Logo
image

কইনাধৰাত ৰাজ্যিক নেতৃত্বৰে আলোচনাত বহিল মোদী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ফেব্ৰুৱাৰীঃ  দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে সন্ধিয়াই খানাপাৰাস্থিত কইনাধৰা পাহাৰৰ ৰাজ্যিক অতিথিশালাত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে আলোচনাত ভাগ লয়৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী৷ আলোচনাত বিজেপিৰ  ৰাজ্যিক সম্পাদক পল্লব লোচন দাস, দিপ্লুৰঞ্জন শৰ্মা আৰু পুলক গোহাঁয়ো উপস্থিত থাকে৷


ৰাজ্যখনৰ দলীয় সাংগঠনিক দিশৰ লগতে ডাবল ইঞ্জিন চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাম-কাজ তথা ৰাজনৈতিক কেতবোৰ বিষয় সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সোমবাৰে এডভাণ্টেজ আছাম ২.০ অৰ প্ৰদৰ্শনী মুকলি কৰাৰ পাছত তেওঁ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰে আলোচনাত মিলিত হয়৷ লক্ষণীয় কথা যে এই আলোচনাত নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ এটা সূত্ৰমতে দলত সৃষ্টি হোৱা ক্ষোভ অসন্তুষ্টিৰ বিষয়ে অৱগত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে অসম বিজেপিত কোনো ধৰণৰ বিসম্বাদে গা কৰি উঠিব নোৱাৰে তাৰ বাবে তৎপৰ হ’বলৈ ৰাজ্যিক বিজেপিক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