Logo
image

ওৰ পৰিল মহাকুম্ভৰ, পুণ্যস্নান কৰিলে মাৰ্কিন জনসংখ্যাৰ দুগুণে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ফেব্ৰুৱাৰীঃ  পুহৰ পূৰ্ণিমাত আৰম্ভ হোৱা প্ৰয়াগৰাজৰ মহাকুম্ভমেলা আজি মহাশিৱৰাত্ৰিৰ লগে লগে সামৰণি পৰিল৷ প্ৰতি ১২ বছৰৰ বিৰতিত অনুষ্ঠিত হোৱা মহাকুম্ভমেলা এইবাৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অভূতপূৰ্ব জনসমাগমেৰে আয়োজিত হয়৷ চৰকাৰী তথ্য অনুসৰি এইবাৰৰ মহাকুম্ভত  দেশ-বিদেশৰ ৬৫ কোটি ভক্তই ভাগ লয়৷ ৪৫ দিনীয়া এই হিন্দু ধৰ্মাৱলম্বীৰ ধৰ্মীয় অনুষ্ঠানত যি বৃহৎ সংখ্যক পুণ্যাৰ্থীয়ে ভাগ ল’লে, সেই সংখ্যা আমেৰিকাৰ মুঠ জনসংখ্যাকৈয়ো অধিক৷ এই আকৰ্ষণীয় তথ্য আঙুলিয়াই দি মাৰ্কিন সংবাদপত্ৰ ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্ণানে’ প্ৰয়াগৰাজৰ মহাকুম্ভমেলাৰ বিষয়ে সুন্দৰ প্ৰতিবেদন লিখিছে৷ অৱশ্যে ভাৰতৰ অৰ্ধেক জনসংখ্যাই ভাগ লোৱা মহাকুম্ভমেলাৰ প্ৰতিবেদন আৰু বাতৰি বহু বিদেশী সংবাদগোষ্ঠীয়ে গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে৷


বুধবাৰৰ শেষ শ্বাহি স্নানৰ বাবে মাজনিশাৰ পৰাই ত্ৰিৱেণী সংগমৰ পানীত নামে ভক্ত৷ চৰকাৰী তথ্য মতে নিশা ২ বজালৈ ১১.৬৬ লাখ ভক্তই, ৪ বজালৈ ৪১.১১ লাখে আৰু বুধবাৰে পুৱা ১০ বজালৈ ৮১.০৯ লাখ ভক্তই গংগা, যমুনা আৰু অন্তঃসলিলা সৰস্বতীৰ সংগমস্থলত স্নান কৰে৷ সংগমত আৰু দিল্লী ৰে’ল ষ্টেছনত দুটা পদপিষ্টৰ ঘটনাত কমেও ৪৮ জন ভক্তৰ মৃত্যু, কুম্ভমেলালৈ  যোৱাৰ পথত দুৰ্ঘটনাত বহু ভক্তৰ মৃত্যু সত্ত্বেও প্ৰয়াগৰাজলৈ পুণ্যাৰ্থীৰ সোঁত কমা নাছিল৷ সেয়া আজি বুধবাৰৰ ভক্তৰ উৎসাহে পুনৰবাৰ প্ৰমাণ কৰিছে৷ আজি পুণ্যাৰ্থীৰ সংখ্যাই অৱলীলাত ডেৰকোটি অতিক্ৰম কৰিব বুলি চৰকাৰীভাৱে দাবী কৰা হৈছে৷ 

মহাকুম্ভমেলাক কেন্দ্ৰ কৰি হোৱা ব্যৱসায়েও ৩ লাখ কোটি টকা অতিক্ৰম কৰিছে৷ যোৱা বৃহস্পতিবাৰে ‘কনফেডাৰেচন অব অল ইণ্ডিয়া ট্ৰেডাৰ্ছ’ (চিএআইিট) নামৰ সৰ্বভাৰতীয় ব্যৱসায়ী সংগঠনটোৱে এই তথ্য প্ৰকাশ কৰি কৈছিল, মহাকুম্ভ শেষ হোৱালৈ সেই সংখ্যা ৩ লাখ কোটি টকাতকৈ বহু অধিক হ’ব৷ ইয়াৰ ফলত স্থানীয় অৰ্থনীতি লাভান্বিত হোৱাৰ লগতে প্ৰতিবেশী ৰাজ্য বিহাৰ, ওড়িশাৰ উপৰি ৰাজধানী দিল্লীও লাভান্বিত হ’ব৷ ইয়াৰ ইতিবাচক প্ৰভাৱ অযোধ্যা, বাৰাণসী, কাশীয়ে পাইছে বুলিও চিএআইটিয়ে প্ৰকাশ কৰিছে৷ মূলতঃ হোটেল, লজ, তম্বু আৰু তেনেধৰণৰ থকাৰ ব্যৱস্থা, পৰিবহণ, টেলিকম, বিজ্ঞাপন, হস্তশিল্পজাত সামগ্ৰীৰ বিক্ৰীৰ লগতে প্ৰচুৰ ধৰ্মীয় পণ্য বিক্ৰী হোৱাৰ ফলত মহাকুম্ভমেলাৰ ব্যৱসায়ে  ৩ লাখ কোটিৰ সংখ্যা অতিক্ৰম কৰিছে৷