Logo
image

৬,০০,০০০ কোটি...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত আজি এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন উদ্বোধন কৰে৷ আজিৰে পৰা দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হৈছে৷ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ৬ বছৰত ডাবল ইঞ্জিন চৰকাৰৰ দিনত অসমৰ অৰ্থনীতিত ডাবল হৈছে৷ অসম এতিয়া ৬ লাখ কোটি  টকাৰ অৰ্থনীতিত পৰিণত হৈছে৷ ২০১৮ চনত এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হওতে অসমৰ অৰ্থনীতিৰ মূল্য আছিল ২.৭৫ লাখ কোটি টকা৷ কিন্তু আজি অসম ৬ লাখ কোটি টকাৰ ৰাজ্যত পৰিণত হৈছে৷ ভাৰতৰ উন্নয়নত অসমৰ অৱদান অহৰহ বৃদ্ধি পাইছে৷’ এডভাণ্টেজ আছাম ২.০ত সমবেত দেশৰ উদ্যোগীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয়– ‘আপোনালোকে সহযোগ কৰিলে অসম এখন আন লিমিটেড সম্ভাৱনাৰ ৰাজ্যলৈ পৰিণত হ’ব৷’ তেওঁ কয় যে তেওঁৰ চৰকাৰে যোৱা কিছু বছৰত সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক কাম কৰিছে৷ ইয়াৰ বাখ্যা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে ৭০ বছৰত ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ বিপৰীতে বিগত ১০ বছৰত চাৰিখন নতুন দলং নিৰ্মাণ কৰা হৈছে৷ ইয়াৰে এখন দলংৰ নাম ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হৈছে৷ মোদীয়ে কয় যে ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অসমে গড় ৰে’ল বাজেট ২, ১০০ কোটি টকা লাভ কৰিছিল যদিও তেওঁৰ চৰকাৰে অসমৰ ৰে’ল বাজেট চাৰিগুণতকৈ অধিক বৃদ্ধি কৰি ১০,০০০ কোটি টকা কৰিছে৷ অসমৰ ৬০টাৰো অধিক ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উত্তৰ-পূবৰ প্ৰথমখন ছেমি হাইস্পীড ৰে’ল এতিয়া গুৱাহাটী আৰু নতুন জলপাইগুৰিৰ মাজত চলি আছে৷ অসমত বিমান সংযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনলৈকে মাত্ৰ ৮টা পথতহে বিমান সেৱা চলি আছিল, কিন্তু এতিয়া প্ৰায় ৩০টা পথত বিমান সেৱা চলি আছে৷ তেওঁ কয় যে এই সম্প্ৰসাৰণে স্থানীয় অৰ্থনীতিক যথেষ্ট উত্থান দিয়াৰ লগতে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে৷ মোদীয়ে দৃঢ়তাৰে কয় যে এই পৰিৱৰ্তন কেৱল আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ নহয়, আইন-শৃংখলাৰ ক্ষেত্ৰতো অভূতপূৰ্ব উন্নতি হৈছে, যোৱা দশকত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু দীৰ্ঘদিনীয়া সীমান্তৰ সমস্যা সমাধান হৈছে৷ তেওঁ দৃঢ়তাৰে কয় যে অসমৰ প্ৰতিটো অঞ্চল, প্ৰতিজন নাগৰিক আৰু প্ৰতিজন যুৱকে ৰাজ্যখনৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আছে৷ উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে – অসমে দেশৰ ঔদ্যোগিক ক্ষেত্ৰখনক নেতৃত্ব দিব পৰা এক চহকী ৰাজ্য হিচাপে