Logo
image

প্ৰধানমন্ত্ৰীৰ কনভয় চাবলৈ ৰাস্তাৰ দুয়োকাষ জনাকীৰ্ণ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ পৰা সোমবাৰে সন্ধিয়া অনুষ্ঠিত ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত ভাগ লোৱা আৰু ২৫ ফেব্ৰুৱাৰীত খানাপাৰা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিবলৈ সোমবাৰে সন্ধিয়া বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিহাৰৰ ভাগলপুৰত এটা চৰকাৰী অনুষ্ঠানত ভাগ লৈ তাৰ পৰা পোনে পোনে ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমানৰে বৰঝাৰ বিমান বন্দৰত সন্ধিয়া ৬ বজাত আহি উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী পৰিষদৰ কেবাজনো সদস্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মুখ্য সচিব ড॰ ৰবি কোটাকে ধৰি কেবাজনো শীৰ্ষ বিষয়া, অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হৰমিত সিং, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড॰ পাৰ্থ সাৰথি মহন্ত, কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত সুমিত চট্টোৱানকে ধৰি আৰক্ষী-প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই উষ্ণ আদৰণি জনায়৷ ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল কনভয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ওলাই অহাৰ পাছত বিমান বন্দৰৰ পৰা ভি আই পি চকলৈ প্ৰায় এক কিলোমিটাৰ অংশত পথৰ দাতিত বিজেপি দলৰ ফালৰ পৰা বিহু, বাগৰুম্বাকে ধৰি জনগোষ্ঠীয় নৃত্য শিল্পীৰ দল, গায়ন-বায়নৰ দলে আদৰণি জনায়৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে বুলেট প্ৰুফ বাহনৰ পৰা সকলোকে হাত জোকাৰি অভিবাদন দিয়ে৷ তাৰ পাছত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে জালুকবাৰী চাৰিআলি, বৰাগাঁও, লখৰা, হৈ সৰুসজাই ষ্টেডিয়াম অভিমুখে আগবাঢ়ে প্ৰধানমন্ত্ৰীৰ বিশাল কনভয়৷ প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ পথৰ দাতিত ৰৈ থকা হাজাৰ হাজাৰ ৰাইজে হাত জোকাৰি প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়৷ প্ৰধানমন্ত্ৰীয়েও হাত জোকাৰি প্ৰতি অভিবাদন জনায়৷ উল্লেখ্য প্ৰধানমন্ত্ৰীগৰাকীক ৰাইজে যাতে অভিবাদন জনাব পাৰে তাৰ বাবে বৰঝাৰ বিমান বন্দৰৰ পৰা সৰুসজাইলৈ পথৰ দাতিত বাহৰ বেৰিকেড দিয়া হৈছিল৷


ইফালে বিজেপি দলৰ ফালৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ বৰাগাঁৱৰ পৰা লখৰা উৰণীয়া সেঁতুৰ সমীপলৈ পথৰ দাতিত এক বিশেষ আয়োজন কৰা হয়৷ সেই অংশখিনীত বিজেপি দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে দলীয় পতাকা জোকাৰি নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, ভাৰত মাতা কি জয় ধবনি দি আদৰণি জনায়৷ সেই অংশখিনীত আগতীয়া বন্দবস্তী অনুসৰি প্ৰধানমন্ত্ৰীৰ কনভয় ধীৰ গতিত আগবাঢ়ে৷ প্ৰধানমন্ত্ৰীয়ে দলীয় কৰ্মী সকলক হাত জোকাৰি উৎসাহিত কৰা পৰিলক্ষিত হয়৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত জালুকবাৰী সমষ্টিৰ লগতে গুৱাহাটীৰ আন সমষ্টিৰ হাজাৰ হাজাৰ দলীয় কৰ্মীক বৰাগাঁৱৰ পৰা লখৰালৈ পথৰ দাতিত বিয়লি ৪ বজাৰ পৰাই সমবেত কৰা হৈছিল৷ ইফালে প্ৰধানমন্ত্ৰী গৰাকীয়ে ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত নিশা খানাপাৰাত মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছামৰ এখন প্ৰদৰ্শনীও উদ্বোধন কৰে৷ আনহাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে নিশাটো খানাপাৰাৰ কইনাধৰা পাহাৰত থকা ৰ নং চৰকাৰী অতিথিশালাত কটায়৷ মঙলবাৰে পুৱা ১০.৪৫ বজাত এডভাণ্টেজ আছাম শীৰ্ষক বিনিয়োগ সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদী দুপৰীয়া ১২.৩০ বজাত খানাপাৰাৰ পৰা যাত্ৰা কৰিব আৰু ১৯ ঘণ্টাৰ গুৱাহাটী ভ্ৰমণ সামৰি বিয়লি ৰ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা মধ্য প্ৰদেশ অভিমুখে যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে সন্ধিয়া বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱতৰণ কৰাৰ পাছত নিৰ্মাণৰত অৱস্থাত থকা বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ বাঁহেৰে নিৰ্মিত অৰ্কিড ডিজাইনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰে৷ অৰ্কিড ডিজাইনত কপৌ ফুলৰ লগতে বাঁহ আৰু অসমৰ অৰণ্যৰ দৃশ্য প্ৰতিফলিত হ’ব৷