অসমত প্ৰতিষ্ঠা হ’ব ৰামোজিতকৈও বিশাল সুন্দৰ ফিল্ম চিটী
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰীঃ হায়দৰাবাদৰ ৰামোজি ফ্লিম চিটীতকৈও অত্যাধুনিক আৰু বিশাল সুন্দৰ ফ্লিম চিটী নিৰ্মাণ হ’ব অসমত৷ এই সন্দৰ্ভত অসম চৰকাৰ আৰু জি ভি আৰ ফ্লিম চিটীৰ মাজত এডভাণ্টেজ আছাম-২.০ত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়৷ এই চুক্তি স্বাক্ষৰৰ পাছত বুধবাৰে হায়দৰাবাদৰ জি ভি আৰ ফ্লিম চিটীৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক জি ভীৰা ৰেড্ডীয়ে ‘আমাৰ অসম’ৰ আগত নিজৰ পৰিকল্পনা সদৰী কৰি কয়– মই অসমত জি ভি আৰ ফ্লিম চিটী বনাব বিচাৰোঁ৷ ২০০০ কোটি টকা বিনিয়োগেৰে এই ফ্লিম চিটী বনোৱাৰ চুক্তি আজি স্বাক্ষৰ কৰিলোঁ৷ এ আই ব্যৱহাৰ হ’ব এই ফ্লিম চিটীত৷ ৫০০ একৰ মাটি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অনুমতি বিচাৰিছোঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসম চৰকাৰে মোক আশ্বাস দিয়াৰ বাবে আজি চুক্তি স্বাক্ষৰ কৰিলোঁ৷
অসমত নিৰ্মাণ হোৱা চলচ্ছিত্ৰ সমগ্ৰ বিশ্বতে চলিব৷ দেশত যিবিলাক চলচ্ছিত্ৰ নিৰ্মাণ হ’ব সকলোবোৰ আগন্তুক দিনত অসমতে হ’ব জি ভি আৰ ফ্লিম চিটী নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত৷ ভাৰতীয় চিনেমা এতিয়া সমগ্ৰ বিশ্বই চায়৷ এতিয়া এটা ষ্টুডিঅ’তে এখন চিনেমা সম্পূৰ্ণৰূপে বনাব পৰা কাৰিকৰী ব্যৱস্থা আহি গৈছে৷ ইয়াতে ১২০ ভাষাত চিনেমা নিৰ্মাণ হ’ব৷ ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা থাকিব৷ ৫০০ একৰ মাটিত এই ফ্লিম চিটী হ’ব৷ আগন্তুক দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব৷ বৰঝাৰৰ বিমানবন্দৰৰ কাষত এই ফ্লিম চিটী হ’ব৷ যিকোনো ভাৰতীয় চিনেমা আগন্তুক দিনবোৰত অসমৰ পৰাই সমগ্ৰ বিশ্বলৈ যাব৷ ৰামোজি ফ্লিম চিটীতকৈও জি ভি আৰ অত্যাধুনিক আৰু বিশাল সুন্দৰ হ’ব৷ তাত একে সময়ত এখনহে চিনেমাৰ শ্বুটিং হয়৷ ইয়াত যিকোনো ভাৰতীয় ভাষাৰ চিনেমাৰ শ্বুটিং হ’ব৷ অসম ভাৰতীয় চিনেমা উদ্যোগৰ অভিকেন্দ্ৰ হৈ পৰিব৷ প্ৰায় ১০ হাজাৰ লোকে ইয়াত সংস্থাপন লাভ কৰিব৷






