Logo
image

সদ্যহতে সলনি নহয় কংগ্ৰেছৰ সভাপতিঃ ভূপেন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ফেব্ৰুৱাৰীঃ  পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই সলনি হ’ব নেকি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব? লোকসভা উপ-নিৰ্বাচনকে ধৰি বিভিন্ন নিৰ্বাচনত ধাৰাবাহিক  ব্যৰ্থতাৰ সন্মুখীন হোৱা ভূপেন বৰাৰ বিদায় আসন্ন নেকি? শেহতীয়াভাৱে ৰাজীৱ ভৱনত লবীকেন্দ্ৰীক ৰাজনীতিয়ে দলৰ অভ্যন্তৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ লবীকেন্দ্ৰীক ৰাজনীতি মষিমূৰ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ ভূপেন বৰাই নিজকে ২০২৬ ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে যদিও শেহতীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ ৰাজনৈতিক অংকত  যেন আউল লাগিছে৷ দলৰ বহু জ্যেষ্ঠ-কনিষ্ঠ নেতাই ভূপেন বৰাৰ অপসাৰণ বিচাৰি দলৰ হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ দিল্লীলৈও গৈছে বহুজন৷ ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু তিনি সাংসদ ক্ৰমে গৌৰব গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈক নতুন দিল্লীলৈ জৰুৰীভাৱে তলব কৰা হৈছে৷ ৰাজীব ভৱনৰ সূত্ৰৰ মতে গৌৰব গগৈক প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি পদত প্ৰক্ষেপ কৰাৰ দাবী উত্থাপন হৈছে যদিও কৌশলগত কাৰণতে গৌৰব গগৈ বা অন্য দুজন সাংসদ তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰিৱৰ্তে দলৰ অন্য এজন জ্যেষ্ঠ নেতাক দলৰ সভাপতি পদত বহুৱা কথা বিবেচনা কৰি আছে হাইকমাণ্ডে৷


পূৰ্বেও দলৰ সভাপতি পদত থকা এই জ্যেষ্ঠ নেতাজনকে পুনৰ সভাপতিৰ দায়িত্ব দিয়া বিষয়টো কংগ্ৰেছ হাইকমাণ্ডে সক্ৰিয়ভাৱে বিবেচনা কৰি আছে৷ ইয়াৰ মাজতে বৰাক উপত্যকাৰ কাৰ্যসূচী আধাতে এৰি দেওবাৰে দিল্লী অভিমুখে ৰাওনা হয় সভাপতি বৰা৷ আনহাতে সমষ্টিৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ আহি তাৰ পৰাই দিল্লী অভিমুখে ৰাওনা হয় দেবব্ৰত শইকীয়া৷ তিনি সাংসদো ইতিমধ্যে দিল্লীত উপস্থিত হৈছে৷ ইয়াৰ মাজতে নিজৰ দিল্লী যাত্ৰাক লৈ সবিশেষ অৱগত নহয় বুলি দাবী কৰি বিৰোধী দলপতি শইকীয়াই কয়–আগত নিৰ্বাচন আছে৷ নিৰ্বাচনলৈ মাজত মাত্ৰ ১ টা বছৰ বাকী৷ ২০২৬ ৰ মে’-জুন মাহত নতুন চৰকাৰ গঠন কৰিব লাগিব৷ সেয়ে অসমৰ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিবলৈ নতুন দিল্লীলৈ আমাক মাতি পঠিওৱা হৈছে৷ কিন্তু আলোচনাৰ বিষয় বস্ত মই গম নাপাও৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী–২৪ ফেব্ৰুৱাৰীত দিনৰ ৰ বজাত এ আই চি চিৰ কাৰ্যালয়ত অসমৰ সাংসদ, বিৰোধী দলপতি আৰু মই এখন সংবাদমেল সম্বোধন কৰিম৷ সেই কাৰণে আমি দিল্লীলৈ গৈ আছো৷ এটা কথা বাৰে বাৰে কৈ থাকিবলৈ বেয়া পাও৷ হয়তো উচিতো নহয়৷ মোৰ নেতৃত্বতে বিধানসভাৰ নিৰ্বাচন হ’ব৷ চৰাইদেউত যেতিয়া আমাৰ কাৰ্যনিৰ্বাহ হৈছিল তাত আমাৰ কেন্দ্ৰীয় নেতাই স্পষ্টকৈ এই কথা কৈ থৈ গৈছে৷ অসমত নেতৃত্ব সলনি হ’ব বুলি কোনেও কোৱা নাই৷ মই সভাপতি হোৱাৰ পাছৰে পৰা সভাপতি সলনি হ’ব বুলি ওলাইয়ে আছে৷ অসমত সভাপতি সলনিৰ কথা সম্পূৰ্ণ মিছা৷ সদ্যহতে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি৷