আত্মপ্ৰকাশৰ প্ৰতিশ্ৰুতি বহন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে অসমক দেশৰ এক ঔদ্যোগিকভাৱে শক্তিশালী ৰাজ্য হিচাপে বিকশাই তোলাৰ দিশত ভাৰত চৰকাৰৰ আন্তৰিক সমৰ্থন আৰু দায়বদ্ধতাৰ কথাও উল্লেখ কৰে৷ তেওঁ লগতে প্ৰযুক্তি আৰু উৎপাদন খণ্ডৰ অগ্ৰাধিকাৰেৰে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অনা বৈচিত্ৰ্যপূৰ্ণ পৰিৱৰ্তনৰ বাবেও প্ৰশংসা কৰে৷ উল্লেখ্য যে, এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ জৰিয়তে ৰাজ্যখনত চহকী বিনিয়োগ আৰু ঔদ্যোগিক পৰিৱেশতন্ত্ৰ সম্পৰ্কে তুলি ধৰাৰ লগতে ইয়াৰ স্থানগত সুবিধা, গতিশীল বিনিয়োগ নীতি আৰু বিনিয়োগৰ লভ্যাংশ দিব পৰা সম্ভাৱনা থকা এক বিশাল বজাৰ উপস্থাপন কৰিব বিচৰা হৈছে৷  উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই সন্মিলন ৰাজ্যখনৰ ঔদ্যোগিক যাত্ৰাপথৰ এক ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু গৌৰৱময় উপস্থিতিয়ে এডভাণ্টেজ আছাম ২.০য়ে বিকাশ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা কৰিব৷ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসমৰ চাহৰ ২০০ বছৰ উদযাপনে ৰাজ্যখনৰ ঔদ্যোগিক পৰম্পৰাকে সূচায় বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮২৩ চনত আৱিষ্কাৰ হোৱা চাহ অসমৰ প্ৰধান উদ্যোগ আছিল৷ অসমৰ উদ্যোগীকৰণৰ চহকী অতীতৰ বিষয়ে অৱলোকন কৰি তেওঁ লগতে কয় যে ভাৰতৰ তেল উদ্যোগৰ প্ৰথম পথ প্ৰদৰ্শক আছিল অসম৷ ১৮৪৭চনত অসমত কয়লা আৱিষ্কাৰ হৈছিল আৰু ইয়ে অসমৰ ঔদ্যোগিক যাত্ৰাক অধিক আগুৱাই নিয়াৰ লগতে ৰাজ্যখনৰ স্থায়ী বহনক্ষম অৰ্থনৈতিক বিকাশৰ ভেটি গঢ়ি তুলিছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ভাৰতৰ স্বাধীনতাৰ সময়ত অসম দেশৰ এখন অৰ্থনৈতিকভাৱে অগ্ৰণী ৰাজ্য আছিল৷ চাহ, প্ৰাকৃতিক সম্পদ আৰু হাইড্ৰ’কাৰ্বনৰ সমৃদ্ধিৰ বাবেই জনমূৰি আয় ৰাষ্ট্ৰীয় গড়তকৈ চাৰি শতাংশ অধিক আছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দূৰদশীৰ্ নেতৃত্বত অসমে এক ঐতিহাসিক ৰূপান্তৰৰ দিশেৰে অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীৰ দায়বদ্ধতাই অসমৰ দ্ৰুত বিকাশ আৰু নব্য আশাবাদৰ নতুন যুগলৈ আগুৱাই লৈ গৈছে৷ তেওঁ কয় যে ২০১৪ চনৰ পৰা ২৩২৪ কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ ভাৰতীয় ৰে’লৱে ৬০০ কিলোমিটাৰ মিটাৰগজ লাইনক সম্পূৰ্ণভাৱে ব্ৰডগজলৈ পৰিবৰ্তন কৰিছে৷ তদুপৰি, বৰ্তমান ভাৰতৰ সপ্তম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা অসমে ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ বিকাশৰ দিশত এতিয়া অনুঘটক হৈ পৰিছে৷ তেওঁ লগতে কয় যে ৰাজ্যৰ জিডিপি ২০১৩-১৪ চনৰ ২৯ বিলিয়ন ডলাৰৰ পৰিৱৰ্তে ২০২৩-২৪ বৰ্ষত ৬৮.৮ বিলিয়ন ডলাৰ হৈছে৷ ইয়ে ১২.৪ শতাংশ চিএজিআৰ বৃদ্ধিকে প্ৰতিফলিত কৰিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে সকলো উদ্যোগপতি, বিনিয়োগকাৰী, উদ্যোগী আৰু অন্যান্য অংশীদাৰীসকলক বিভিন্ন খণ্ডত অসমৰ বিশাল বিনিয়োগৰ সম্ভাৱনাক বিচাৰি উলিয়াবলৈ আহ্বান জনায়৷


