Logo
image

কাইলৈ মহাশিৱৰাত্ৰি, ৰাজ্যজুৰি বিশেষ আয়োজন

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৪ ফেব্ৰুৱাৰীঃ মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যজুৰি দেৱাদিদেৱক আৰাধনা কৰাৰ প্ৰস্তুতি তুংগত উঠিছে৷ ‘হৰ-হৰ মহাদেৱ’ ধবনিৰে মুখৰ হ’ব ৰাজ্যৰ সৰু-বৰ শিৱ মন্দিৰ সমূহ৷ মহাশিৱৰাত্ৰি প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীৰ দিনা উদ্‌যাপন কৰা হয়৷ এইবাৰ ২৬ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে৷ অৱশ্যে ঠাই বিশেষ দুই-তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ শিৱ মন্দিৰ সমূহ নকৈ সজাই পৰাই তোলা হৈছে৷ মহাশিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ শিৱ মন্দিৰত ভিৰ কৰিব অগণন ভক্তই৷  বিশ্বাস অনুসৰি, মহা শিৱৰাত্ৰিৰ দিনা উপবাসে থাকিলে আৰু শিৱক উপাসনা কৰিলে সকলো ইচ্ছা পূৰ্ণ হয় আৰু পৰিত্ৰাণ প্ৰাপ্ত হয়, কিয়নো ভগৱান শিৱই অতি সোনকালে তুষ্ট হয় বুলি প্ৰবাদ আছে৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে৷ মহাশিৱৰাত্ৰিৰ বৃহৎ মেলাৰো আয়োজন কৰা হয়৷ তদুপৰি শিৱদৌলত প্ৰতিবছৰে বহু সংখ্যক দেশী-বিদেশী শিৱ ভক্তৰ মহাশিৱৰাত্ৰিৰ সময়ত আগমণ হয়৷ সেইদৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ, দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আদিত শিৱৰাত্ৰিৰ দিনা পুৱাৰে পৰা ভক্তৰ লানি-নিছিগা শাৰী পৰিলক্ষিত হয়৷ ইফালে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰত মহা শিৱৰাত্ৰি পূজা উদ্‌যাপনৰ বাবে ব্যাপক আয়োজন কৰা হৈছে৷ ইতিমধ্যে প্ৰতিটো শিৱ মন্দিৰ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ বিভিন্ন শিৱ মন্দিৰৰ উপৰি গুৱাহাটী মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়, উমানন্দ, পামহী, বশিষ্ঠ দেৱালয় নৱগ্ৰহ, লংকেশ্বৰ ধামৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজা উদ্‌যাপনৰ বাবে প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে৷ মহা শিৱৰাত্ৰিৰ দিনা ধৰ্ম প্ৰাণ ভক্ত দৰ্শনাৰ্থীযে শিৱক পূজা অৰ্চনা কৰোঁতে যাতে কোনো সমস্যাৰ অথবা আহুকালৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে পূজা উদযাপন সমিতি সমূহে গুৰুত্ব প্ৰদান কৰি নিৰাপত্তা ৰক্ষী, স্বেচ্ছাসৱক নিয়োগ কৰা, চিচি টিভি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা আদিৰ ব্যবস্থা কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিয়ে ভক্ত দৰ্শনাৰ্থীসকলে যাতে শিৱৰাত্ৰিৰ দিনা ভালদৰে পূজা অৰ্চনা কৰিব পাৰে তাৰ বাবে ১২০জন স্বেছাসেৱক, আৰক্ষী নিৰাপত্তা ৰক্ষী থাকিব৷ দুস্কৃতিকাৰীয়ে চুৰি কাৰ্যৰ দৰে দুস্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চি চি টিভি কেমেৰাৰ ব্যৱস্থা কৰাৰ লগতে পুৱতি নিশা তিনি চাৰি বজাত পূজা দিবলৈ আহি শাৰি পতা ভক্ত দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে পূজা উদ্‌যাপন সমিতিয়ে৷ লক্ষাধিক ভক্ত দৰ্শনাৰ্থীৰ সমাগম হোৱাৰ আশা প্ৰকাশ কৰি পৰম্পৰা অনুসৰি নিশাৰ পৰা চাৰি প্ৰহৰত পূজা অনুষ্ঠিত হোৱাৰ লগতে পুৱতি নিশা পূজা সমাপন হ’ব৷ পিছদিনা দিনৰ ৯.৩০ বজাৰ পৰা প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হ’ব৷


