Logo
image

কামাখ্যাত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আম্বানিয়ে এৰি দিলে ছাগলী-পাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৫ ফেব্ৰুৱাৰীঃ  অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া গৌৰৱময় যাত্ৰাৰ লগত সংগতি ৰাখি বিশ্ব অভিলেখৰ বাবে সৰুসজাই ষ্টেডিয়ামত সোমবাৰে সন্ধিয়া অনুষ্ঠিত ঝুমইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান আৰু খানাপাৰা খেলপথাৰত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত ‘এডভাণ্টজ আছাম ২.০ শীৰ্ষক বিনিয়োগ সন্মিলন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, ৩৫খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূত, হাই কমিচনাৰ    শতাধিক বিনিয়োগকাৰী সোমবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে৷ ইফালে বিনিয়োগ সন্মিলনলৈ অহা কেইবাখনো দেশৰ ৰাষ্ট্ৰদূত আৰু বিষয়াবৰ্গ, মুকেশ আম্বানিকে ধৰি বহু সৰুবৰ বিনিয়োগকাৰী, উদ্যোগপতিয়ে শক্তিপীঠ কামাখ্যা মন্দিৰত দেবীৰ আশীষ ল’বলৈ সোমবাৰৰ পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে৷ আনকি ভাৰতস্থিত বিদেশী দূতাবাসৰ ৰাষ্ট্ৰদূত, উদ্যোগপতি, বিনিয়োগকাৰীৰ ভিৰ উপলক্ষে কামাখ্য মন্দিৰত গুৱাহাটী মহানগৰ আৰক্ষীয়ে দেওবাৰৰ পাৰই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ ইয়াৰ মাজতে মঙলবাৰে বিয়লি দুই বজাত শক্তিপীঠ কামাখ্যা মন্দিৰত দেৱীৰ আশীষ গ্ৰহণ কৰিবলৈ উপস্থিত হয় দেশৰ অন্যতম ধৰ্ণাঢ্য বক্তি হিচাপে পৰিচিত উদ্যোগপতি মুকেশ আম্বানি৷ আগতীয় বন্দবস্তী অনুসৰি প্ৰায় আধা ঘণ্টা ধৰি মন্দিৰত পূজা-অৰ্চনা কৰে মুকেশ আম্বানিয়ে৷ আম্বানিক পূজা-অৰ্চনা কাৰ্যত সহযোগ কৰে পূজাৰী তাৰিণী শৰ্মা, কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰুদলৈ হিমাদ্ৰী শৰ্মাই৷ পূজা-অৰ্চনা কৰাৰ পাছত মুকেশ আম্বানিয়ে মন্দিৰ চৌহদত যাৱতীয় পৰম্পৰাগত ৰীতি-নীতিৰে উছৰ্গা কৰি ৫১টা ছাগলী আৰু ৫১ পাৰ চৰাই এৰি দিয়ে৷ তাৰ পাছত বৰদেউৰী সমাজৰ কাৰ্যলয়ত কিছু সময় জিৰণী লোৱা মুকেশ আম্বানিক বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কামাখ্যাৰ স্মাৰক, বস্ত্ৰ প্ৰদান কৰি আদৰণি জনায়৷ উল্লেখ্য, ২০২০ চনৰ ক’ভিডৰ পাছত কামাখ্যাৰ একান্ত ভক্ত হিচাপে পৰিচিত মুকেশ আম্বানিয়ে প্ৰায় ২২ কেজি সোণেৰে প্ৰস্তুত কৰা কেইবাটাও সোণৰ কলহ মন্দিৰৰ চূড়ান্ত স্থাপন কৰি দিছিল৷


