
হিন্দী আগ্ৰাসন বিতৰ্কৰ মাজতে ক্ষমা প্ৰাৰ্থনা অমিত শ্বাহৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ ফেব্ৰুৱাৰীঃ তামিলনাডুত কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়া বুলি অব্যাহত থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তামিল ভাষাত কথা ক’ব নোৱাৰে বুলি স্বীকাৰ কৰি ক্ষমাপ্ৰাৰ্থনা কৰিছে৷ হিন্দী আগ্ৰাসনৰ বিতৰ্কৰ মাজতে তেওঁ কয়– ‘তামিল বিশ্বৰ অন্যতম প্ৰাচীন ভাষা৷ মই এই ভাষাত কথা ক’ব নাজানো৷ তাৰবাবে তামিলনাডুৰ মানুহৰ ওচৰত ক্ষমা বিচাৰিছো৷’ কোইম্বাত্তুৰত এক দলীয় কাৰ্যসূচীত ভাগ লৈ অমিত শ্বাহে এইদৰে কয়৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ ত্ৰি-ভাষা নীতিক তামিলনাডুৱে গ্ৰহণ কৰা নাই৷ এই নীতি অনুসৰি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী-হিন্দী আৰু স্থানীয় ভাষা শিকা বাধ্যতামূলক ৷
তামিলনাডুৱে কেন্দ্ৰৰ এই শিক্ষানীতি এতিয়াও গ্ৰহণ কৰা নাই৷ দক্ষিণৰ প্ৰায় সকলো ৰাজ্যত ইংৰাজী আৰু স্থানীয় ভাষা শিকা ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক৷ অভিযোগ অনুসৰি ত্ৰি-ভাষা নীতি বলৱৎ নকৰাৰ বাবে কেন্দ্ৰই দিবলগীয়া শিক্ষাক্ষেত্ৰৰ ২০০০ কোটি টকাৰ পৰা তামিলনাডুক বঞ্চিত কৰি ৰখা হৈছে৷ তামিলনাডুসহ দক্ষিণৰ ৰাজ্যই মোদী চৰকাৰে হিন্দী ভাষা বলপূৰ্বক জাপি দিয়া বুলি প্ৰতিবাদ আৰম্ভ কৰিছে৷ অমিত শ্বাহে তামিলনাডুৰ বাসিন্দক ক্ষমা বিচাৰিলেও শাসনাধিষ্ঠিত ডিএমকে দলক কঠোৰ ভাষাৰে আক্ৰমণ কৰে৷