Logo
image

মোদী প্ৰধানমন্ত্ৰী হোৱাটো ডাঙৰ এডভাণ্টেজ, মুখ্যমন্ত্ৰীকো ধন্যবাদ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০- বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ত আজি অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে অহা পাঁচ বছৰত ৪,৮০০ কোটিতকৈও অধিক টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে৷ ‘এডভাণ্টেজ আছাম ২.০- বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ দ্বিতীয় দিনা অসমৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্ৰিক আন্তঃগাঁথনিৰ আলোচনা-চক্ৰত সোণোৱালে দৃঢ়তাৰে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্ৰণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে৷ আভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল৷ দূৰদৰ্শী মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্ৰ জলপথ প্ৰণালীক পুনৰুজ্জীৱিত কৰি তুলিছে৷ অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কে ধৰি নদী প্ৰণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে আভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে৷ আভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে৷ ‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি- ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অৰ্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে৷ জলপথৰ এই অভিনৱ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ বছৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাতকৈও অধিক পুঁজি বিনিয়োগ কৰা হ’ব৷’ সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘হৰিৎ নৌকা আঁচনি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজৰ ৰূপান্তৰৰ বাবে ১, ৫০০ কোটি টকাৰ আবণ্টনৰ কথা ঘোষণা কৰে৷” ভাষণ প্ৰসংগত সোণোৱালে কয় যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাটো সামগ্ৰিকভাৱে দেশৰ বাবে আৰু বিশেষভাৱে অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভাণ্টেজ৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকো বিশেষভাৱে ধন্যবাদ জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ ভাষণ প্ৰসংগত সোণোৱালেকয়– ২০২৭-২৮ বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্ৰুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আঞ্চলিক কাৰ্যালয়, এমএছডিচি, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কাৰ্যালয় নিৰ্মাণ৷ পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ দ্বিতীয়পৰ্যায়ৰ বিকাশৰ বাবে ৩৭৫ কোটি টকাৰ পুঁজিৰ পৰিমাণ ৰখা হৈছে৷ তদুপৰি, জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বৰ্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ নূন্য়তম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্ৰেজিং কৰ্প’ৰেচনক (ডিচিআই) দায়িত্ব অৰ্পণ কৰিছে৷ ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে’’, সোণোৱালে লগতে কয়৷ তদুপৰি, তেওঁ কয়, ‘‘এডভাণ্টেজ আছাম ১.০ আৰু ২.০এ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰিছে, ব্যৱসায়সমূহক তেওঁলোকৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে৷


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অসমে লাভ কৰা অপৰিসীম সমৰ্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ যাত্ৰা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ৷” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ’ সেৱাৰ বিকাশৰ কথাও ঘোষণা কৰে৷ সৰ্বানন্দ সোণোৱালে কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ (চিএছএল) দ্বাৰা নিৰ্মাণ কৰা দুটা বৈদু্যতিক কেটামাৰান মোতায়েন কৰাৰ কথাও ঘোষণা কৰে৷ ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা বিশ্বমানৰ ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷ তদুপৰি, ডিব্ৰুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ (আৰচিঅ’ই) নিৰ্মাণ কৰা হ’ব৷ সোণোৱালে কয় যে- ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি লাইটহাউচ পাঁচটা স্থানত নিৰ্মাণ কৰা হ’ব - বগীবিল, বিশ্বনাথ, নিমাতী, পাণ্ডু আৰু শিলঘাটত৷ ইয়াৰ বাবে ব্যয় হ’ব আনুমানিক ১০০ কোটি টকা৷ তদুপৰি, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫মিটাৰৰ নূ্যনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে৷ ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছে’ন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ’ব৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে৷ অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ উচ্ছায়ুক্ত ছাইমন ৱং, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট নীতি’য়ে কেনেদৰে অসমৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূৰ্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ’ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিস্তাৰিতভাৱে আলোকপাত কৰে৷ এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, ‘‘এডভাণ্টেজ আছামৰ বৃহত্তৰ উদ্দেশ্যটোৱেই হৈছে অসমক আত্মনিৰ্ভৰশীল অসমলৈ ৰূপান্তৰিত কৰা আৰু ইয়াৰ যোগেদি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ গতি ত্বৰান্বিত কৰা৷ অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভাণ্টেজটো- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, যিয়ে অনবৰতে অসমৰ লগত আছে৷ যেতিয়ালৈকে মোদী ডাঙৰীয়া আমাৰ শুভাকাংক্ষী হৈ থাকিব, অসমৰ সদায়েই এডভাণ্টেজ থাকিব৷ ২০১৮চনত আৰম্ভ হোৱা এই এডভাণ্টেজ আছামৰ প্ৰথম যাত্ৰাক আজি আৰু এখোজ সফলতাৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰশংসাৰ পাত্ৰ৷”