
শিৱৰাত্ৰি উপলক্ষে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ মন্দিৰত অগনন ভক্তৰ সমাগম
'আমাৰ অসম'ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদক, ২৬ফেব্ৰুৱাৰীঃ আজি পৱিত্ৰ মহাশিৱৰাত্ৰি উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো দেখা গৈছে ব্যাপক উচাহ। পুৱাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। মন্দিৰে মন্দিৰে দেখা গৈছে ভক্তৰ সমাগম৷ দেৱাদিদেৱ মহাদেৱৰ আশীষ বিচাৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। মহাদেৱৰ বন্দনাত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত উলহ-মালহেৰে পালন কৰা হয় মহাশিৱৰাত্ৰি। আজিৰ দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ সম্পন্ন হৈছিল বুলি এক ধৰ্মীয় বিশ্বাস আছে। সেই বাবেই এই বিশেষ দিনটোত ভগৱান শিৱক পূজা কৰিলে ভাল ফল পোৱা যায় বুলি এক জনবিশ্বাস আছে। সেয়েহে দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱৰ আৰাধনা স্থলীসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে৷ মহা শিৱৰাত্ৰি উপলক্ষে আজিৰে পৰা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী গুপ্তেশ্বৰ মন্দিৰত আৰম্ভ হৈছে শিৱৰাত্ৰি মেলা৷ শিৱৰাত্ৰি উপলক্ষে মন্দিৰ প্ৰাঙ্গণত অগনন ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে৷ ইফালে আজিৰে পৰা মন্দিৰ প্ৰাঙ্গণত আৰম্ভ হৈছে পাঁচদিনীয়া শিৱৰাত্ৰি মেলা। পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাবে এইমেলা উদ্বোধন কৰে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যুতিভা বৰাই৷ শ্ৰীশ্ৰী গুপ্তেশ্বৰ মন্দিৰ উন্নয়ন সমিতিৰ সভাপতি তুলসী বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত শ্ৰীশ্ৰী গুপ্তেশ্বৰ মন্দিৰ উন্নয়ন সমিতিৰ মুখ্য সম্পাদক গোপাল আচাৰ্য্য, উপদেষ্টা দলবাহাদুৰ ছেত্ৰী, দলবাহাদুৰ নেৱাৰ, কাৰ্যকৰী সভাপতি বগীৰাম বড়ো, পংকজ বৰঠাকুৰ, গুপ্তেশ্বৰ মণ্ডল, বিজেপিৰ সভাপতি হেমন্ত ডেকা, সাধাৰণ সম্পাদক নিৰ্মল দাস লগতে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল আৰু মেলা পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে ধৰ্মপ্ৰেমী ৰাইজ উপস্থিত থাকে৷
উল্লেখ্য যে শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আয়োজিত শিৱৰাত্ৰি মেলাৰ কাৰ্যসূচীত চাৰিপ্ৰহৰৰ শিৱপূজা, নাম-কীৰ্তন, বাথৌ পূজা আদি ধৰ্মীয় কাৰ্যসূচীৰ লগতে নিশাৰ ভাগত ভাওনা প্ৰদৰ্শন কৰা হ‘ব৷ জহামাৰি গাঁৱৰ ৰাইজৰ সমূহীয়া উদ্যোগত গুপ্তেশ্বৰ দেৱালয়ত প্ৰতি বছৰে ভাওনা প্ৰদৰ্শন কৰা হয়৷ এইবেলি জহামাৰি গাঁৱৰ শিল্পীসকলে ১৩৯ বৰ্ষৰ 'জৰাসন্ধ বধ' ভাওনা প্ৰদৰ্শন কৰিব বুলি মেলা পৰিচালনা সমিতিৰ সভাপতি তুলসী বৰঠাকুৰ আৰু মুখ্য সম্পাদক গোপাল আচাৰ্য্যই জানিবলৈ দিয়ে ৷ ইফালে ধিৰাইমাজুলীত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা শিৱৰাত্ৰি উপলক্ষে মন্দিৰ দৰ্শন কৰিবলৈ ভক্তসকলৰ সমাগম হৈছে। শিৱৰাত্ৰি উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে মহামৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ললিত ছেত্ৰী আৰু সম্পাদক ইন্দ্ৰ ফয়েলে ৷ শিৱৰাত্ৰি উপলক্ষে বৰছলাৰ কাবৈমাৰীৰ পতিয়াপুখুৰীত অৱস্থিত শ্ৰীশ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰ প্ৰাঙ্গণতো মহাশিৱৰাত্ৰি আয়োজন কৰাৰ লগতে ন-সজ্জিত হৰি মন্দিৰত নাম প্ৰসঙ্গৰে মুখৰিত হৈ পৰে৷ উদযাপন সমিতিৰ সভাপতি অৰুণ বৰা, কাৰ্যকৰী সভাপতি ক্ষীতিশ দাস, সম্পাদক দুষ্মন্ত শৰ্মা আৰু সহ-সম্পাদক দিগন্ত শৰ্মাই জানিবলৈ দিয়া মতে ইয়াত শিৱ পূজাৰ লগতে নাম প্ৰসঙ্গ, কীৰ্তন আদি ধৰ্মীয় অনুষ্ঠানৰ লগতে প্ৰায় বিশগৰাকী ভকত বৈষ্ণৱ আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়৷