Logo
image

বিধানসভাৰ তথ্য বহিঃৰাজ্যত বন্দী অসমৰ ৩১০টা ঘৰচীয়া হাতী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ ফেব্ৰুৱাৰীঃ  তামিলনাডুৰ এটা মন্দিৰত বন্দী অসমৰ জয়মালা নামৰ হাতীজনীক কিদৰে মাউতে অবৰ্ণনীয় অত্যাচাৰ চলাইছিল, সেই ঘটনা ছাগৈ ৰাজ্যবাসীয়ে আজিও পাহৰা নাই৷ জয়মালাক অত্যাচাৰৰ দৃশ্য আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী সংস্থা পেটা ইণ্ডিয়াই ৰাজহুৱা কৰাৰ পাছতেই অসমৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পাছতেই অসম চৰকাৰৰ বন বিভাগৰ এটা দলে জয়মালাক অসমলৈ ঘূৰাই অনাৰ বাবে তামিলনাডুলৈ গৈছিল যদিও মন্দিৰ কতৃৰ্পক্ষই আস্থা আৰু ভাৱনাৰ দোহাই দি জয়মালাক ঘূৰাই পঠিয়াবলৈ অমান্তি হৈছিল৷ এই ঘটনাৰ পাছতেই অসমৰ বৃহৎ সংখ্যক হাতী বহিঃৰাজ্যত বন্দী হৈ থকাৰ তথ্য পোহৰলৈ আহিছিল৷ সৌ সিদিনা গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ ‘বনতাৰা’ চিৰিয়াখানালৈ অসমৰ মাজেৰে একেলগে অৰুণাচলৰ পৰা ১৮ টাকৈ হাতী সৰবৰাহ কৰাক লৈয়ো ৰাজ্যবাসীয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল৷ আম্বানীৰ চিৰিয়াখানালৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হাতী সৰবৰাহক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ দেশৰ বিভিন্ন ৰাজ্যত বন্দী হৈ থকা অসমৰ ঘৰচীয়া হাতীৰ তথ্য ৰাজহুৱা কৰিছে বন বিভাগে৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনত বন বিভাগে সদৰী কৰা অনুসৰি দেশৰ ১৩ খন ৰাজ্যত বন্দী হৈ আছে অসমৰ মুঠ ৩১০ টা হাতী৷


অৱশ্যে, কি কাৰণত অসমৰ তিনি শতাধিক হাতী বহিঃৰাজ্যত বন্দী হৈ আছে সেই তথ্য ৰাজহুৱা নকৰিলেও বহিঃৰাজ্যৰ পৰা উক্ত বন্দী হাতীক ঘূৰাই অনাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ কথাও অসহায়ভাৱে স্বীকাৰ কৰিছে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ বিধানসভাত বিভাগীয় মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি বিহাৰত সৰ্বাধিক ১৬২ টা অসমৰ হাতী বন্দী হৈ আছে৷ ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশত ৯৩ টা, কেৰালাত ১৩ টা, গুজৰাটত ১২ টা, কৰ্ণাটকত ৪টা, অন্ধ্ৰপ্ৰদেশত ২ টা, পশ্চিমবংগত ৩ টা, তামিলনাডুত ৭ টা, হাৰিয়ানাত ৩ টা, উৰিষ্যাত ২ টা, ঝাৰখণ্ডত ৫টা, মহাৰাষ্ট্ৰত ৩ টা আৰু পাঞ্জাৱত এটা হাতী বন্দী হৈ আছে৷ কংগ্ৰেছ বিধায়ক আছিফ নাজাৰৰ প্ৰশ্নৰ উত্তৰত তামিলনাডুত বন্দী হৈ থকা হাতীৰ বিসংগতি পূৰ্ণ তথ্য প্ৰকাশ কৰিছে বন বিভাগে৷ বন মন্ত্ৰী পাটোৱাৰীয়ে একেটা প্ৰশ্নৰ উত্তৰত এঠাইত তামিলনাডুত ৭ টা হাতী বন্দী হৈ থকা বুলি উল্লেখ কৰিলেও আন এঠাইত তামিলনাডুত বন্দী হৈ থকা ৯টা অসমৰ হাতী ঘূৰাই অনাৰ প্ৰচেষ্টা চলাইয়ো বন বিভাগ ব্যৰ্থ হোৱা বুলিহে স্বীকাৰ কৰিছে৷ অৰ্থাৎ তামিলনাডুত প্ৰকৃততে ৭ টা নে ৯ টা হাতী বন্দী হৈ আছে সেই তথ্য লৈ খোদ বন বিভাগেই বিবুধিত পৰা দেখা গৈছে৷