৰ চৰকাৰে সদায় ইউ টাৰ্ণ লৈ আহিছে৷ বিগত কেইবাটাও নিৰ্বাচনত অসমবাসীয়ে বিজেপিক বৰ আশাৰে ভোট দিছিল৷ অসমবাসীৰ ভোট লৈ প্ৰতিশ্ৰুতি পূৰণ নকৰাটো প্ৰতাৰণামূলক কাৰ্য৷ জাতীয় পৰিষদে প্ৰধানমন্ত্ৰীক উত্থাপন কৰা প্ৰশ্নকেইটা হ’ল– ১) বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কেতিয়া হ’ব? বিদেশীয়ে টালি-টোপোলা বান্ধি কেতিয় দেশ এৰিব? ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল, সকলো অবৈধ বিদেশীয়ে টালি টোপোলা বান্ধি ৰাখক, ১৬ মে’ৰ পিছত ভাৰত এৰিব লাগিব৷ ২) অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় বিপ্লব শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন কমিটীৰ প্ৰতিবেদনখন এতিয়া কি পৰ্যায়ত আছে? কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন পালে নে? কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিব তথা কমিটীৰ সদস্য সচিব সত্যেন্দ্ৰ গাৰ্গে প্ৰতিবেদনত চহী কৰিলেনে? কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ কৰিলে নে? ৩) খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ কেতিয়া নিশ্চিত হ’ব? অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পৰামৰ্শদাতা উচ্চস্থৰীয় কমিটীৰ প্ৰতিবেদন দাড়ি-কমা নকটাকৈ কাৰ্যকৰী কৰিম বুলি ৰাজ্যসভাত ভাৰতৰ গৃহমন্ত্ৰীয়ে ২০১৯ চনৰ ১১ ডিচেম্বৰত ঘোষণা কৰিছিল৷ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰৰ গৃহ বিভাগে ২০১৯ চনৰ ১৫ জুলাইত ১৩ জনীয়া উক্ত উচ্চ স্থৰীয় কমিটিখন গঠন কৰি দিছিল৷ কমিটিয়ে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন প্ৰস্তত কৰি কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব বিচাৰিছিল, কিন্তু চৰকাৰে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে৷ আনকি কমিটিত কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰতিনিধি হিচাপে মনোনিত কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব তথা কমিটিখনৰ সদস্য সচিব সত্যেন্দ্ৰ গাৰ্গে প্ৰতিবেদনত চহীয়ে নকৰিলে৷ ৪) অসমৰ অবৈধ কয়লা খনন আৰু ছিণ্ডিকেটৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কেতিয়া আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব? অসমত ব্যাপক হাৰত অবৈধ কয়লাৰ খনন, সৰবৰাহ আৰু ছিণ্ডিকেট চলি থকাৰ কথা সৰ্বজনবিদিত৷ স্বয়ং গুৱাহাটী উচ্চ ন্যায়ালয়তো এই কথা উন্মোচিত হৈছে৷ আৰু ন্যায়ালয়ে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিব লগা হৈছে৷ প্ৰাঞ্জল মৰাণৰ হত্যাকাণ্ডৰ ৰা আৰম্ভ কৰি উমৰাংছঅৰ শ্ৰমিক মৃত্যুলৈকে লৈকে ঘটনাবোৰে অবৈধ সাম্ৰাজ্যৰ পৃষ্ঠা উন্মোচন কৰিছে৷ অসম জাতীয় পৰিষদে কয়লা কেলেংকাৰী চৰকাৰৰ ছত্ৰছায়াত কেনেকৈ সংঘটিত হৈ আহিছে আৰু তাত বিজেপি দলৰ লোক কেনেকৈ জড়িত হৈ আছে, সেয়া তথ্য-প্ৰমাণসহ উদঙাই দিয়াৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ অসম জাতীয় পৰিষদে সমগ্ৰ ঘটনাৱলী বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীলৈ দুবাৰ স্মাৰকপত্ৰপ্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছিল যদিও