তেওঁ লগতে কয় যে অসমে বিনিয়োগ নিৰ্ভৰযোগ্য অংশীদাৰৰ বাবে সাজু৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সকলো ধৰণৰ সুবিধা আগবঢ়াব বুলিও তেওঁ কয়৷ টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণ, ৰিলায়েঞ্চ উদ্যোগৰ চিএমডি মুকেশ আম্বানী, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা, জে এছ ডাব্লিও গ্ৰুপৰ চি এম ডি সজ্জন জিন্দালেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণে প্ৰযুক্তি খণ্ডত অসমৰ উত্থানৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষকৈ জাগীৰোডত টাটা ইলেক্ট্ৰনিকচে বিকশিত কৰি থকা এ টি এম পিৰ সুবিধাই অসমৰ অনুকূল ঔদ্যোগিক পৰিৱেশতন্ত্ৰকে সূচায় বুলি কয়৷ তেওঁ অসম চৰকাৰৰ সৈতে সহযোগিতাৰে ভৱিষ্যতৰ ক্ষেত্ৰসমূহত বিচাৰি ওলোৱাৰ সমান্তৰালকৈ অহা পাঁচ বছৰত সেউজ শক্তি, মোবাইল মেনুফেকচাৰিং চিপচৰ দৰে খণ্ডসমূহত বিনিয়োগৰ বাবেও আশ্বাস প্ৰদান কৰে৷ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে স্বচ্ছ শক্তি, ফুড এণ্ড নন ফুড, বাঁহ, কনজিউমাৰ  ডুৰেবল ৰিটেইলছ আৰু হোটেল খণ্ডৰ উপৰি শুৱালকুছি ৰেচন উদ্যোগকে ধৰি সহযোগিতাৰ বাবে পাঁচটা অগ্ৰাধিকাৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি অহা পাঁচ বছৰৰ ভিতৰত ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগৰ আশ্বাস দিয়ে৷ আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে স্বচ্চ শক্তি, পথ প্ৰকল্পকে ধৰি আন্তঃগাঁথনিৰ সৃষ্টিৰ দৰে ক্ষেত্ৰত আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবেও আশ্বাস প্ৰদান কৰে৷ ইয়াৰ উপৰিও বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰবালাই ৫০ হাজাৰ কোটি টকাৰ বিনিয়োগ আশ্বাস দিয়ে৷ জে এছ ডাব্লিউ গ্ৰুপৰ চি এম ডি সজ্জন জিন্দালে অসমত নৱীকৰণযোগ্য শক্তি আৰু থাৰ্মেল পাৱাৰৰ দৰে খণ্ডত বিনিয়োগৰ আশ্বাস দিয়ে৷ আজিৰ এই উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া, ৰয়েল গৰ্ভমেণ্ট অৱ ভূটানৰ কৃষি আৰু পশুপালন মন্ত্ৰী ইউণ্টেন ফুন্টো, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড॰ মাণিক সাহা, বিভিন্ন দেশৰ মিছন মুৰব্বী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল আৰু উদ্যোগ খণ্ডৰ নেতৃবৰ্গ উপস্থিত থাকে৷ উল্লেখ্য যে এডভাণ্টেজ আছাম ২.০ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী সামৰি আজি দুপৰীয়া এক বজাত আন এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মধ্য প্ৰদেশ অভিমুখে উৰা মাৰে৷