Logo
image

ননী ঘৰত আছা? উপাচাৰ্যৰ আতিথ্যত ভাগৱতৰ ভোজন

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ ফেব্ৰুৱাৰীঃ  বুধবাৰে দুপৰীয়া প্ৰায় বাৰ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ননীগোপাল মহন্তৰ চৰকাৰী বাসভৱনত উপস্থিত হয় আৰএছএছৰ মুৰব্বী মোহন ভাগৱত৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শীৰ্ষতম নেতাজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ঘৰলৈ অহা কাৰ্যই ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়া  আৰু কৌতূহলৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, খ্যাতনামা কবি নলিনীধৰ ভট্টাচাৰ্যৰ ‘ননী আছনে ঘৰত’ শীৰ্ষক কবিতাটোৱে এসময়ত সৰ্বত্ৰ তোলপাৰ লগাইছিল৷ কবিতাটোত এইদৰে উল্লেখ কৰা হৈছিল– ‘ননী আছনে ঘৰত/বতাহজাকত তেজৰ ছিটিকনি আহি আছে/ননী আছনে ঘৰত/ক’ব পাৰনে অ’যতেজৰ ছিটিকনি পৰি আছে ঘৰত, বিছনাত/পৃথিৱীত তেজ, তেজৰ দাগ...’৷ এই কবিতাটোৰ বাবেই ননী নামৰ কাল্পনিক চৰিত্ৰটো সৰ্বত্ৰ চৰ্চিত হৈছিল৷ বুধবাৰে মোহন ভাগৱতৰ আগমনৰ বাবেই সৰ্বত্ৰ চৰ্চিত হৈ পৰিল অধ্যাপক ননীগোপাল মহন্ত– গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য৷ আৰএছএছৰ মুৰব্বীজনে বহু সময় উপাচাৰ্যগৰাকীৰ সৈতে মত বিনিময় কৰাৰ উপৰি উপাচাৰ্যৰ চৰকাৰী বাসভৱনতে গ্ৰহণ কৰে দুপৰীয়াৰ আহাৰ৷


উল্লেখ্য, পাঁচদিনীয়া অসম ভ্ৰমণসূচীৰে দেওবাৰে আহি গুৱাহাটীত উপস্থিত হৈছিল মোহন ভাগৱত৷ বিগত তিনিটা দিনত কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ পাছত বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ঘৰলৈ আহে মোহন ভাগৱত৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদলৈ অহা মোহন ভাগৱত বিশ্ববিদ্যালয় চৌহদত থকা সময়ছোৱাত বিশ্ববিদ্যালয় চৌহদত, বিশেষকৈ উপাচাৰ্যৰ বাসভৱনৰ সমীপলৈ কাকো আহিবলৈ দিয়া হোৱা নাছিল৷ আনকি সংবাদ মাধ্যমৰ লোককো এৰাই চলা হৈছিল৷ প্ৰায় দুঘণ্টা উপাচাৰ্য ননীগোপাল মহন্তৰ বাসভৱনত কটোৱাৰ পাছত দিনৰ দুই বজাত উভতি যায় মোহন ভাগৱত৷ অধ্যাপক ননী গোপাল মহন্তৰ সৈতে মোহন ভাগৱতে কি কথা পাতিলে সেই বিষয়ে এই বাতৰি যুগুতোৱা পৰলৈকে একো জানিব পৰা হোৱা নাই৷ এই সন্দৰ্ভত উপাচাৰ্য, আৰএছএছ বা মোহন ভাগৱতেও এতিয়ালৈকে কোনো কথা ৰাজহুৱা কৰা নাই৷ মোহন ভাগৱত উপাচাৰ্যৰ বাসভৱনত উপস্থিত হোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইজনমান জ্যেষ্ঠ অধ্যাপকো উপাচাৰ্যৰ বাসভৱনলৈ যায় আৰু মোহন ভাগৱতৰ সৈতে আলোচনাত মিলিত হয়৷ উপাচাৰ্য ননীগোপাল মহন্তৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰএছএছপ্ৰধানজনে জ্যেষ্ঠ অধ্যাপককেইজনক কি মন্ত্ৰণা দিলে বা অধ্যাপককেইজনৰ পৰা কিহৰ বিষয়ে বুজ ল’লে, সেয়া জানিব পৰা হোৱা নাই৷ কিয়নো মোহন ভাগৱতে বিদায় লোৱাৰ পাছত সংবাদ মাধ্যমৰ পৰা সন্তৰ্পণে দূৰত্ব বজাই ৰাখি অধ্যাপককেইজনো ঘৰাঘৰি যায়৷