বকোৰ চন্দ্ৰা-বৰুৱাত বনজ সম্পদৰ ওপৰত এটা বৃহৎ চক্ৰৰ লুণ্ঠণ
'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদক, ২৪ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বকোৰ ভিন্ন প্ৰান্তত এটা বৃহৎ চক্ৰই অবিৰতভাৱে বনজ সম্পদৰ ওপৰত লুণ্ঠণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। বন বিভাগৰ জ্ঞাতসাৰেই এই চক্ৰটোৱে শিংৰা নদীৰ বুকুত বালি খননকাৰ্য অব্যাহত ৰখাৰ ফলত জন জীৱনৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বনজ সম্পদৰ সুৰক্ষাৰ বাবে নিয়োজিত বন বিভাগৰ দায়িত্বহীনতাৰ বাবেই পশ্চিম কামৰূপৰ অধিকাংশ অঞ্চলত থকা মূল্যৱান বনজ সম্পদ আজি প্ৰায় নিঃশেষ হ'ব ধৰিছে। পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' সুবোধ তালুকদাৰৰ দুৰ্বল স্থিতিৰ বাবেই কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন প্ৰান্তত একপ্ৰকাৰ মুকলিভাৱেই চলিছে বনজ সম্পদৰ লুণ্ঠণ। অঞ্চলটোৰ একাংশ মাফিয়া লুণ্ঠণকাৰী তথা অসাধু ব্যৱসায়ীৰ কু-কৰ্মৰ বাবে সম্প্ৰতি ধ্বংস যজ্ঞত পৰিণত হৈছে পশ্চিম কামৰূপৰ বনজ সম্পদ। বন বিভাগৰ এনে ৰহস্যজনক স্থিতিৰ বাবেই বকোৰ শিংৰা নদীৰ তাৰাবাৰী এলেকাত দিনে নিশাই চলিছে অবৈধ বালি খননকাৰ্য। বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন তথা নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত তাৰাবাৰীৰ নিচেই কাষতে চন্দ্ৰা-বৰুৱাত শিংৰা নদীৰ বুকুত দীৰ্ঘদিন ধৰি চলিছে অবৈধ বালি খননকাৰ্য।
এনে অবৈধ বালি খননকাৰ্যৰ ফলত অঞ্চলটোৰ জন জীৱনলৈ তীব্ৰ ভাবুকি অহা বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ সচেতন ৰাইজে। একাংশ লোকে অভিযোগ কৰা মতে, এটা বৃহৎ চক্ৰই তাৰাবাৰী, চন্দ্ৰা, বৰুৱা আদি অঞ্চলত শিংৰা নদীৰ বুকুত শক্তিশালী মেচিন বহুৱাই অহৰহভাৱে বালি খনন কৰি বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছে। অঞ্চলটোৰ এচাম সচেতন লোকে ব্যক্ত কৰা মতে, বন বিভাগৰ অনুমতি অবিহনে বালি মাফিয়া চক্ৰটোৱে চলোৱা এনে অবৈধ বালি খননৰ বাবে শিংৰা নদীৰ মাছ, কাছৰ লগতে দুষ্প্ৰাপ্য শিহুলৈও ভাবুকি কঢ়িয়াই আনিছে। এনে অবৈধ বালি খননৰ বাবে শিংৰা নদীৰ জৈৱবৈচিত্ৰৰ ব্যাপক পৰিৱৰ্তন হোৱাৰ কথাও ব্যক্ত কৰিছে স্থানীয় লোকে। অভিযোগ অনুসৰি, শিংৰা নদীত অব্যাহত অবৈধ বালি খননকাৰ্য বন বিভাগৰ লোকে দেখিও নেদেখাৰ ভাও ধৰি আহিছে। দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ বালি খনন কৰি সেই বালি ট্ৰেক্টৰ, চাৰিচকীয়া বাহনেৰে সৰবৰাহ কৰাত অঞ্চলটোৰ বাট-পথৰ অৱস্থাও অতিকৈ শোচনীয় হৈ পৰিছে। একাংশ স্থানীয় লোকে জনোৱা মতে, পূৰ্বৰ তুলনাত সাম্প্ৰতিক সময়ছোৱাত অধিক বৃদ্ধি পাইছে অবৈধ বালি খননকাৰ্যৰ লগতে বনজ সম্পদৰ লুণ্ঠণ। অভিযোগ অনুসৰি, মূলতঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ'ৰ দুৰ্বল ও ৰহস্যজনক নীৰৱতাৰ বাবেই সমগ্ৰ পশ্চিম কামৰূপ অঞ্চলতে ব্যাপকভাৱে চলিছে বনজ সম্পদৰ লুণ্ঠণ।






