
'মই চাহ বিক্ৰেতা, চাহ জনগোষ্ঠীৰ বেদনা বুজোঁ'
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ফেব্ৰুৱাৰীঃ ‘চাহপাতৰ ৰং, খুচবু, এজন চাইৱালাইহে বুজি পায়৷ অসমৰ ঝুমুৰ-বাগানৰ লগত মোৰো সম্পৰ্ক আছে৷’– এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ সোমবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়– ‘এসময়ত মই চাহ বিক্ৰেতা আছিলোঁ, সেয়েহে চাহ জনগোষ্ঠীৰ বেদনা বুজোঁ৷ ইমান বৃহৎসংখ্যক ঝুমুৰ শিল্পীয়ে একেলগে ঝুমুৰ পৰিৱেশন কৰাই এক অভিলেখ৷ ২০২৩ চনত এই স্থানতে ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে অভিলেখ কৰিছিল৷ সেই স্মৃতি এতিয়াও মোৰ মনত সজীৱ হৈ আছে৷ এই ভৱ্য অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মই অসমৰ উৰজাবান মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছোঁ৷ বিদেশমন্ত্ৰী জয়শংকৰে মোক জনাইছে যে আজি বিশ্বৰ ৬০খন দেশৰ ৰাজদূতসকলে অসমক অনুভৱ কৰিবলৈ ইয়াত উপস্থিত আছে৷ পূৰ্বতে উত্তৰ-পূবৰ বিকাশৰ লগতে সাংস্কৃতিক ঐতিহ্যক উপেক্ষা কৰা হৈছে৷ উত্তৰ-পূবৰ প্ৰচাৰৰ মই ব্ৰেণ্ড এম্বেচাদৰ৷ কাজিৰঙাত নিশা কটোৱা আৰু কাজিৰঙাৰ জৈৱ-বৈচিত্ৰতাৰ বিষয়ে তুলি ধৰা মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী৷
দশক ধৰি কৰি অহা দাবীৰ প্ৰতি সন্মান জনাই আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিলোঁ৷ চৰাইদেউ মৈদামক ইউনেস্ক’ স্বীকৃতি প্ৰদান ভাজপা চৰকাৰৰ প্ৰয়াসৰে ফল৷ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্যাপনতো মই চামিল হৈছিলোঁ৷ আজি সমগ্ৰ দেশতে জনজাতিসকলৰ গৌৰৱ দিৱস উদ্যাপন কৰা হৈছে৷ অসমৰ ৰাজ্যপাল লক্ষণ প্ৰসাদে আচাৰ্য আদিবাসী সমাজৰে সন্তান৷ মই জানি সুখী হৈছোঁ যে অসম চাহ নিগমৰ বাগিচাসমূহত মোৰ বেহেন-বেটীসকলক বোনাচ দিয়া হৈছে৷ বাগিচাৰ ডেৰ লাখ গৰ্ভৱতী মহিলাক ১৫ হাজাৰ টকালৈ প্ৰসূতিকালীন সাহাৰ্য দিয়া হৈছে৷ চাহ বাগিচাত ১০০খন মডেল স্কুল প্ৰতিষ্ঠা কৰা হৈছে৷ চৰকাৰী চাকৰিত চাহ শ্ৰমিকৰ সন্তানৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণ কৰা হৈছে৷’ উল্লেখ্য, আজি প্ৰধানমন্ত্ৰীয়ে ‘চবাইকে জোহাৰ’ বুলি ভাষণ আৰম্ভ কৰাৰ লগতে ‘আপোনালোক ভালে থাকিব’ বুলি ভাষণ সামৰে৷ ভাষণত কেইবাবাৰো অসমীয়া আৰু ছাদ্ৰী ভাষাত শব্দবাক্য আওৰাই প্ৰধানমন্ত্ৰীয়ে সকলোকে আপ্লুত কৰে৷ কাৰ্যতঃ বুধুৱাৰ মাদলৰ চেও, লচমীৰ নৃত্যত আপ্লুত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