Logo
image

দেশজুৰি বিতৰণ কৰা হ’ব ১০ লাখ গামোচা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৬ ফেব্ৰুৱাৰীঃ  অসমীয়া প্ৰাণৰো প্ৰাণ ৰঙালী বিহু সমাগত৷ ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ ক্ষেত্ৰত অসমৰ শিপিনীয়ে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে প্ৰস্তুত কৰা বিহুৱানখনক এক বিশেষ সন্মান দিয়াৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অসমীয়াৰ গৌৰৱ গামোচাখনক আগন্তুক ৰঙালী বিহুত দেশৰ লগতে ৰাজ্যৰ মন্ত্ৰী, ৰাজনীতিক, বিধায়ক, নেতা, বিষয়া, বিশিষ্ট ব্যক্তিক উপহাৰ হিচাপে হিচাপে দিয়াৰ বাবে এইবাৰ ১০ লাখ থলুৱা ফুলাম গামোচা ক্ৰয় কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশিষ্ট ব্যক্তিক শুভেচ্ছা দিয়াৰ বাবেও এতিয়া সাজু কৰা হৈছে থলুৱা গামোচা সমূহ৷ মহানগৰীৰ আমবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ক মুখ্যমন্ত্ৰীয়ে এই গামোচাসমূহৰ পৰীক্ষা আৰু পেকিং কৰাৰ দায়িত্ব দিছে৷ এই সম্পৰ্কে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে বিতৰণ কৰিবলগীয়া ১০ লাখ থলুৱা শিপিনী, বোৱনীৰ ফুলাম গামোচাৰ ভিতৰত প্ত লাখ গামোচাৰ পৰীক্ষা আৰু পেকিং কৰাৰ পৰ্ব আৰম্ভ হৈছে৷ বিগত এসপ্তাহ ধৰি বস্ত্ৰ ভৱনত এই কাম পুৱা ৯-বজাৰ পৰা বিয়লি ৩ বাজালৈ আৰু বিয়লি ৩ বজাৰ পৰা নিশা আঠ বজালৈ চলি আছে৷ এতিয়া হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ পদূলি ভৰি পৰিছে ট্ৰাক ভৰ্তি গামোচাৰে৷ মুখ্যমন্ত্ৰীৰ স্ব-নিৰ্ভৰ নাৰী আঁচনিৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ আঁচনিৰ জৰিয়তে থলুৱা শিপিনী, বোৱনীৰ দ্বাৰা বোৱা গামোচা সমূহক ক্ৰয় কৰি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰিছে৷ এই আঁচনিৰ জৰিয়তে পুনৰবাৰ গামোচা ক্ৰয় কৰিবলৈ চৰকাৰে এইবাৰ বাজেটত ১০ কোটি টকা আৱণ্টন দিছে৷


থলুৱা শিল্পীৰ হাতত প্ৰাণ পাই উঠা অসমীয়াৰ স্বাভিমনক সমগ্ৰ দেশত তুলি ধৰাৰ লগতে থলুৱা শিপিনী, বোৱনীক স্বাৱলম্বী কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যখনলৈ এটি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে৷ অসমীয়া শিপিনী, বোৱনীয়ে তাঁতৰশালত ৰচা সপোনক বিশ্বমুখী কৰাৰ এই পদক্ষেপে নৱ প্ৰজন্মৰ শিপিনী, বোৱনী হ’বলৈ আগবাঢ়ি অহা সকলৰ বাবেও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই গামোচাসমূহৰ গুণাগুণ পৰীক্ষা আৰু পেকিঙৰ দায়িত্ব দিয়া হৈছে হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ক৷ সঞ্চালকালয়ে মজুত কৰা গামোচা সমূহ এতিয়া আলফুলে সজাই পৰাই দিয়াত কৰ্মচাৰীসকল ব্যস্ত হৈ পৰিছে৷ এই গামোচাসমূহ নলবাৰী, দৰং, হাজো, ৰামদিয়া, বামুন্দী, শুৱালকুছি, লখিমপুৰ, ধেমাজি আদিৰ শিপিনীয়ে হাতে বোৱা গামোচা৷ অসমীয়াৰ স্বাভিমান গামোচাখনৰ লগতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ৰঙালী বিহুৰ শুভেচ্ছাবাণী থকা এখন গ্ৰীটিংছ কাৰ্ডো উপহাৰ হিচাপে দিয়া হ’ব৷ ৰাজ্যৰ শিপিনীসকলৰ হাতে বোৱা গামোচাক সন্মান দিয়াৰ লগতে শ্ৰমৰ মৰ্যাদা দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ এই পদক্ষেপে ৰাজ্যৰ শিপিনী বোৱনীৰ মুখলৈ হাঁহি বিৰিঙাই তুলিবলৈ সক্ষম হৈছে৷ অসমৰ জাতীয় জীৱনক সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰখা আটাইতকৈ মূল্যৱান সম্পদটোয়ে হৈছে অসমৰ গামোচাখন৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰঙালী বিহুৰ পূৰ্বে লোৱা এই পদক্ষেপে বহু পৰিমাণে সকাহ দিবলৈ সক্ষম হ’ব অসমৰ থলুৱা শিপিনীসকলক৷ প্ৰাপ্ত তথ্য মতে, ২০১৯-২০ চনৰ হস্ততাঁত পিয়ল অনুসৰি অসমৰ ১২.৮৩ লাখ শিপিনীৰ বিপৰীতে ১২.৪৬ লাখ হস্ততাঁত পোৱা গৈছে৷ ইয়াৰে ৩.৫৫ লাখ শিপিনী কেৱল হস্ততাঁত গামোচা উৎপাদনত জড়িত হৈ আছে৷