দৰঙৰ দুমুনিচকীত ইথানল উদ্যোগৰ বিৰুদ্ধে সৰৱ ৰাইজ
'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ দৰঙৰ দুমুনিচকীৰ সমীপৰ শিঙিমাৰীৰ কামাখ্যা বায়'ফ্যুলস কোম্পানীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। ইথানল প্ৰস্তুত কৰা উদ্যোগটোৰ পৰা নিৰ্গত হোৱা শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণে জনজীৱন বিপৰ্য্যস্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, উদ্যোগটোৰ পৰা নিৰ্গত ক'লা ধোঁৱা, ক'লা গুৰিয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। প্ৰদূষণ নিয়ন্ত্ৰণৰ আঁচনিৰ নীতি-নিৰ্দেশনা ধোঁৱাচাঙত তুলি জনজীৱন তথা জীৱকুলৰ লগত চৰম হেতালি খেলাৰ অভিযোগ উঠিছে উদ্যোগ কর্তৃপক্ষৰ বিৰুদ্ধে। ৰবিবাৰে দুমুনিচকীত নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত হয় ৰাজহুৱা সভা। মূলতঃ কামাখ্যা বায়'ফ্যুলস ইথানল প্ৰস্তুত কৰা কোম্পানীৰ পৰা নিৰ্গত হোৱা শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ নাগৰিক সমাজে দাবী জনোৱাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য, দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকীৰ শিঙিমাৰীৰ বদিয়া সিঁচা জলাশয়ত স্থাপন কৰা কামাখ্যা বায়'ফ্যুলস ইথানল প্ৰস্তুত কৰা কোম্পানীৰ পৰা যোৱা এমাহ ধৰি সৃষ্টি হোৱা প্ৰদূষণে দৰং জিলাৰ লগতে পাৰ্শ্বৱৰ্তী কামৰূপ জিলাৰ দুমুনিচকী অঞ্চলত বিৰূপ প্ৰভাৱ পেলায়।
২৫ শতাংশ উৎপাদন আৰম্ভ হোৱা সময়তে নিৰ্গত শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণে বিপৰ্য্যস্ত কৰিছে ৰাইজক। ভয়াৱহ শব্দ প্ৰদূষণৰ কৱলত পৰিছে বৃহত্তৰ অঞ্চলটো। দিনে নিশাই সৃষ্ট ভয়াৱহ শব্দ প্ৰদূষণৰ ফলত মানুহৰ লগতে জীৱ-জন্তু, চৰাই চিৰিকটি আদিৰ বসবাসৰ অনুপযোগী হৈ পৰিছে বুলি অভিযোগ উখাপন কৰি সৰৱ হৈ পৰিছে ৰাইজ। ইথানল প্ৰস্তুত কৰা উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ক'লা ৰঙৰ গুৰি আৰু বিয়পি পৰা দুৰ্গন্ধ জনস্বাস্থ্যৰ বাবে ভয়াৱহ বিপদৰ আগজাননী বুলি ক্ষোভ ব্যক্ত কৰিছে ভুক্তভোগী ৰাইজে। জ্যেষ্ঠ সাংবাদিক পুলক চমুৱাই পৰিচালনা কৰা ৰাজহুৱা সভাত প্ৰায় তিনি শতাধিক ৰাইজ উপস্থিত থকে। সভাই অসম চৰকাৰ আৰু দৰং জিলা প্ৰশাসনক বায়ু প্ৰদূষণ ৰোধ কৰাত পদক্ষেপ ল'বলৈ আহ্বান জনায়। সভাত এখন উচ্চ ক্ষমতা সম্পন্ন এখন ৰাজহুৱা সমিতি গঠন কৰে নাগৰিক সমাজে। দৰঙৰ জিলা আয়ুক্ত, ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, ছিপাঝাৰ সমষ্টিৰ বিধায়ক, অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড আদিৰ লগতে বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।






