
‘ক্লীন এনাৰ্জী’ত ৩০,০০০ কোটি টকা বিনিয়োগ কৰিব টাটা পাৱাৰে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ আগন্তুক ৫ বছৰত টাটা পাৱাৰে অসমত ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব৷ মূলতঃ ক্লিন এনাৰ্জী আৰু নবীকৰণযোগ্য শক্তি উৎপাদনৰ ক্ষেত্ৰত এই ধন বিনিয়োগ কৰিব টাটা পাৱাৰে৷ ইয়াৰ দ্বাৰা ৫ হাজাৰ মেগাৱাট ক্লীন এনাৰ্জী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখ্য যে গুৱাহাটীৰ খানাপাৰাত এডভাণ্টেজ আসাম ২.০ ত এই সন্দৰ্ভত মঙলবাৰে টাটা পাৱাৰ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ টাটা পাৱাৰে ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ বিপৰীতে অসম চৰকাৰে প্ৰায় ২০ হাজাৰ বিঘা চৰকাৰী ভূমি দিব৷ ইয়াৰ উপৰিও সৌৰ, বতাহৰ পৰা উৎপাদিত শক্তি, জলবিদ্যুৎ আদি খণ্ডৰ শক্তি উৎপাদন প্ৰকল্প স্থাপনৰ বাবে ব্যক্তিগত খণ্ডৰ ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰতো চৰকাৰে টাটা পাৱাৰক সহযোগিতা আগবঢ়াব৷উল্লেখ্য যে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ পাছত টাটা পাৱাৰৰৰ চি ই অ’ তথা পৰিচালন সঞ্চালক ড॰ প্ৰবীৰ কুমাৰৰে সৈতে ‘আমাৰ অসম’ৰে হোৱা এক সাক্ষাৎকাৰত কয়–অসমৰ বাবে টাটা পাৱাৰে মূলত তিনিটা পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে প্ৰথমটো হল ৰুফটপ চলাৰ পাৱাৰ৷ এই ক্ষেত্ৰত বৰ্তমান অসমৰ বজাৰৰ ২০ শতাংশ টাটা পাৱাৰৰ দখলত আছে৷ আগন্তুক এটা বছৰত ইয়াৰ পৰিমাণ ৩০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে৷ প্ৰতিবছৰে অতি কমেও ৰ লাখ গ্ৰাহকক আমি যাতে স্পৰ্শ কৰিব পাৰো তাৰো লক্ষ্য লোৱা হৈছে৷ ইতিমধ্যে ৰাজ্যৰ ৫০খন বৃহৎ চাহ বাগিছাক ৰুফটপ চলাৰেৰে সাঙুৰি লোৱা হৈছে৷ শীঘ্ৰে আৰু ১০০ চাহ বাগিচাক সামৰি লোৱা হ’ব৷ সৰু-ডাঙৰ সকলো ধৰণৰ উদ্যোগকে প্ৰধানকৈ বিদ্যুতৰ প্ৰয়োজন৷ সেয়ে অসমৰ বাবে আমি সংহত ‘ক্লীন এনাৰ্জী’ৰ পৰিকল্পনা কৰিছো৷ সৌৰ শক্তি জলবিদ্যুৎ শক্তিৰ ওপৰত আমি অধিক গুৰুত্ব দিছো৷
ভূটানত ৫ শ আৰু ১ হাজাৰ মেগাৱটৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম চলাই আছে টাটা পাৱাৰে৷ অসমেও এই বিদ্যুতৰ ভাগ পাব৷ তৃতীয়তে আমি বিদ্যুৎ চালিত গাড়ীৰ চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ লক্ষ্য লৈছো৷ এতিয়া বহু লোকে বৈদ্যুতিক গাড়ী ব্যৱহাৰ কৰিবলৈ লৈছে৷ কিন্তু এনে গাড়ী লৈ ফুৰিবলৈ ওলাই যোৱা লোকে ক’ত গাড়ী চাৰ্জ কৰিব তাৰ ব্যৱস্থা বৰ্তমান হৈ উঠা নাই৷ সেয়ে অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আমি চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনা কৰিছো৷ বৰ্তমান আমি ৩০০ টা এনে চাৰ্জিং ষ্টেচন স্থাপন কৰিব৷ আমি ১০০ শতাংশই গ্ৰীণ পাৱাৰ ব্যৱস্থাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগতো গ্ৰীণ পাৱাৰ ব্যৱহাৰ হ’ব৷ অসমৰ চাহ উদ্যোগত আমি সম্পূৰ্ণৰূপে গ্ৰীণ পাৱাৰ ব্যৱহাৰ কৰিব বিচাৰিছো যিদৰে অসমৰ গ্ৰীণ টী সমগ্ৰ বিশ্বলৈ যায়৷ ২০২৭ চনৰ ভিতৰত অসমত ৫০০ মেগাৱাট সৌৰ বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ এপিডিচিএলৰ সৈতেও টাটা পাৱাৰ ৰিনিৱেবুল এনাৰ্জীৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে যাৰ দ্বাৰা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অধীনত অধিক বিদ্যুৎ গ্ৰাহকক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰ দ্বাৰা ৩০০০ যুৱক-যুৱতীয়ে প্ৰত্যক্ষভাৱে সংস্থাপনৰ সুযোগ লাভ কৰিব৷ অসমত বতৰ্মান ২০ মেগাৱাট ছলাৰ ৰুফটপ বিদ্যুৎ উৎপাদন কৰি থকা হৈছে৷ বৈদ্যুতিক গাড়ীৰ বাবে ব্যক্তিগতভাৱে ৩০০ গৃহ চাৰ্জিং পইণ্ট আৰু ৰাজহুৱাভাৱে ২০টা এনে চাৰ্জিং ষ্টেচন অসমত চলি আছে ক্লিন এনাৰ্জীৰ অংশ হিচাপে৷ আমাৰ লক্ষ্য হ’ল অসমৰ মানুহক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা৷ ইয়াৰ উপৰিও আগন্তুক দিনবোৰত আৰু বহু প্ৰকল্প টাটা পাৱাৰে অসমত গ্ৰহণ কৰিব৷