Logo
image

ইউক্ৰেইনৰ খনিজ সম্পদ দিব আমেৰিকাক

কিয়েভ, ২৬ ফেব্ৰুৱাৰীঃ  ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পাছৰে পৰাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি উদ্বিগ্ন হৈ পৰিছে৷ কাৰণ ট্ৰাম্পে দায়িত্ব লোৱাৰ পাছৰে পৰাই ৰাছিয়াৰ ক্ষেত্ৰত আমেৰিকাই গ্ৰহণ কৰি অহা নীতিৰ দ্ৰুত সলনি হয়৷ ট্ৰাম্পে ৰাছিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ আৰু ইউক্ৰেইনত চলি থকা যুদ্ধ সমাপ্ত কৰিবলৈ ছৌদি আৰবত আলোচনাতো বহে৷ আনকি ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে  ইউৰোপীয় সংঘই উত্থাপন কৰা প্ৰস্তাৱৰ বিপক্ষেও থিয় দিয়ে আমেৰিকাই৷ গতিকে আমেৰিকাৰ এই স্থিতিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক দিশহাৰা কৰি তুলিছে৷ ট্ৰাম্পৰ পুটিনপ্ৰেমত দিশহাৰা হৈ পৰা জেলেনস্কিয়ে কি কৰোঁ, কি নকৰোঁ কৰিবলগীয়া হৈছে৷ কাৰণ আমেৰিকাৰ সমৰ্থনতহে ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ গতিকে ৰাছিয়াৰ ওচৰত নতশিৰ কৰি লাজত পৰাৰ সলনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ ওচৰতে আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ ইউক্ৰেইন সৰ্বহাৰা হ’লেও হ’ব বুলি ভাবি তেওঁ এই সিদ্ধান্ত ল’বলৈ বাধ্য হয়৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে জেলেনস্কিক ক্ষমতালোভী, অবৈধ বুলিও অভিহিত কৰি আহিছে৷


গতিকে ক্ষমতা হেৰুওৱাৰ ভয়তো কম্পমান হৈছে তেওঁ৷ গতিকে আমেৰিকা-ৰাছিয়াৰ ফান্দত পৰা ইউক্ৰেইনে আমেৰিকাৰ প্ৰস্তাৱ মানি ল’বলৈ বাধ্য হৈছে৷ প্ৰকাশিত বাতৰি অনুসৰি জেলেনস্কিয়ে আমেৰিকাক ইউক্ৰেইনৰ ‘আধা সাম্ৰাজ্য’ দিবলৈ মান্তি হৈছে৷ শুকুৰবাৰে তেওঁ আমেৰিকা ভ্ৰমণ কৰিব৷ এই ভ্ৰমণতে জেলেনস্কিয়ে দেশৰ আধা খনিজ সম্পদ আমেৰিকাৰ হাতত তুলি দিয়াৰ চুক্তিত স্বাক্ষৰ কৰিব৷ বাইডেন চৰকাৰে দিয়া সাহায্যৰ প্ৰতিদানস্বৰূপে ট্ৰাম্প চৰকাৰে এই কৌশল প্ৰয়োগ কৰি ইউক্ৰেইনৰ খনিজ সম্পদ নিজৰ হাতলৈ নিয়াৰ  সিদ্ধান্ত লয় আৰু এই জালত পৰে  দিশহাৰা জেলেনস্কি৷