Logo
image

বিনিয়োগ উৎসৱ সমাপ্ত, প্ৰত্যাশা আৰম্ভ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ  দেশ-বিদেশৰ শিল্পপতি, বিনিয়োগকাৰী, বিশ্বৰ ৭৫খন দেশৰ ৰাষ্ট্ৰদূত, উচ্ছায়ুক্ত আৰু প্ৰতিনিধিৰ অংশগ্ৰহণেৰে সামৰণি পৰিল বিনিয়োগ উৎসৱ ‘এডভাণ্টেজ আছাম-২.০’ৰ অসমক উদ্যোগ আৰু বিনিয়োগৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে মঙলবাৰে এডভাণ্টেজ আছাম-২.০ আনুষ্ঠানিকভাৱে উদ্বোধন  কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এডভাণ্টেজ আছাম ২.০ত ভাগ লয় বিভিন্ন দেশৰ ২০০জন প্ৰতিনিধি, ভাৰতৰ বিভিন্ন ৰাজ্যৰ ২,১৫২জন প্ৰতিনিধিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰা বিনিয়োগ সন্মিলনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানিয়ে ৫০ হাজাৰ কোটি টকা, আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিয়ে ৫০ হাজাৰ কোটি টকা, বেদান্ত গ্ৰুপৰ মুৰব্বী অনিল আগৰৱালাই ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি ঘোষণা কৰে৷ এডভাণ্টেজ আছাম-২.০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ পাছতে আদানি গ্ৰুপে অসম চৰকাৰৰে ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ এডভাণ্টেজ আছাম-২.০ৰ বুজাবুজি চুক্তি সম্পাদন অনুষ্ঠানত অসম চৰকাৰৰ সৈতে ‘এচাৰ’ গ্ৰুপে সৌৰশক্তি প্ৰকল্পখণ্ডৰ ২১০০ কোটি টকা, অইলে ২৩,৩০০ কোটি টকা, এন আৰ এলে ১০,৭০০ কোটি, বোন্দেড লিমিটেডে ৪৫০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ অনুষ্ঠানত ইন্দ্ৰধনুৰ গেছ গ্ৰীড লিমিটেডে গেছ গ্ৰীডৰ বাবে ৰ,২০০ কোটি টকা, বায়’ফ্ৰেইণ্ডছ কোম্পানীয়ে ডাইমিঠাইল ইথাৰ প্ৰকল্প স্থাপনৰ বাবে ২৬০ কোটি টকা, লীলাৱতী ফাউণ্ডেশ্বনে মাল্টী স্পেচিয়েলিটী হাস্পতাল স্থাপনৰ বাবে ১৫০ কোটি টকা ছিংগাপুৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সৈতে ক’লাব’ৰেশ্বন কৰাৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ গেট ফাউণ্ডেশ্বনেও স্বাস্থ্য, কৃষি আৰু গ্ৰামোন্নয়ন খণ্ডৰ বিকাশৰ বাবে অ-বিত্তীয় বুজাবুজি সম্পাদন কৰে৷ জাপানৰ এছিয়ান ৱান কোম্পানীয়ে অসমত জাপানী ভাষা শিকন বিষয়ক অনুষ্ঠান স্থাপন কৰাৰ বাবে অ-বিত্তীয় বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ জে চি মেৰিয়ট হোটেলৰ অনিল দাস আৰু জোনালী দাসে ৪০০ কোটি টকা ব্যয় সাপেক্ষে অসমত এখন পঞ্চাতাৰকাযুক্ত হোটেল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ জে এছ ডব্লিউ এনাৰ্জীয়ে অসমত নৱীকৰণযোগ্য শক্তি উৎপাদনৰ বাবে ৮ হাজাৰ কোটি, টাটা পাৱাৰ কোম্পানীয়ে ৩০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজি চুক্তি সম্পাদন কৰে৷ ৱেলস্পন ৱল্ডৰ্ নামৰ পাইপ প্ৰস্তুতৰ বাবে ৩৫০ কোটি টকা, আদানি টোটেল গেছ লিমিটেডে গেছ বিতৰণৰ বাবে ৫ হাজাৰ কোটি টকা, গ্ৰীনকো এনাৰ্জীছ প্ৰাইভেট লিমিটেডে ৯০০ মেগা ৱাটৰ পাম্প ষ্ট’ৰেজ নিৰ্মাণৰ বাবে ৫,৮৫০ কোটি টকা বিনিয়োগ কৰিবলৈ বুজাবুজি চুক্তি সম্পাদন কৰে৷ টি চি চি কনচেপ্ট লিমিটেডে আৰ্ট ডাটা চেণ্টাৰৰ আন্তঃগাঁথনিৰ বাবে ১৫০০ কোটি টকা, পঞ্জাৱ নেচনেল বেংকে বিকল্প বিনিয়োগৰ বাবে ৩ হাজাৰ কোটি টকা, ডি পি ৱল্ডেৰ্ গতি শক্তি ৱেৰহাউছ নিৰ্মাণৰ বাবে ১৫০ কোটি টকা, গৱেষ্ণা বিশ্ববিদ্যালয়ে বেচৰকাৰী বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৮০০ কোটি টকা বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ বেদান্ত গ্ৰুপে ৫০ হাজাৰ কোটি টকা, এছ পলট্ৰীয়ে ১৯৭ কোটি টকা, এইচ পি ডি এছ আয়ে ১২০০ কোটি টকা, সুবিকছা ফীড এণ্ড ফাৰ্মে ২৫০ কোটি টকা, মেধাবী স্কীল ইউনিভাৰ্চিটীয়ে ২৫০ কোটি টকা, সিদ্ধাৰ্থ ইনফ্ৰেণ্টেকে অসমত ৫,৬০০ কোটি বিনিয়োগৰ বাবে মঙলবাৰে এডভাণ্টেজ আছাম-২.