কিয় একো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই? ৫)অসমৰ চৌদিশে চলি থকা ব্যাপক দুৰ্নীতি, কমিচনৰাজৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব? বাট পথ, ফ্লাই অভাৰ, হাইৱেঅ নিৰ্মাণত ব্যাপক অনিয়ম, উক্ত নিৰ্মাণ কাৰ্যসমূহত অতিৰিক্ত পুঁজি ধাৰ্য্য কৰি ৰাজহুৱা ধনৰ অসৎ ব্যৱহাৰ আদি চি বি আই, ই ডি, আয়কৰ বিভাগ আদি কেন্দ্ৰীয় সংস্থাসমূহৰ কিয় চকুত পৰা নাই? ৬) অসমৰ ওপৰত ২৭খন টোল গেট জাপি দিলে কিয়? টোল কৰ লোৱা স্বত্বেও ঘাইপথৰ অৱস্থা শোচনীয় কিয়? ২০১৪ চনৰ পূৰ্বে অসমত এখনো টোলগেট নাছিল৷ বৰ্তমানে ৰাজ্যত ৭)খন টোলগেট চলি আছে৷ অসম বিধান সভাত চৰকাৰে জনাইছে যে ৰাজ্যত মুঠ ২৭খন টোলগেট হ’ব৷ ঘাইপথ নিৰ্মাণৰ কাম শেষ নোহোৱাকৈ বা ঘাইপথৰ শোচনীয় অৱস্থা হৈ ঠকা স্বত্বেও ইমান উচ্চ হাৰত টোল কৰ কিয় লৈ থকা হৈছে৷ ৮) নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত বিজেপি চৰকাৰে ওলোটা খৰ মাৰিলে কিয়? নামনি সোৱনশিৰি জঃ বিঃ প্ৰকল্পয়ে বিপদজনক সকলোৱে দেখিছে৷ বিজেপি ক্ষমতালৈ আহিলে প্ৰকল্প বন্ধ কৰিম বুলি ঘোষণা কৰিছিল৷ ২০১০ চনৰ ১৭ ছেপ্টেম্বৰত গেৰুকামুখত বিশাল প্ৰতিবাদী সভাত বিজেপিৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে এই ঘোষণা কৰিছিল৷ কিন্তু ফুটুকাৰ ফেন হ’ল৷ ৯) প্ৰতিশ্ৰুতি মতে ১৫ লাখ টকা বেংক একাউণ্টত কেতিয়া সোমাব? ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে কৈছিল যে চুইছ বেংকত জমা থকা ভাৰতীয় ক’লা ধন ওভতাই আনি সকলো ভাৰতীয় মানুহৰ বেংক একাউণ্টত ১৫ লাখকৈ টকা ভৰাই দিয়া হ’ব৷ তাৰ বাবে ২০১৪ চনত, এবছৰতে ৰাইজে ৪৭.৮ কোটি জনধন একাউণ্ট খুলিছিল৷ ৯) খাদ্য-দ্ৰব্য, ৰন্ধন গেছ, পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্য কেন্দ্ৰীয় নিয়ন্ত্ৰণ হ’ব? আচ্চে দিন আহিব বুলি কৈছিল৷
১০) অসমৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কেতিয়া হ’ব? অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰীয়ে৷ ২০১৪ চন ৮ ফেব্ৰুৱাৰীত খানাপাৰা খেলপথাৰত বিজেপিৰ মহা জাগৰণ ৰেলীত এই প্ৰতিশ্ৰুতি দিছিল৷ ১১) কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নিয়ম উলংঘা কৰি অসম চৰকাৰে জনসাধাৰণৰ ওপৰত জাপি দিয়া স্মাৰ্ট মিটাৰৰ বোজা অসহনীয় হৈ পৰিছে৷ ৰাজ্যৰ চৌদিশে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজ সৰৱ৷ সেয়েহে ঘৰুৱা স্মাৰ্ট মিটাৰ সংযোগসমূহ প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় তৰকাৰে বান্ধি দিয়া নিয়ম পালন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কেতিয়া নিৰ্দেশ দিব? ১২) মাতৃভাষা মাধ্যমৰ বিদ্যালয় ধবংসৰ ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰত আপুনি মৌন কিয়? ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ আনকি আঞ্চলিক ভাষাত মেডিকেল-ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমো দেশৰ অন্য ৰাজ্যত বিজেপি চৰকাৰে আৰম্ভ কৰিছে৷ কিন্তু অসমত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধবংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰ৷ অসম চৰকাৰৰ এনে পদক্ষেপ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি হস্তক্ষেপ কৰিবলৈ অনুৰোধ কৰিছিলো৷ কিন্তু প্ৰধানমন্ত্ৰী নিমাত৷ ১৩) কৃষকৰ আয় কেতিয়া দুগুণ হ’ব? নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকৰ আয় দুগুণ কৰাৰ পদক্ষেপ হাতত লোৱাৰ কথা কৈছিল৷ এই বিষয়ে কওঁতে তেওঁ অসমৰো নাম উল্লেখ কৰিছিল৷ কিন্তু দেখা গৈছে কৃষকৰ আয় কমিছেহে৷ ১৪) অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কেতিয়া ঘূৰাই দিব? দীৰ্ঘ দিনৰে পৰা অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ ৰাজ্য হিচাপে কিছুমান অতিৰিক্ত সুবিধা পাইছিল৷ সকলো কেন্দ্ৰীয় ধবজাবাহী আঁচনিত ৯০: ১০ হাৰত ধন অসমে লাভ কৰি আহিছিল৷ মোদী চৰকাৰে সেয়া প্ৰত্যাহাৰ কৰে কিয়? এই সুবিধা কেতিয়া ওভতাই দিব? ১৫) ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি বিজেপি দলে বিগত প্ৰায় দুটা দশক ধৰি অসমবাসীক প্ৰতিশ্ৰুতি দি আহিছে যদিও বিজেপিৰ চৰকাৰে এই দিশত কোনো ইতিবাচক পদক্ষেপ গ্ৰবণ কপা নাই৷ উক্ত জনগোষ্ঠীৰ জনজাতিকৰণৰ ঘোষণা কেতিয়া হ’ব? ১৬) অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল ঘনিষ্ঠসকলৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ কেতিয়া তদন্ত হ’ব? অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অবৈধ উপায়েৰে চৰকাৰী মাটি হস্তান্তৰ কৰি বৃহৎ ভূমি কেলেংকাৰীত জড়িত হোৱাৰ তথ্য ৰাজহুৱা হৈছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ বিৰুদ্ধেও ব্যাপক বিত্তীয় অনিয়ম কৰাৰ তথ্য ওলাইছে৷ এইবোৰৰ তদন্ত কিয় হোৱা নাই? অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈ অহা দুৰ্নীতিৰ তদন্ত কৰা হ’ব বুলি বিজেপি কেন্দ্ৰীয় সমিতিয়ে পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াম বুলি দাবী কৰিছিল৷ সেই তদন্ত কেতিয়া হ’ব? ১৭) চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধি আৰু বাগানৰ এলেকা সংকোচনেৰে বাগানৰ শ্ৰমিক জীৱন-জীৱিকাৰ প্ৰতি অনা ভাৱুকি প্ৰতিৰোধৰ কি স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে? চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি বিজেপি দলে ২০১৬ চনত ভিজন ডকুমেণ্টত দিছিল৷ বৰ্তমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলে গড়ে ২৫০ টকা আৰু বৰাক উপত্যকাৰ শ্ৰমিকে টকা ২২৮ লাভ কৰি আহিছে৷ স্ফয়ং প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত অসমৰ চাহ শ্ৰমিকে কম পাৰিশ্ৰমি পাই আহিছে বুলি উল্লেখ কৰিছিল৷ চাহ বাগানৰ ১০ শতাংশ ভূমি অনা কৃষি কৰ্মত ব্যৱহাৰ কৰাৰ আইন প্ৰণয়ন কৰি অসম চৰকাৰে বাগানৰ মাটিত হোটেল, ৰিজৰ্ট তথা অন্য ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ পথ মুকলি কৰাৰ পিছত এতিয়া চাহ বাগানৰ এলেকা সংকোচন আৰু তাৰ ফলত চাহ বাগানৰ শ্ৰমিকসকলৰ কৰ্মসংস্থাপন হ্ৰাস হোৱাৰ আশংকা দেখা দিছে৷ বিজেপি চৰকাৰৰ উক্ত দুয়োটা কাম চাহ বাগানৰ শ্ৰমিক সম্প্ৰদায়ৰ স্বাৰ্থৰ বিপৰীত৷ গতিকে এফালে বিজেপিৰ চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ব্যৱস্থা আৰু আনফালে তেওঁলোকৰ কৰ্মসংস্থাপন হ্ৰাসৰ প্ৰত্যাহ৩ান নাইকিয়া কৰা– এই দুয়োটা পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন৷






