পবিতৰা অভয়াৰণ্যত ভিৰ কৰিছেহি দেশী-বিদেশী পৰ্যটকে
'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিবেদকঃ এডভাণ্টেজ আছামক কেন্দ্ৰ কৰি কাজিৰঙাৰ পিছতে দেশী-বিদেশী অজস্ৰ পৰ্যটকে ভিৰ কৰিছেহি মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্য। ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত চলি থকা এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিবলৈ অহা ফিলিপাইন, কোৰিয়া আৰু টাইৱানৰ প্ৰতিনিধিয়ে বুধবাৰে পবিতৰা অভয়াৰণ্যৰ মনোমোহা পৰিৱেশ উপভোগ কৰাৰ লগতে জীপ ছাফাৰী, হাতী ছাফাৰী আদিৰে অভয়াৰণ্যখন পৰিদৰ্শন কৰে। উল্লেখ্য যে এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত পবিতৰা অভয়াৰণ্যই শেহতীয়াকৈ দেশী-বিদেশী অসংখ্য পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণৰ ক্ষেত্ৰতো বিশেষ স্থান লাভ কৰিছে। ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ সংমিশ্রণেৰে ইয়াক পবিতৰা অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এই পবিতৰা অভয়াৰণ্য হৈছে কম ঘনত্বত সৰ্বাধিক গঁড়ৰ বিচৰণ ভূমি। আনহাতে প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যৰ অভ্যান্তৰত থকা খাল, বিল, জলাশয়লৈ আগমন ঘটে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ। সাত সাগৰ তেৰ নদীৰ সিপাৰৰপৰা আগমন ঘটা জলচৰ আৰু স্থলচৰ পক্ষী কুলৰ কাকলিৰে পুৱা, গধূলি মুখৰিত হৈ থাকে পবিতৰা অভয়াৰণ্য। অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া প্রাঞ্জল বৰুৱাৰ পৰা জানিব পৰা মতে, পূৰ্বৰ তুলনাত চলিত পৰ্যটন বর্ষত প্রায় ৫ হাজাৰতকৈ অধিক পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে অভয়াৰণ্যখনলৈ।
শেহতীয়া এছিয়ান জল চৰাই লোকপিয়লত অভয়াৰণ্যখনত ৫৬ প্রজাতিৰ ১০,৯৩৩ টা জলচৰ চৰাইৰ সম্ভেদ পোৱা গৈছে। ২০২৪ বর্ষত পবিতৰাৰ জলাশয়ত এই চৰাইৰ সংখ্যা আছিল ৭,২২৫ টা। অভয়াৰণ্যখনৰ তামুলিডুভা হৈছে আটাইতকৈ ডাঙৰ জলাশয়, যিয়ে সংৰক্ষিত অঞ্চলটোত জৈৱ বৈচিত্র্যৰ সৰ্বাধিক অৰিহণা যোগায় আহিছে। বিগত ১৮ জানুৱাৰীত পক্ষী বিজ্ঞানী অনোৱাৰুদ্দিন চৌধুৰী আৰু বন বিভাগৰ বিষয়াকে ধৰি প্রায় ২২ জন বিশেষজ্ঞৰে গঠিত মুঠ ১২ টা গণনাকাৰী দলে অভয়াৰণ্যখনৰ ৯ খন বিল তথা জলভাগক সামৰি এক জৰীপ চলাইছিল। এই জৰীপত ৮০ শতাংশ পৰিভ্ৰমী পক্ষী আৰু ২০ শতাংশ আৱাসী চৰাইৰ তথ্য লাভ কৰা হৈছিল। ৩৮.৮১ বর্গ কিলোমিটাৰ এলেকাৰে সামৰা পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত ২০২২ চনৰ লোকপিয়ল অনুসৰি ১০৭ টা এশিঙীয়া গঁড় আছে। ইয়াৰ উপৰিও বন্যপ্ৰাণীৰ ভিতৰত ২২ প্ৰজাতিৰ স্তন্যপায়ী প্রাণী, ২৭ প্ৰজাতিৰ সৰীসৃপ, ৯ প্রজাতিৰ উভয়চৰ প্ৰাণী, ৪১ প্ৰজাতিৰ মীন আৰু ৩৭৫ প্ৰজাতিৰ চৰাই আছে বুলি প্রকাশ পাইছিল। অভয়াৰণ্যখনত গঁড়ৰ উপৰিও উপলব্ধ আন স্তন্যপায়ী প্রাণীসমূহ হ'ল নাহৰফুটুকী বাঘ, লতামেকুৰী বাঘ, মাছ ধৰা মেকুৰী, জংঘল মেকুৰী, বনৰীয়া ম'হ, বনৰীয়া গাহৰি, চীনা পেংগোলিন আৰু বিভিন্ন প্ৰকাৰৰ হৰিণ। ২০২৩-২৪ পৰ্যটন বৰ্ষত ২,০২৯ গৰাকী বিদেশী পৰ্যটককে ধৰি মুঠ ৫১,২৯৩ গৰাকী পর্যটক পবিতৰালৈ আহি জীপ ছাফাৰী আৰু হাতী ছাফাৰীত উঠি পবিতৰা পৰিদৰ্শন কৰে। আনহাতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ প্রায় ৩০ হাজাৰ দেশী বিদেশী পর্যটকৰ সমাগম ঘটাৰ লগতে ৩৬ লাখতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ হোৱা বুলি জানিব পৰা গৈছে।