তেনেদৰে লংকেশ্বৰ ধাম, বশিষ্ঠ দেৱালয়, পামহী, উমানন্দ আদি স্থানত শিৱৰাত্ৰিৰ বিশেষ আয়োজন কৰা হৈছে৷ তেনেদৰে লংকেশ্বৰ ধাম, বশিষ্ঠ দেৱালয়, পামহী, উমানন্দ আদি স্থানত শিৱৰাত্ৰিক কেন্দ্ৰ কৰি ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে৷ আনহাতে শিৱৰাত্ৰি উপলক্ষে মহানগৰীৰ বজাৰ পূজাৰ উপকৰণৰে ভৰি পৰিছে৷ বিশেষ কৈ ফুলৰ মালা, পদুম ফুল, অপৰাজিতা ফুল, ভাঙৰ লাড়ু, দূবৰি বন, বেল পাত, বেল, ধতোৰা গুটি, আদিৰ পূজাৰ উপকৰণ উভৈনদী হৈ পৰিছে মহানগৰীৰ বজাৰ৷ ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত শ্ৰীশ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটীৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱ উদ্‌যাপনৰ আয়োজন কৰা হৈছে৷ ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত পূজা অৰ্চনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত পুৱা ১০ বজাত ধৰ্মধবজা উত্তোলন কৰিব কমিটীৰ সভাপতি কামিনী কান্ত কলিতাই৷ তাৰ পাছত পুৱা ১০.৩০ বজাৰ পৰা ভাগৱত পাঠ আৰু নাম কীৰ্তন, বিয়লি ২ বজাৰ পৰা ৰাজহুৱা ভোগ বিতৰণ কৰা হ’ব৷ সন্ধিয়া ৬ বজাত আৰতি, নিশা জ্জ বজাৰ পৰা শিৱ চতুৰ্দশী তিথিৰ শিৱৰাত্ৰি পূজা আৰম্ভ হোৱাৰ পাছত নিশা জ্জ্ব বজাৰ পৰা নাম কীত্তৰ্ন অনুষ্ঠিত হ’ব৷  আনহাতে ২৭ ফেব্ৰুৱাৰীত দ্বিতীয় দিনা পুৱা ৬ বজাত ভক্ত সকলৰ পূজা অৰ্চনাৰে কাৰ্যসূচী আৰম্ভ হ’ব৷ দিনৰ ১১ বজাৰ পৰা নাম-কীত্তৰ্ন আৰু শিৱৰাত্ৰিৰ ব্ৰতৰ পাৰণ, বিয়লি ৰ বজাৰ পৰা ভোগ বিতৰণ কৰা হ’ব৷ সন্ধিয়া আৰতিৰে দুদিনীয়া মহাশিৱৰাত্ৰি পূজাৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব৷ উদ্যোক্তা সকলৰ হৈ পৰিচালনা কমিটীৰ সভাপতি কামিনী কান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই এটা বিবৃতিত শিৱৰাত্ৰী পূজা আৰু মহামেলাৰ দুয়োদিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে৷ বিগত বছৰৰ দৰে এইবেলিও অহা ২৬ ফেব্ৰুৱাৰীত আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ পাৰত থকা দেউচতালস্থিত ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে৷ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কেষ্টৰাম ৰংপী,  সম্পাদক নগেন ৱে,  সহকাৰী সম্পাদক বলেশ্বৰ ৰংপী, পূজা পৰিচালনা সমিতিৰ সভাপতি অনিল ফাংচ আৰু সম্পাদক বীৰেশ্বৰ ৰংপীয়ে জানিবলৈ দিয়া মতে পূজাৰ দিনজোৰা কাৰ্যসূচীৰ লগত সংগতি বিয়লি ডেৰ বজাৰ পৰা ৰাজহুৱা ভোগ বিতৰণ, চ্ছ্ৰ বজাৰ পৰা আয়তি তথা মহিলা নামতি দলৰ নাম - প্ৰসংগ পৰিবেশন, সন্ধিয়া ৬ বজাত আৰতি,  নিশা ৭ বজাৰ পৰা শিৱ চতুৰ্দশী তিথিৰ শিৱৰাত্ৰী পূজা আৰম্ভ হ’ব৷ নিশা ৮ বজাৰ পৰা নলবাৰী জিলাৰ মেৰকুছিস্থিত গামোচা মিনি থিয়েটাৰ দলে নাট পৰিৱেশন কৰিব৷ আনহাতে সিদিনাৰ পূজাৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মন্দিৰ আৰু পূজা পৰিচালনা সমিতিয়ে৷ বিগত বছৰবোৰৰ দৰে এইবেলিও ২৩ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ শিলপুখুৰীস্থিত শ্ৰীশ্ৰীনিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে৷ ২৩ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত মন্দিৰৰ ধবজা উত্তোলন কৰে শ্ৰীশ্ৰীনৱগ্ৰহ নিৰামুহীয়া শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বিজন মহাজনে৷ পুৱা ৯.১০ বজাত ধৰ্মধবজা উত্তোলন কৰিব ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা ড॰ অৰূপ কুমাৰ মিশ্ৰই৷ ইয়াৰ লগতে ২৮খন ধবজা উত্তোলন কৰা হয়৷ পুৱা ৯.২০ বজাত গছপুলি ৰোপণ কৰা হয়৷ ইয়াৰ পিছত বিষ্ণু পূজা, কলহ যাত্ৰা, পঞ্চাংগ আৰু ব্ৰাহ্মণ পূজা, যজ্ঞৰ শ্ৰাদ্ধ আৰু পীঠ পূজা, আবেলি ৪ বজাত অগ্নি মন্থন, ৪.৩০ বজাত গ্ৰহ আহুতি, সন্ধিয়া ৫ বজাত মংগলাচৰণ কৰা হয়৷ যজ্ঞৰ উদ্বোধন কৰে গোবদ্ধৰ্ন পুৰীৰ পীঠৰ জগতগুৰু শংকৰাচাৰ্য্য শ্ৰীশ্ৰী অধ্যোক্ষজানন্দ তীৰ্থ মহাপ্ৰভুয়ে৷ ২৪ ফেব্ৰুৱাৰীত পুৱা ৮ বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি, ১১ বজাত ৰূদ্ৰ অভিষেক, সন্ধিয়া কাশীৰ মহা আৰতি, ভানপূৰা পীঠৰ শংকৰাচাৰ্যৰ অমৃতবাণী আগবঢ়ায়৷ ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি, ১১ বজাত ৰুদ্ৰ অভিষেক, যজ্ঞৰ আহুতি প্ৰদান, সন্ধিয়া ৫.৩০ বজাত কাশীৰ মহাআৰতি, ৬ বজাত মহাপ্ৰভু শংকৰাচাৰ্য্যৰ অমৃতবাণী,