Logo
image

শিৱৰাত্ৰিৰ প্ৰচণ্ড ভিৰৰ মাজতে আজি সামৰণি কুম্ভমেলাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ফেব্ৰুৱাৰীঃ  হৰ্ষা ৰিছাৰিয়া, মমতা কুলকাৰ্ণীৰ বিতৰ্কৰে আৰম্ভ, কেটৰিনা কাঈফৰ গংগাস্নানেৰে শেষ৷ মাজত অগণন ভক্ত, অসংখ্য ভি আই পি-ভি ভি আই পিৰ স্নান আৰু অদ্যোপান্ত চৰ্চা-বিতৰ্ক৷ যোৱা ১৩ জানুৱাৰীত প্ৰয়াগৰাজত আৰম্ভ হোৱা মহাকুম্ভমেলাৰ কাইলৈ বুধবাৰে সমাপ্তি ঘটিব৷ শিৱৰাত্ৰিৰ দিনটোত কাইলৈ  শেষ শ্বাহি স্নানৰ বাবে আজিৰ পৰাই প্ৰয়াগৰাজত ভক্তৰ অসামান্য ভিৰ৷ অন্তিম দিনটোত কাইলৈ প্ৰায় কোটিৰ ঘৰত ভক্তই মহাকুম্ভমেলাত স্নান কৰিব৷ অন্তিম দিনটো যাতে নিৰ্বিঘ্নে শেষ হয় তাৰ বাবে নিশ্চিদ্ৰ প্ৰস্তুতি চলাইছে আয়োজকে৷ কাইলৈ শেষ স্নান হ’লেও বৃহস্পতিবাৰে পুৱা ৯.৫৪ বজাত প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ সামৰণি পৰিব৷


মহাকুম্ভমেলাৰ সামৰণিৰ পূৰ্বে সোমবাৰে প্ৰয়াগৰাজত গংগাস্নান কৰে বলীউড ললনা কেটৰিনা কাঈফে৷ কেটৰিনা তেওঁৰ শাহুৱেক বীণা কৌশলৰ সৈতে প্ৰয়াগৰাজত উপস্থিত হোৱাত কেটৰিনাক দৰ্শন পাবলৈ সমৰ্থকৰ ভিৰ উপচি পৰে৷ ইতিপূৰ্বে বলীউডৰ চেলেব্ৰিটী অক্ষয় কুমাৰ, মিলিন্দ সুমন, প্ৰীতি জিণ্টা, সোণালী বেন্দ্ৰে আদিয়ে কুম্ভস্নান কৰিছিল৷ কেটৰিনাই শাহুৱেকৰ সৈতে ত্ৰিবেণী সংগমত স্নান কৰে আৰু ভক্তৰ মাজত প্ৰসাদো বিতৰণ কৰে৷