Logo
image

বিশ্ব অভিলেখৰ বাবে দিল্লীত ঝুমুৰ নাচিব ২৫ হাজাৰে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ফেব্ৰুৱাৰীঃ ‘তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক তিনিটা বিশেষ উপহাৰ দিলে৷ চৰাইদেউ মৈদামলৈ ইউনেস্ক’ৰ স্বীকৃতি, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান আৰু নামৰূপৰ খাৰ কাৰখানাৰ ১২ লাখ মেট্ৰিকটনৰ গ্ৰীণ ফিল্ড প্ৰকল্পৰ উপহাৰৰ বাবে আজি কৃতজ্ঞ অসমীয়া জাতিয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে৷’– আজি সৰুসজাইত আয়োজিত ঝুমুৰ বিনন্দিনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰাৰ লগতে সমবেত সকলোকে থিয় হৈ প্ৰধানমন্ত্ৰীক অভিবাদ জনাবলৈ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আজি এটা অমৃত উজ্জল দিন৷ বিহাৰ, বংগ, মধ্য প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, ছত্তিশগড় আদিৰ পৰা ২০০ বছৰ পূৰ্বে অসমলৈ অহা চাহ জনগোষ্ঠী আদিবাসী লোকসকলেই অসমত প্ৰথম উদ্যোগীকৰণৰ বিশাল ভেটি নিৰ্মাণ কৰিছিল৷ তেওঁলোক ‘আছাম মৰিলে, আমাৰেও মৰিবে’ বুলি বৃহত্তৰ অসমীয়া জাতিৰ বুনিয়াদ ৰচিলে৷ ২০০ বছৰীয়া চাহ উদ্যোগৰ প্ৰতি সন্মান জনাই আজিৰ এই বিশেষ ঝুমুৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে নিজৰ চমু ভাষণত স্বাধীনতা সংগ্ৰামৰ অসমৰ প্ৰথম মহিলা শ্বহীদ তেজপুৰৰ মালতী মেম আৰু অসম আন্দোলনৰ শ্বহীদ বাধনা ওৰাঙৰ প্ৰসংগও উল্লেখ কৰে৷ মুখ্যমন্ত্ৰী ভাষণত প্ৰতিশ্ৰুতি দিয়ে যে চাহ বাগিছাৰ লাইনত বাস কৰা লোকসকলক চৰকাৰে মাটিৰ অধিকাৰ প্ৰদান কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে কালিয়েই ঘোষণা কৰিছে বিশ্ব অভিলেখৰ বাবে পৰৱৰ্তী পৰ্যায়ত নতুন দিল্লীত ২৫ হাজাৰ শিল্পীৰ অংশগ্ৰণেৰে ঝুমুৰ অনুষ্ঠিত কৰা হ’ব৷ তেওঁ লগতে সদৰী কৰে যে চলিত বৰ্ষৰে নৱেম্বৰ মাহত বড়ো জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিৰ অন্যতম নিদৰ্শন বাগৰুম্বা নৃত্যক বিশ্বৰ প্ৰেক্ষাপটত অন্যান্য ধৰণে উপস্থাপন কৰাৰ বাবেও ৰাজ্য চৰকাৰে প্ৰচেষ্টা চলাব৷ আজিৰ ঝুমুৰ বিনন্দিনী কাৰ্যসূচীত মঞ্চতে মাদল, পয়ঁৰি, বাজুৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰীয়ে৷ 

প্ৰধানমন্ত্ৰীক অসমবাসীৰ হৈ আন্তৰিক  অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰীৰ

অসমৰ চাহৰ দুশ বছৰ পূৰ্ণ হোৱাৰ ঐতিহাসিক ক্ষণ উদ্‌যাপন উপলক্ষে আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত ‘ঝুমইৰ বিনন্দিনী’ শীৰ্ষক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অসমৰ বিভিন্ন জিলা সামৰি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ আঠ সহস্ৰাধিক শিল্পীয়ে ঝুমইৰ নৃত্য পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ বৰ্ণিল কৰি তোলা এই অনুষ্ঠানটোত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড॰ এছ জয়শংকৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড॰ মাণিক সাহায়ো অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানত শিল্পীসকলে ঝুমইৰ প্ৰদৰ্শনৰ জৰিয়তে এক নান্দনিক পৰিৱেশৰ সূচনা কৰে৷ উল্লেখ্য যে বিশ্বদৰবাৰত ঝুমইৰ নৃত্যক জনপ্ৰিয়কৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই বৃহৎ অনুষ্ঠানৰ আয়োজন কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ বাহনেৰে ষ্টেডিয়ামৰ চৌপাশে পৰিভ্ৰমণ কৰি শিল্পী, কলা-কুশলী তথা উপস্থিত ৰাইজক অভিবাদন জনায়৷ অভিবাদন জনোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰধানমন্ত্ৰীক সংগ দিয়ে৷ 


অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটো অসমবাসীৰ বাবে অমিৎ উজ্জ্বল দিন বুলি অভিহিত কৰি কয় যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম অসম ভ্ৰমণৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ অসমবাসীৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰয়াসৰ বাবে চৰাইদেউ মৈদামক ইউনেস্ক’ৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে৷ ইয়াৰ উপৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগতে এইবাৰৰ বাজেটত নামৰূপ সাৰ কাৰখানৰ উৎপাদন ক্ষমতা ১২ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ প্ৰয়াসৰ বাবেই নামৰূপ সাৰ কাৰখানাও উজ্জীৱিত হৈ উঠিব বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমৰ চাহ জনগোষ্ঠী, আদিবাসীলোকসকলৰ এক সমৃদ্ধ ইতিহাস আছে৷ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মঠ, উদ্যমী ব্যক্তিসকল অসমলৈ আহি অসমকে মাতৃভূমি হিচাপে গণ্য কৰি ২০০ বছৰ পূৰ্বে উদ্যোগীকৰণৰ বিশাল ভেটি নিৰ্মাণ কৰিছিল৷ তেওঁ কয় যে চাহ জনজাতি আৰু আদিবাসী লোকসকলে তেওঁলোকৰ কলা-সংস্কৃতিৰে অসমীয়া জাতিৰ কলা-সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে৷ চাহ উদ্যোগৰ ২০০ বছৰীয়া এই গৌৰৱময় ক্ষণটোত জনগোষ্ঠীটোৰ প্ৰায় আঠ সহস্ৰাধিক যুৱক-যুৱতীয়ে হৃদয়ৰ স্পন্দন ঝুমইৰ নৃত্যক প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ জনগোষ্ঠীটোৰ অমূল্য অৱদানৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত  অসমৰ প্ৰথম মহিলা শ্বহীদ মালতী মেম, অসম আন্দোলনৰ শ্বহীদ বাধনা ওৰাঙক শ্ৰদ্ধাৰে স্মৰণ কৰে৷ অসমৰ চাহ বাগিচাৰ লোকসকলে  অসমীয়া ভাষাক নিজৰ ভাষা হিচাপে আদৰি লৈ অসমীয়া ভাষা-কৃষ্টি-সংস্কৃতিক অধিক সমৃদ্ধ কৰি তুলিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আজিৰ এই ঝুমইৰ প্ৰদৰ্শন চাহ জনজাতি আৰু আদিবাসী লোকৰ প্ৰতি অসমবাসীৰ কৃতজ্ঞতা বুলি মন্তব্য কৰে৷ চাহ বাগিচাৰ লোকৰ বাবে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত ৩ শতাংশ সংৰক্ষণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাহ বাগিচাত হাইস্কুল নিৰ্মাণ আৰু ৩০০ টাতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছে৷ চাহ বাগিচাৰ লাইনৰ মাটি চাহ জনগোষ্ঠী আৰু আদিবাসীসকলক প্ৰদান কৰা হ’ব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে৷ আজিৰ এই ঝুমইৰ প্ৰদৰ্শন এক সোণালী ক্ষণ হৈ ৰ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৩ মাহ ধৰি যুৱক-যুৱতীসকলে এই ঝুমইৰ প্ৰদৰ্শন সফল কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ তেওঁ লগতে কয় যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড॰ এছ জয়শংকৰৰ নেতৃত্বত পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল আহি আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে৷ তেওঁ কয় যে ঝুমইৰ হৈছে অসমীয়া সংস্কৃতিৰ উৎকৃষ্টতম উপাদান৷ ঝুমইৰত অসমৰ চাহ বাগিচাৰ লোকসকলে অসম ভূমিক কিদৰে আপোন মাতৃ হিচাপে লৈছে তাৰ বৰ্ণনা আছে৷ সেইবাবে প্ৰতিগৰাকী অসমীয়াই ঝুমইৰক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে৷ আজিৰ এই গৰিমামণ্ডিত অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, চহা জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, কেইবাগৰাকী সাংসদ, বিধায়ক, বিভিন্ন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আদিকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু বিশ্বস্তৰীয় বিনিয়োগকাৰীসকলৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত প্ৰদৰ্শনীস্থলী মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  পৰিদৰ্শন কৰে৷ এই প্ৰদৰ্শনীয়ে দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্ৰতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে নিজৰ ঔদ্যোগিক দিশসমূহ প্ৰতিফলিত কৰে৷ উল্লেখ যে, এই প্ৰদৰ্শনীৰ জৰিয়তে অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহো দাঙি ধৰা হৈছে৷ আনহাতে, প্ৰদৰ্শনস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয়৷ প্ৰদৰ্শনস্থলী পৰিদৰ্শন কালত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, তথ্য-প্ৰযুক্তি আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপৰি মুখ্য সচিব ড॰ ৰবি কোটা উপস্থিত থাকে৷