Logo
image

এইবাৰ ৰাজ্যসভালৈ যাব কেজৰিৱাল !

‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰীঃ  সদ্যসমাপ্ত দিল্লীৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ দলটোৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া, প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈন, প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজ, দুৰ্গেশ পাঠক আদিয়েও পৰাজয়ৰ মুখ দেখে৷ তেওঁলোকৰ দৰ্প চূৰ্ণ কৰে দিল্লীৰ ভোটাৰে৷ গতিকে ক্ষমতাহীন হৈ পৰা অৰবিন্দ কেজৰিৱালে এতিয়া ৰাজ্যসভালৈ যোৱাৰ মন মেলাৰ বাতৰি আহিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি অৰবিন্দ কেজৰিৱালে পঞ্জাবৰ পৰা ৰাজ্যসভালৈ যাব পাৰে৷ কাৰণ আম আদমী পাৰ্টীয়ে পঞ্জাবৰ পশ্চিম লুধিয়ানা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ সাংসদ সঞ্জীৱ অ’ৰোৰাৰ নাম ঘোষণা কৰে৷ বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ সাংসদজনক আগবঢ়াই দিয়াত তেওঁৰ পদটো খালী হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিল৷


সেয়ে চৰ্চা চলিছে যে অৰবিন্দ কেজৰিৱালক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ বাবেই আম আদমী পাৰ্টীয়ে এই সিদ্ধান্ত লৈছে৷ অৱশ্যে আম আদমী পাৰ্টীয়ে এই চৰ্চা খাৰিজ কৰি কয় যে অৰবিন্দ কেজৰিৱাল ৰাজ্যসভালৈ নাযায়৷ কিন্তু সময়ত কি হয় কোনোৱে নাজানে৷ কেজৰিৱাল ৰাজ্যসভাৰ সাংসদ হোৱাতো কোনো আচৰিত কথা নহয়৷ উল্লেখ্য, এতিয়ালৈকে পশ্চিম লুধিয়ানা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ তাৰিখেই ঘোষণা কৰা হোৱা নাই, অথচ দলটোৱে ৰাজ্যসভাৰ সাংসদজনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰি বিশেষ ইংগিত দিয়ে৷ হয়তো নৱেম্বৰত হ’বলগীয়া বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ লগতে এই সমষ্টিটোৰ উপ-নিৰ্বাচন হ’ব৷ কিন্তু দলে এতিয়াই সকলো পথ খোলা ৰাখিছে৷ প্ৰয়োজন হ’লে সঞ্জীৱ অ’ৰোৰাই ৰাজ্যসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰিব লাগিব৷