Logo
image

চৰকাৰী স্কুলত হ’ব দক্ষতা-কেন্দ্ৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত দক্ষতা বিকাশৰ শিক্ষা দিব নালকো লিমিটেড আৰু য়াছকাৱা ইণ্ডিয়া প্ৰাইভেট লিমিটেডে৷ ইয়াৰ বাবে আজি ৰাজ্য চৰকাৰৰ সৈতে নালকো লিমিটেড আৰু য়াছকাৱা ইণ্ডিয়া লিমিটেডৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তি অনুসৰি ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১৫০০ কোটি টকা প্ৰাৰম্ভিকভাৱে খৰচ কৰিব৷ ইয়াৰ ফলত ৬০০ পোনপটীয়া চাকৰিৰ সৃষ্টি হ’ব৷ উল্লেখ্য আজি অসম চৰকাৰৰ সৈতে স্বাক্ষৰিত আন এক চুক্তি অনুসৰি চিৰাঙত ছ’চিয়েল একশ্বন এণ্ড ৰিচাৰ্ছ ফাউণ্ডেশ্বনে স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় স্থাপন কৰিব৷


ইয়াত ২১৯.২৩ কোটি টকাৰ বিনিযোগ হ’ব আৰু এক এক হাজাৰ প্লাছ কৰ্মসংস্থাপনৰ বাট মুকলি হ’ব৷ একেদৰে গীতাঞ্জলী দেৱী ফাউণ্ডেশ্বনে গুৱাহাটীত এখন ইণ্টাৰনেশ্বনেল বডিং স্কুল স্থাপন কৰিব৷ ইণ্টাৰনেশ্বনেল বডিং স্কুল স্থাপন কৰিব৷ ইয়াৰ বাবে ফাইণ্ডেশ্বনে ১০০ কোটি টকা ব্যয় কৰিব৷ ৩০০ লোকে ইয়াত কৰ্ম সংস্থাপন লাভ কৰিব৷ তদুপৰি নেশ্বনেল ষ্টক এক্সচেঞ্জৰ লগত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ ইয়াৰ জৰিয়তে ষ্টক এক্সচেঞ্জে অসমৰ যুৱ সমাজক বিত্তীয় স্বাক্ষৰতা আৰু বিনিয়োগৰ সজাগতা সন্দৰ্ভত প্ৰশিক্ষণ দিব৷