Logo
image

ফিল'বাৰীৰ ৰূপজানত জব্দ অৰুণাচলী সুৰাসহ লালী গুৰ

আমাৰ অসম, ৯ এপ্ৰিলঃ তিনিচুকীয়াৰ ফিল'বাৰী আৰক্ষী থানাৰ নৱ নিযুক্তি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া  ঋষিকেশ হাজৰিকাৰ নেতৃত্বত আৰক্ষীয়ে অঞ্চলটোত মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত ৰাখিছে । সেই অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে নিশা প্ৰায় ১০ মান বজাত ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰূপজানত ফিল'বাৰী আৰক্ষীয়ে কেইবা কাৰ্টুন অৰুণাচলী সুৰাসহ লালী গুৰ জব্দ কৰে। ফিল'বাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলোৱা এক অভিযানত ৰূপজানৰ জনৈক চৌহানৰ বাসগৃহৰ  পৰা বাৰ কাৰ্টুন অৰুণাচলী সুৰাসহ লালী গুৰখিনি জব্দ কৰে যদিও ঘৰৰ গৃহস্থ পলাই যায় । উল্লেখযোগ্য যে, ৰূপজান অঞ্চলত বিগত কিছু দিনৰ পৰা একাংশ  অসাধু লোকে অৰুণাচলী সুৰাৰ লগতে লালী গুৰৰ অৱৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।