বৰঝাৰত বেম্বো অৰ্কিড টাৰ্মিনেলৰ আৰ্হি মুকলি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  উত্তৰ-পূবৰ প্ৰথমটো আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত দিনক দিনে বৃদ্ধি পোৱা যাত্ৰীৰ বদ্ধিৰ্ত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে ২০১৮ চনতে বৰ্তমানৰ বিমান বন্দৰৰ পৰা প্ৰায় ডেৰ কিঃ মিঃ নিলগত প্ৰায় ১,২০০ কোটি টকা ব্যয়ৰে এটা নতুন টাৰ্মিনেল ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল৷ অৱশ্যে ২০২০ আৰু ২০২১ চনত সৃষ্টি হোৱা ক’ভিডকালীন পৰিস্থিতি আৰু পৰৱৰ্তী সময়ত বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্ব ব্যক্তিগতকৰণ কাৰ্যসূচীৰ অংশ হিচাপে আদানি গ্ৰুপক হস্তান্তৰ কৰাত নিৰ্মাণ কাৰ্যত সাময়িকভাৱে বিলম্ব হয়৷ অৱশেষত বহু হোহকা-পিছলাৰ অন্তত ২০২২ চনৰ পৰা নতুন টাৰ্মিনেল ভৱনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে আদানী গ্ৰুপে৷ ইফালে নতুন টাৰ্মিনেল ভৱনত অসমসহ উত্তৰ-পূবৰ কৃষ্টি, সংস্কৃতিকে ধৰি অৰণ্য, বন, গছ-গছনি আদি প্ৰতিফলিত হয় তাৰ বাবে বৰঝাৰ বিমান বন্দৰৰ তদানীন্তন মুখ্য বিমান কোঠ বিষয়া উৎপল বৰুৱাৰ তৎপৰতাত বিমানবন্দৰটোক বেম্বো অৰ্কিড টাৰ্মিনেলৰ আৰ্হিত নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ আনকি নিৰ্মাণ কাৰ্যত ব্যৱহৃত হোৱা বাঁহৰ গৰিষ্ঠ সংখ্যকেই চুবুৰীয়া চীন দেশত পোৱা এবিধ বিশেষ প্ৰজাতিৰ বাঁহ ব্যৱহাৰ কৰা হয়৷ এতিয়াও চীন দেশৰ পৰা সেই বিশেষ প্ৰজাতিৰ বাঁহ আনি থকা হৈছে৷ ইফালে ২৪ ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিৰ্মাণৰত অৱস্থাত থকা বৰঝাৰ বিমান বন্দৰত বেম্বো অৰ্কিড টাৰ্মিনেলৰ আৰ্হি মুকলি কৰে৷ এই বেম্বো অৰ্কিড টাৰ্মিনেলত কপৌ ফুল, অসমৰ পৰম্পৰাগত বিভিন্ন প্ৰজাতিৰ বাঁহ, অৰণ্যৰ মনোমোহা সৌন্দৰ্য প্ৰতিফলিত হ’ব৷ বিশ্বমানৰ বিমানবন্দৰৰ আৰ্হিত নিৰ্মাণ কৰি থকা বেম্বো অৰ্কিড টাৰ্মিনেলত যাত্ৰীয়ে বিশ্বমানৰ বিমানবন্দৰৰ দৰে সকলো সা-সুবিধা লাভ কৰিব৷ প্ৰায় ১৪০.০০০ বৰ্গ মিটাৰ এলেকাযুক্ত টাৰ্মিনেলটোত থাকিব ১০ খনকৈ গেট আৰু বছৰি ১৩০ লাখ যাত্ৰীক শ্ৰশ্ৰূষা কৰাৰ ক্ষমতা থাকিব৷ একেদৰে বাহিৰৰ পৰা অহা যাত্ৰী বা পৰ্যটকে বেম্বো অৰ্কিড টাৰ্মিনেলত প্ৰৱেশ কৰাৰ পাছত অসমসহ উত্তৰ-পূবৰ চহকী জৈৱ-বৈচিত্ৰ্য, কৃষ্টি, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, বন-বননি, বন্যজন্তু, গছ-গছনি আদিৰ বিষয়ে জানিব পাৰিব৷ আনকি নিশাও যাতে বেম্বো অৰ্কিড টাৰ্মিনেলটো আলোকিত হৈ থাকে তাৰ বাবে বিশেষ প্ৰযুক্তিৰ এল ই ডি লাইট ব্যৱহাৰ কৰা হ’ব৷ উল্লেখ্য যে চলিত বৰ্ষৰ মাজভাগত নহ’লেও শাৰদীয় দুৰ্গা পূজাৰ সময়ত বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনটো যাত্ৰীৰ বাবে মুকলি হোৱাৰ আশা আছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়া

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ  কেন্দ্ৰীয় যোগাযোগ আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অত্যাধুনিক প্ৰযুক্তিৰ ৫ জি লেব উদ্বোধন কৰে৷ উক্ত লেবটোৱে বিভিন্ন ডিজিটেল মাধ্যমৰ উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাম কৰি ছাত্ৰ-ছাত্ৰী, গৱেষকসকলৰ উন্নতি সাধন কৰিব৷ লগতে শিক্ষক-শিক্ষাৰ্থীসকলে ইয়াত দ্ৰুতগতিৰ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা, আৰু উন্নত নেটৱৰ্কিঙৰ নতুন সম্ভাৱনাসমূহ অন্বেষণ কৰিব পাৰিব৷ আনহাতে বিয়লি ৪ বজাত প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ অহা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ বায়ু শাখাৰ ৫০ আসাম এয়াৰ এন চি চি কেডেটৰ এটা দলে গাৰ্ড অব অনাৰ প্ৰদৰ্শন কৰে৷ তাৰ পাছত বিহু, বাগৰুম্বা আৰু সত্ৰীয়া নৃত্যৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনোৱা হয়৷ সাংস্কৃতিক শোভাযাত্ৰা আৰু বিশ্ববিদ্যালয় সংগীতেৰে বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৫৯ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু ৬ গৰাকী পি এইচ ডি ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা জনায় আৰু তেওঁলোকৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু ইয়াৰ বাহিৰৰ অঞ্চলৰ বাবে এক শক্তিশালী শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত সামগ্ৰিক উন্নয়ন আৰু চহকী শৈক্ষিক বাতাবৰণৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ দায়বদ্ধতাক প্ৰশংসা কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড॰ ননী গোপাল মহন্তই কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াক আদৰণি জনাই ভাষণত কয় যে বিশ্ববিদ্যালয়খনে উচ্চ শিক্ষা, গৱেষণা, আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত আলোকপাত কৰি সময়ে সময়ে অঞ্চলটোত উদ্ভাৱন আৰু উৎকৃষ্টতা বৃদ্ধিৰ দিশটো লক্ষ্য ৰাখি উন্নয়নমূলক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অন্যবদ্য অবদান আগবঢ়াই আহিছে বুলি সদৰি কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আস্থা প্ৰকাশ কৰে যে ৫ জি লেবে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰি ছাত্ৰ-ছাত্ৰীৰ ডিজিটেল অভিজ্ঞতা বৃদ্ধি কৰিব৷ ভাৰতে ডিজিটেলভাৱে সৰ্বাংগীণ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে এই ধৰণৰ পদক্ষেপে শিক্ষাৰ্থীসকলক দ্ৰুতগতিত বিকশিত ডিজিটেল পৰিৱেশত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সজ্জিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷  অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড॰ উৎপল শৰ্মা, শ্ৰেণী সমূহৰ সচিব ড॰ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ড॰ ৰঞ্জন কুমাৰ কাকতি, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কেবাজনো বিষয় - ববীয়া,  ভালে সংখ্যক শিক্ষক, শিক্ষাৰ্থী, গৱেষক, বিষয়া, কৰ্মচাৰী উপস্থিত আছিল৷