Logo
image

২,০০২ কোটি ৰাজহ ক্ষতি, বিতৰ্কৰ মাজত ১৫ ‘আপ’ বিধায়কক বহিষ্কাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ ফেব্ৰুৱাৰীঃ  অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে বলৱৎ কৰি পাছত প্ৰত্যাহাৰ কৰা নতুন আবকাৰী নীতিৰ ফলত চৰকাৰৰ ২,০০২ কোটি টকা লোকচান হৈছিল৷ চি এ জিৰ প্ৰতিবেদনত এই তথ্য উন্মোচিত হৈছে৷ কেজৰিৱাল চৰকাৰে ৰাজহুৱা  নকৰাকৈ পেলাই থোৱা চি এ জিৰ প্ৰতিবেদন মঙলবাৰে দিল্লীৰ বিজেপি চৰকাৰে বিধানসভাত দাখিল কৰে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নেতৃত্বাধীন বিজেপি চৰকাৰে এই প্ৰতিবেদন দাখিল কৰাৰ পাছত দেশজুৰি ভয়ংকৰ প্ৰতিক্ৰিয়াৰ উদ্ভৱ হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, নতুন আবকাৰী নীতি বলৱৎ কৰি তাক পুনৰ প্ৰত্যাহাৰ কৰি অৰবিন্দ কেজৰিৱাল চৰকাৰে কেৱল বিতৰ্কৰে সৃষ্টি কৰা নাছিল, ইয়াৰ জৰিয়তে তেওঁৰ চৰকাৰে উপঢৌকন লৈ বৃহৎ আৰ্থিক কেলেংকাৰি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল৷ এই অভিযোগৰ ফলত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া, ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু কেজৰিৱাল মন্ত্ৰীসভাৰ  মন্ত্ৰী সত্যেন্দৰ জৈনে দীৰ্ঘদিন কাৰাদণ্ড ভুগিছিল৷ চিবিআই আৰু ইডিয়ে তদন্ত কৰা সেই গোচৰ এতিয়া বিচাৰাধীন৷ দুটা পূৰ্ণ কাৰ্যকালৰ পাছত এইবাৰ দিল্লীৰ নিৰ্বাচনত আপ ক্ষমতাচ্যুৎ হোৱা আৰু স্বয়ং অৰবিন্দ কেজৰিৱাল পৰাজিত হোৱাৰ অন্যতম মূল কাৰণ এই আবকাৰী নীতিৰ দুৰ্নীতি৷


দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিধানসভাত জনোৱা অনুসৰি তেওঁৰ চৰকাৰে চলিত অধিৱেশনত ইমানদিনে কেজৰিৱাল চৰকাৰে পেলাই থোৱা ১৪খন চি এ জিৰ প্ৰতিবেদন এখন এখনকৈ দাখিল কৰিব৷ মঙলবাৰে মুকলি কৰা প্ৰতিবেদনত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষলৈ মুঠতে ৪ বছৰৰ হিচাপ-নিকাচ আছে, যিটো সময়ত এই কেলেংকাৰি সংঘটিত হৈছিল৷ তাত উল্লেখ কৰা অনুসৰি কেজৰিৱাল চৰকাৰে অনুজ্ঞাপত্ৰৰ পুনৰ নিবিদা আহ্বান কৰিবলৈ ব্যৰ্থ হোৱাত চৰকাৰে ৮৯০ কোটি টকা, আবকাৰী নীতি বলৱৎ কৰাত বিলম্ব কৰাত ৯৪১ কোটি টকাৰ ৰাজহ হেৰুৱাইছিল৷ ইয়াৰ আটাইতকৈ বিতৰ্কিত তথ্য হৈছে ক’ভিডৰ অজুহাতত ২০২১ চনৰ ২৮ ডিচেম্বৰৰ পৰা ২০২২ চনৰ ২৭ ডিচেম্বৰলৈ সুৰাৰ অনুজ্ঞাপত্ৰধাৰীক ১৪৪ কোটি টকা মাফ কৰি দিয়া৷ এই ৰেহাই চৰকাৰৰ আবকাৰী নীতিৰ পৰিপন্থী আছিল৷ তদুপৰি ভুলকৈ ‘ছিকিউৰিটী ডিপ’জিট’ সংগ্ৰহ কৰাত ২৭ কোটি টকা লোকচান হৈছিল চৰকাৰৰ৷

ইপিনে, উপ-ৰাজ্যপালৰ ভাষণত সদনত তীব্ৰ হুলস্থূল কৰাৰ বাবে আপৰ আতিশীসহ ১২জন বিধায়কক অধ্যক্ষ বিজেন্দৰ গুপ্তাই বিধানসভাৰ পৰা নিলম্বিত কৰে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই তেওঁৰ কাৰ্যালয়ৰ পৰা বি আৰ আম্বেদকাৰৰ ফটো অপসাৰণ কৰাৰ বিৰোধিতা কৰি আপ বিধায়কে বিধানসভাৰ অধিৱেশনত তীব্ৰ আপত্তি উত্থাপন কৰি কাৰ্যক্ৰমণিকা বিঘ্নিত কৰিছিল৷