Logo
image

সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত ঝুমুৰ নাচিলে অসমৰ ৮ হাজাৰৰো অধিক কিশোৰী-যুৱতীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ফেব্ৰুৱাৰীঃ ‘গগনে উঠিল বেলা / কতনা কৰিব খেলা ৰে / গাছ কদম কেলি ডাল ধৰি হৰি / বংশী বজায় কত চলগৰী...’ ঢোল, তাল, ধমচা, মাদলৰ সুৰত মুখৰ হ’ল সৰুসজাই ষ্টেডিয়াম৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিশ্বৰ ৬০খন দেশৰ ৰাষ্ট্ৰদূত তথা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰ এছ জয়শংকৰৰ উপস্থিতিত চাৰে আঠ হাজাৰৰো অধিক নাচনী আৰু কলা-কুশলীয়ে সৰুসজাইত পৰিৱেশন কৰিলে ঝুমুইৰ বিনন্দিনী অনুষ্ঠান৷ এটি কলি দুটি পাতৰ সেউজী সুৰৰ সুবাসে মুখৰ কৰিলে আকাশ-বতাহ৷ মাদলৰ শব্দত নিনাদিত হ’ল চৌপাশ৷ দুশ বছৰীয়া অসমৰ চাহ উদ্যোগক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে এই ঝুমইৰ বিনন্দিনী অনুষ্ঠান৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ঝুমুৰ শিল্পীৰ অনুষ্ঠান দেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতসকল অভিভূত হৈ পৰে৷ প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানৰ শেষত থিয় হৈ নিজৰ ডিঙিৰ অংগবস্ত্ৰ জোকাৰি ঝুমুৰ শিল্পীসকলক অভিবাদন জনায়৷ উল্লেখ্য, আজি সন্ধিয়া প্ৰায় ৭.১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এখন বিশেষ বাহনত উঠি সৰুসজাই ষ্টেডিয়ামৰ চৌপাশে এপাক পৰিভ্ৰমণ কৰি ঝুমুৰ শিল্পী আৰু সমৱেত দৰ্শকসকলৰ অভিবাদন গ্ৰহণ কৰে৷ ঝুমইৰ নাচনীসকলে হাত জোকাৰি প্ৰধানমন্ত্ৰীক অভিবাদন জনায়৷ প্ৰধানমন্ত্ৰীয়েও হাস্যবদনে সকলোকে সঁহাৰি জনায়৷ প্ৰধানমন্ত্ৰীৰ বাহনত একেলগে আসন গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা এই বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰয়৷ আনহাতে, চান্দ্ৰী ভাষাত উৎসাবৰ্ধক ঘোষকৰ ৰূপত উদাত্ত কণ্ঠৰে সমগ্ৰ পৰিক্ৰমা আগবঢ়াই নিয়ে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই৷ মঞ্চত আসন গ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীক মুগা গামোচা, আদিবাসী তীৰ-ধনু তথা অসমৰ জৈৱিক চাহেৰে সম্বৰ্ধনা জনায়৷ অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল৷ সন্ধিয়া ৭.৪৫ বজাত আৰম্ভ হোৱা ঝুমুইৰ বিনন্দিনী অনুষ্ঠান ৮.১০ বজাত সমাপ্ত হয়৷ প্ৰায় ২৫ মিনিট ধৰি ঝুমুইৰ বিনন্দিনী কাৰ্যসূচী প্ৰদৰ্শিত হোৱাৰ পাছত অনুষ্ঠিত হয় এক বিশেষ লেজাৰ শ্ব’ কাৰ্যসূচী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাদলত কোব দি আজিৰ ঝুমুৰ বিশ্বমুখী যাত্ৰাৰ শুভাৰম্ভ কৰে৷ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে কয়– ‘ইয়াত উপস্থিত হৈ মই বৰ আনন্দিত হৈছোঁ৷’ আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশৰ লগতে বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিব৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়– আমাৰ চাহ উদ্যোগৰ দুশ বছৰীয়া পূৰ্তিত অসমীয়া জাতিৰ অভিন্ন অংগ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ক কৃতজ্ঞ অসমীয়া জাতিয়ে অভিনন্দন জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ কাৰ্যতঃ ঝুমুৰৰ চন্দত আজি আত্মহাৰা হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