এৰাবাৰীত পৰিণত নাজিৰাৰ এখন পশু চিকিৎসালয়, কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ
'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদকঃ অসম চৰকাৰৰ পশুপালন বিভাগে ৰাজ্যৰ পশু পালক আৰু পশুধনৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন সময়ত কোটি কোটি টকা ব্যয় কৰি বহু অভিলাষী আঁচনি ৰূপায়ন কৰে যদিও তেনে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই বিভিন্ন প্ৰান্তৰ পশু চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ। তেনে এটা কেন্দ্র হ'ল নাজিৰা সমজিলাৰ গোমোঠা গাঁৱৰ পশু চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ। ৰাজ্য চৰকাৰ তথা পশু পালন বিভাগৰ দায়িত্বহীনতাৰ বাবেই বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে শিৱসাগৰৰ পূৰ্বৰ মাহমৰা বৰ্তমানৰ ডিমৌ সমষ্টিৰ গোমোঠা গাঁৱৰ কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ৷ অসম চৰকাৰৰ পশুপালন ও পশুচিকিৎসা বিভাগৰ অন্তৰ্গত এই কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটি চাবলৈ সময়েই নাই ৰাজ্যৰ পশুপালন ও পশুচিকিৎসা বিভাগৰ৷ ডিমৌ সমষ্টিৰ অন্তৰ্গত এইটো গোমোঠা কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰ ১৯৮৯ চনতে স্থাপন কৰা হৈছিল। কিছুবছৰ এই পশু চিকিৎসা আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰৰ জৰিয়তে বৃহত্তৰ এটা অঞ্চল সামৰি সুচাৰুৰূপে সেৱা আগবঢ়াই আহিছিল যদিও বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই বৰ্তমান কেন্দ্ৰটোৰ অৱস্থা অতিকে তথৈবচ৷
অঞ্চলটোৰ শতাধিক ৰাইজ কৃষি আৰু পশুপালনৰ ওপৰতেই জীৱন জীৱিকাৰ পথ নিৰ্ধাৰণ কৰি আহিছে৷ বৰ্তমান এই পশু চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো সজীৱ হৈ নথকাৰ বাবে গো ধনৰ বেমাৰ হ’লে চিকিৎসাৰ বাবে বহু দূৰলৈ নিবলগীয়া হয়৷ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হয় পশুপালক সকলৰ মাজত৷ স্থানীয় ৰাইজে এই পশু চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো পুনৰ সজীৱ কৰি তুলিবৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন-নিবেদন কৰি আহিছে যদিও কোনো সঁহাৰি জনোৱা নাই। বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজ তথা পশু পালক সকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে এই গোমোঠা গাঁৱৰ পশু চিকিৎসালয় আৰু কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো পুনৰ সজীৱ কৰি তুলিবৰ বাবে পানীবিল গোমোঠা গাঁৱৰ সূৰ্যোদয় যুৱ সমাজে নাজিৰা সম জিলাৰ আয়ুক্তৰ যোগেদি অসম চৰকাৰ আৰু পশু চিকিৎসা ও পশু পালন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্থানীয় ৰাইজেও শীঘ্ৰে কৃত্ৰিম গো প্ৰজনন কেন্দ্ৰটো নিৰ্মাণৰ দাবী জনাইছে৷