০ৰ বাকৰিত বুজাবুজিৰ চুক্তি সম্পাদন কৰে৷ বিনিয়োগ সন্মিলনত দ্বিতীয়টো দিনত ষ্টাৰ চিমেণ্টে ৩,২০০ কোটি টকা, মেথিছন হাইড্ৰজেন কোম্পানীয়ে ১,৫০০ কোটি টকা, তামাৰা লেইজাৰে ২৫ কোটি টকা, বিৰিঞ্চি লিমিটেড ৩০০০ কোটি টকা, বিৰিঞ্চি হেল্‌থ কেয়াৰে ২০০ কোটি টকা, আল্ট্ৰাট্টেক চিমেণ্টে ৭০০ কোটিটকা, চিম্বা লজিষ্টিক্‌ছে ৪০০ কোটি টকা, য়ুৱান ডেভেলপমেণ্ট লিমিটেডে ১৪৪ কোটি টকা, চেৰামিক্স লিমিটেডে ১২০ কোটি টকা, বেইলী ষ্ট্ৰং চিমেণ্টে ৪৮০ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে৷ বিনিয়োগ সন্মিলনত দেশ-বিদেশৰ শিল্পপতি আৰু বিনিয়োগকাৰীয়ে মুঠ ১.২৫ লাখ কোটি টকা, ৰাজ্যৰ বিভিন্ন জিলাৰ উদ্যোগীৰ ৫,৮২১ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ ৭৮ হাজাৰ কোটি টকা অৰ্থাৎ মুঠ প্ৰায় ৪,৯১,৫০০ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ আহিছে৷ এনে বিনিয়োগক লৈ ইতিমধ্যে আৰম্ভ হৈছে প্ৰত্যাশা৷ ৰাজ্যবাসীয়ে ইয়াকে লৈ দেখিছে বিকশিত আৰু উদিত অসমৰ স্বপ্ন বিনিয়োগ সন্মিলনৰ দুয়োটা দিনত বিনিয়োগ সন্মিলনত ২৬৪খন বুজাবুজিৰ চুক্তি সম্পাদন কৰা হয়৷ ইয়াৰে ভিতৰত ৩২খন অ-বিত্তীয়  বুজাবুজিৰ চুক্তি৷


কেউখন বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন খণ্ডত বিনিয়োগ হ’ব ২,৩৩,৬৬৬ কোটি টকা৷ ৰাজ্যৰ বিভিন্ন জিলাত এই দুদিনত বিনিয়োগৰ বাবে ১৯২১খন বুজাবুজিৰ চুক্তি সম্পাদিত হয়৷ এডভাণ্টেজ আছামত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে মুঠ ৭৮,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে৷ তাৰ ভিতৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৪,৮০০ কোটি টকা, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে ৫৫,১৭৯ কোটি টকা অসমৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা বুলি ভিডিঅ’ বাৰ্তাযোগে ঘোষণা কৰে৷ অনুষ্ঠানত সামৰণি ভাষণ আগবঢ়ায় কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলে৷ অসমত স্থানীয়ভাৱে এগজিবিছন এণ্ড কনভেনছন চেণ্টাৰ মুকলি কৰাৰ কথা ঘোষণা কৰি গোৱেলে কয়– শিৱ পূজাৰ দিনটোত মা-কামাখ্যাৰ ভূমিলৈ আহিবলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা৷ এডভাণ্টেজ আছাম-২.০য়ে অসমত নতুন যুগৰ সূচনা কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিৱেশৰ ভাৰসাম্যতা সুনিশ্চিত কৰাৰ সমান্তৰালভাৱে পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ কয়– বহনক্ষম, উচ্চ মূল্যৰ পৰ্যটনৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰে, যিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগত আপোচ নকৰাকৈয়ে অসমৰ অৰ্থনীতিত যথেষ্ট অৰিহণা যোগাব পাৰে৷ শেহতীয়াকৈ গুৱাহাটীত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰা ‘ঝুমইৰ বিনন্দিনী’ৰ পদক্ষেপৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ চাহ উদ্যোগৰ অৱদানৰ কথা বিশেষভাবে স্বীকাৰ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰযুক্তি খণ্ডত অসমৰ ক্ৰমবৰ্ধমান ভূমিকাকো স্বীকৃতি দিয়ে৷  টাটাৰ অৰ্ধপৰিবাহী উদ্যোগ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এআই উদ্যোগৰ দৰে উল্লেখযোগ্য উন্নয়নে অঞ্চলটোৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলোৱাৰ কথা তেওঁ উল্লেখ কৰে৷ গোৱেলে অসমৰ ভৱিষ্যত উন্নয়নক উৰ্ধগামী কৰাত ৩টা টিৰ (ট্ৰেড, টেকনলজি, টুৰিজম) আৰু ৩টা আইৰ  (ইণ্ডাষ্ট্ৰী, ইনফ্ৰাষ্ট্ৰাকছাৰ, ইনভেষ্টমেণ্ট)ৰ ভূমিকাৰ গুৰুত্ব বিষয়েও আলোকপাত কৰে৷ ৰাজ্যখনৰ ক্ৰমবৰ্ধমান শিক্ষা খণ্ডক সম্বোধন কৰি গোৱেলে ১৮খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বিশ্ববিদ্যালয়সমূহত বিদেশী ভাষাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে, যাতে স্থানীয় ছাত্ৰ-ছাত্ৰীসকলক বিশ্বব্যাপী সুযোগৰ বাবে সাজু কৰি তুলিব পৰা যায়৷ তেওঁ উদ্ভাৱন আৰু গৱেষণা তথা উন্নয়নৰ পোষকতাৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে৷ এনে পদক্ষেপসমূহে প্ৰধানমন্ত্ৰী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অংশ হিচাপে অসমক উপকৃত কৰিব বুলি তেওঁ আশ্বাস দিয়ে৷ ভাষণৰ সামৰণিত গোৱেলে এই বুলি বিশ্বাস ব্যক্ত কৰে যে চহকী সম্পদ, শক্তিশালী নেতৃত্ব, উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰে অসম এখন ‘নিৰ্ভৰযোগ্য আৰু প্ৰগতিশীল’ ৰাজ্য হৈ উঠিব৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বিনিয়োগ অনুকূল পৰিৱেশ তন্ত্ৰ আৰু উদ্যোগী মনোভাৱৰ মনোভাৱক ধৰি ৰখা ‘অসমৰ বিনিয়োগ বৃদ্ধিৰ কাহিনী উদযাপন’ শীৰ্ষক শীৰ্ষ সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে৷ অনুষ্ঠানত প্ৰদান কৰা মুখ্য ভাষণত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যখনৰ কৌশলগত দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে৷ এক সজীৱ ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলা আৰু বহনক্ষম বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে৷ তেওঁ অসমক অঞ্চলটোৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা মূল পদক্ষেপসমূহৰ বিষয়ত আলোকপাত কৰে৷ এডভান্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব বেংক, নিউ ডেভেলপমেণ্ট বেংক, ইণ্টাৰনেশ্যনেল ফাইনেন্স কৰ্পৰেশ্যন, এন আৰ এল, টাটা ইলেক্ট্ৰ'নিকছ, ফিচিচি, পেপচিকো ইণ্ডিয়া আৰু দক্ষিণ এছিয়া তথা চেঞ্চুৰী প্লাইকে ধৰি বিভিন্ন বিশিষ্ট প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা মুৰব্বীসকলে অসমত বিনিয়োগৰ ক্ষেত্ৰত নিজৰ দৃঢ় দায়বদ্ধতা প্ৰকাশ কৰে৷ তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন ভাষণত ৰাজ্যখনৰ সম্ভাৱনা আৰু অসমৰ অৰ্থনৈতিক বিকাশ তথা উন্নয়নৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আস্থা প্ৰতিফলিত হয়৷ সামৰণি অনুষ্ঠানত মুখ্য নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি অসমৰ অৰ্থনৈতিক পৰিৱেশ তন্ত্ৰৰ বাবে পৰিৱৰ্তনশীল কৌশলৰ বিষয়ে আলোচনা কৰা হয়৷ এনে আলোচনাই ৰাজ্যখনে এক বৃহৎ বাণিজ্য আৰু বিনিয়োগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ যাত্ৰাক আৰু অধিক বৰ্ণিল কৰি তোলে৷