
ৰবট ছায়েঞ্চত ‘অসমীয়াগিৰি’
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ আধুনিক বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ ৰবট বা কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত আমেৰিকা, চীন, জাপান, টাইৱান আদি ৰাষ্ট্ৰৰ অধিপত্য সকলোৰে জ্ঞাত৷ কিন্তু ৰবট ছায়েন্সত এতিয়া যেন অসমীয়াগিৰি আৰম্ভ হৈছে৷ ৰবটৰ হাৰ্ডৱেৰ নিৰ্মাণত ‘মেড ইন আমেৰিকা’ বা ‘মেড ইন চাইনা’ লিখা ব্ৰেণ্ডিং অতীত হৈ এতিয়া ‘মেড ইন আছাম’ৰ যুগ আৰম্ভ হৈছে৷ চীন-আমেৰিকাৰ ৰবটিক্স হাৰ্ডৱেৰতকৈ অতি উন্নতমানৰ হাৰ্ডৱেৰ উদ্ভাৱন কৰি বিশ্ব প্ৰযুক্তিবিদসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মাজুলী আৰু গুৱাহাটীৰ দুজন যুৱ উদ্ভাৱকে৷ এডাভণ্টেজ আছাম-২.ঙ্মত প্ৰদৰ্শনীত অসমীয়া এই যুৱকদ্বয়ৰ উদ্ভাৱন 'MKI Vultron next generation board' প্ৰত্যক্ষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশ-বিদেশৰ প্ৰতিনিধিসকলো অভিভূত হৈ পৰিছে৷ ইতিমধ্যে অসমীয়া যুৱকদ্বয়ে আন কেইবাজনো বন্ধু-বান্ধৱৰ সহযোগত ষ্টেমক’ৰ্প ডাইনেমিক এল এল পি নামৰ এটা ষ্টাৰ্টআপ কোম্পানী গঠন কৰিছে৷
ৰবট টেকন’লজী উদ্ভাৱনেৰে চমক সৃষ্টি কৰা যুৱকদ্বয় হৈছে মাজুলীৰ লক্ষ্যজিৎ হাজৰিকা আৰু গুৱাহাটীৰ গৌৰৱ শৰ্মা৷ যুৱকদ্বয়ে ৰবটৰ মাডাৰ ব’ৰ্ড অৰ্থাৎ হাৰ্ডৱেৰ নিৰ্মাণ কৰি উলিয়াইছে৷ এই হাৰ্ডৱেৰ জৰিয়তে যিকোনো ৰবট নিৰ্মাণ কৰাই নহয়, ড্ৰোন, এ আই প্ৰিণ্টাৰ, স্পেচ টেকন’লজী, এ আই প্ৰজেক্ট আদি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে৷ এই সন্দৰ্ভত অভিজিৎ হাজৰিকাই কয়– পূৰ্বতে ৰবটৰ হাৰ্ডৱেৰ আমেৰিকা, টাইৱান, জাপান, চীন আদি ৰাষ্ট্ৰই নিৰ্মাণ কৰিছিল৷ কিন্তু সেই ৰবটৰ হাৰ্ডৱেৰসমূহতো কিছু আসোঁৱাহ আছিল৷ সেয়েহে আমি তাৰ জটিলতা তথা আসোঁৱাহসমূহ দূৰ কৰি আমাৰ নিজা প্ৰযুক্তিৰে অতি উচ্চমানৰ হাৰ্ডৱেৰ নিৰ্মাণ কৰিছোঁ৷ আই আই টি গুৱাহাটীয়ে আমাৰ হাৰ্ডৱেৰক স্বীকৃতি প্ৰদান কৰিছে৷ সাধাৰণ ভাষাত ক’বলৈ গ’লে আমি ৰবটৰ মগজু নিৰ্মাণ কৰিছোঁ৷ অসমৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে ৰবটিক্ছ টেকন’লজীৰ ক্ষেত্ৰখনত আগবাঢ়ি যাব পাৰে তাৰ বাবে কম দামত আমি মাদাৰ ব’ৰ্ডখন উপলব্ধ কৰাৰ ব্যৱস্থা কৰিছোঁ৷ মোবাইলৰ পৰাই এই হাৰ্ডৱেৰ প্ৰগ্ৰেমিং কৰাত সহায়ক হয়৷ আমি ইয়াৰ পাছত নেন’ ছেটেলাইটৰ উদ্ভাৱনৰ কাম কৰাৰ লগতে ২,৫০০ টকা দামত কম্পিউটাৰ উদ্ভাৱন কৰাৰো কাম কৰি আছোঁ৷ যুৱ উদ্ভাৱকদ্বয়ে প্ৰতিৰক্ষা বাহিনীয়ে সীমান্তত পহৰাৰ ক্ষেত্ৰতো এই ৰবটিক হাৰ্ডৱেৰ ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ দিছে৷